
মেট্ৰিক পৰীক্ষাত ১০০ শতাংশ উত্তীৰ্ণ কঠিয়াতলী শংকৰদেৱ বিদ্যা নিকেতনৰ
'আমাৰ অসম'ৰ ডিজিটেল সংবাদ কামপুৰঃ সদ্য ঘোষিত হাই স্কুল শিক্ষান্ত পৰীক্ষাত পৰীক্ষাৰ ফলাফলত নগাঁও জিলাৰ কঠিয়াতলী শংকৰদেৱ বিদ্যা নিকেতনৰ ১০০ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। হাই স্কুল শিক্ষান্ত পৰীক্ষাত কঠিয়াতলী শংকৰদেৱ বিদ্যা নিকেতনৰ মুঠ ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছিল।
তাৰে ২১ গৰাকী প্ৰথম বিভাগত, দ্বিতীয় বিভাগত ১৩ গৰাকী আৰু ১ গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হয়। ইয়াৰে এজনে ডিষ্টিংচন আৰু ৫ গৰাকীয়ে ষ্টাৰ মাৰ্ক লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। আনহাতে বিদ্যালয়ৰ ২০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হয়।