![image](https://aamarasom.com/uploads/posts/vcbb.jpg1736521747.jpg)
আঁহতগুৰিৰ ম'হ যুঁজ সন্দৰ্ভত কি ক'লে মন্ত্ৰী পীয়ূষ হাজৰিকাই?
'আমাৰ অসম'ৰ ৰহাৰ প্ৰতিবেদক, ১০ জানুৱাৰীঃ ভোগালীৰ অন্যতম আকৰ্ষণ ম'হযুঁজ এইবাৰ হ'ব নে নহয় এই লৈ ৰাইজৰ মাজত চৰ্চা অব্যাহত থকাৰ সময়তে শুকুৰবাৰে মৰিগাঁও জিলাৰ আহঁতগুৰি নিৱাসী তথা অসমৰ জলসম্পদ তথা তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই ম'হযুঁজ সন্দৰ্ভত মন্তব্য কৰে৷
ম'হযুঁজ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰিকাই কয়, "ন্যায়ালয়ক মই সন্মান কৰোঁ । হাইকোৰ্টে নিষেধাজ্ঞা দিয়াৰ পাছত মই এজন মন্ত্ৰী হিচাপে ম'হযুঁজ হ'ব লাগে বুলি ক'ব নোৱাৰোঁ৷ কোৱাত অসুবিধা আছে৷ এই অঞ্চলৰ মানুহৰ আবেগ-অনুভূতি মই জানোঁ৷ মই এই অঞ্চলৰ ল'ৰা, ইয়াত জন্ম হৈছোঁ৷ ইয়াতে ৰাজনীতি কৰিছোঁ। সেয়ে ৰাইজৰ আবেগ অনুভূতি মই জানোঁ। সেয়ে মই ৰাইজৰ আবেগক নেউচি কথা কবও নোৱাৰোঁ ৷ পৰম্পৰাগতভাৱে চলি অহা এই যুঁজ সম্পৰ্কে ৰাইজে নিজৰ সিদ্ধান্ত নিজে ল'ব৷"
ইফালে আঁহতগুৰিৰ সমীপৱৰ্তী আমনিশালিলৈ অহা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ম'হযুঁজক লৈ উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিপৰীতে ৰাজ্য চৰকাৰ পুনৰ আদালতত পুনৰ দ্বাৰস্থ হোৱা বুলি কয়৷