
সদৌ অসম ছাত্ৰ সন্থাৰ বিশেষ অভিনন্দন অনুষ্ঠান
'আমাৰ অসম'ৰ মহানগৰ সংবাদ, ৩ জুনঃ 'সদৌ অসম ছাত্ৰ সন্থাই মেধাৰ যাত্ৰাক আজি স্বীকৃতি দিছে। জ্ঞান আৰু শিক্ষা এখন সমাজৰ হিমালয় সদৃশ। গীতাত কোৱা হৈছে জ্ঞানৰ দৰে পৱিত্ৰ বস্তু একো নাই'-এই ভাষ্য গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক ড০ ননী গোপাল মহন্তৰ। মঙলবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত সদৌ কামৰূপ (ম) জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত বিশেষ সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তেওঁ লগতে কয়, 'শিক্ষা, জ্ঞান আৰু প্ৰজ্ঞা এই তিনিওটাৰে সম্পর্ক আছে। যদিও তিনিটা একে নহয়। জ্ঞানৰ পৰিসৰ শিক্ষাতকৈ বেছি। জ্ঞান বিভিন্ন স্তৰৰ পৰা আহিব পাৰে। সমাজ, সভ্যতাৰ বিকাশৰ বাবে কৰিলে সেয়া হৈ পৰে প্ৰজ্ঞা। প্ৰত্যেকজন ছাত্র-ছাত্ৰীয়ে একো একোটা বট বৃক্ষ। গছৰ শিপা বেয়া হ'লে উভালি পৰে। কৃষ্টি, সংস্কৃতি, স্বকীয়তা আমি ধৰি ৰাখিব লাগিব, জীপাল কৰি ৰাখিব লাগিব। পিতৃ-মাতৃক শুশ্ৰূষা কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলে শৰীৰটো ভালে ৰখাৰ লগতে মনটো প্ৰফুল্ল কৰি ৰাখিব লাগিব। এতিয়া শিক্ষাৰ ধাৰণা সলনি হৈছে। অযোগ্য বুলি মানুহৰ এতিয়া কোনো ধাৰণা নাই। আমি সুখে, দুখে অসমীয়া আৰু আমি একেলগে জীয়াই থাকিব লাগিব। আমাক ভাল উদ্যোগী, ব্যৱসায়ী, সংগীতজ্ঞ লাগে। আমোলাসকল হৈছে ৰাজ্যৰ ধৰণী। আজিৰ প্ৰজন্ম ৰূপান্তৰৰ একো একোটা খনিকৰ হওক তাৰে কামনা কৰিলোঁ।'
অনুষ্ঠানত আন এজন মুখ্য অতিথি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, অধ্যাপক জিতেন হাজৰিকাই কৃতি ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি কয় যে শুদ্ধ সংস্কাৰি আৰু সমৰ্পিত মন এটা লৈ আগবাঢ়িলেহে নিজৰ লক্ষ্যত উপনীত হ'ব পৰা যায়। তেওঁ লগতে কয়, এজন লোক আনৰ জীৱনত কিমান মূল্যবান সেইটো আচল কথা। এখন এ চি গাড়ী লৈ বা এটা অট্টালিকা বনোৱাটো মূল্যবান বা সুখ নহয়, এজন লোকে তেতিয়া হে পৰম প্ৰাপ্তি বা শান্তি পাব পাৰে যেতিয়া এজন লোক আনৰ কাৰণে মূল্যবান হ'ব। আজি ইয়াত থকা শতাধিক ছাত্ৰ-ছাত্ৰী আমাৰ বাবে গুৰুত্বপূৰ্ণ। ভৱিষ্যতে তোমালোক যাতে সমাজ খনৰ বাবেও গুৰুত্বপূৰ্ণ হোৱা তাৰে আশা কৰিলোঁ। এতিয়া ছাত্ৰ-ছাত্ৰী সকলে নুবুজিব, যেতিয়া বয়স হ'ব, যেতিয়া সমাজখনে তোমালোকক নিবিচাৰিব তেতিয়া অনুভৱ কৰিবা যে আমি সমাজখনৰ বাবে একোৱেই নকৰিলোঁ। সমাজখনৰ বাবে মূল্যবান নহয়। সেইবাবে ছাত্ৰ-ছাত্ৰী সকলে আনৰ কাৰণে সমাজ খনৰ বাবে কেনেকৈ মূল্যবান হ'ব পাৰি তাৰ বাবে চেষ্টা কৰা। সভ্যতাৰ গৰিমা দেশখনৰ জনগণেহে বৃদ্ধি কৰে। মানৱ সম্পদ গঢ়িবলৈ অভিভাৱকত্ব লাগিব। সদৌ অসম ছাত্ৰ সন্থাৰ সৃষ্টি হৈছিল একেলগে মিলি কাম কৰাৰ বাবে। আমি বৃহৎ অসমীয়া জাতি, জাতীয়তাবাদৰ জৰিয়তে কেনেকৈ আগবাঢ়ি যাব পাৰো সেইকথা চিন্তা কৰিব লাগিব। সেইজনেই হৈছে প্ৰকৃত মানুহ যি নিজৰ লগতে আনৰো মংগলৰ বাবে কাম কৰে। জ্যেষ্ঠ জনক সন্মান জনাই নিয়মানুবর্তিতা ৰাখি কাম কৰিবলৈ সদৌ অসম ছাত্ৰ সন্থাই আমাক শিকাই গৈছে। বিজ্ঞান হৈছে সত্য আৰু সত্য অবিশ্বাৰ পৰা আহে। নতুন প্ৰজন্মৰ শিক্ষাৰ্থীসকলৰ মাজত আত্মবিশ্বাসৰ প্ৰয়োজন। প্ৰকৃত মূল্যবোধৰ শিক্ষাৰে যাতে আমি আজিৰ সমাজ গঢ়িব পাৰো তাত গুৰুত্ব দিব লাগে।
আনহাতে ভাষণত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্বল কুমাৰ ভট্টাচাৰ্যই কয়, অসমে আজি যি পাইছোঁ সেয়া কেৱল আন্দোলন কৰি হে পাইছে। আন্দোলন নকৰাকৈ আমাক এই কেইখন মান ৰাষ্ট্ৰীয় পৰ্য্যাযৰ শিক্ষানুষ্ঠান লাগে। অসম চুক্তিৰ সাত নং দফাত সেই প্ৰতিশ্ৰুতি দিয়া আছে। বান খহনীয়াই অসমৰ অৰ্থনৈতিক ভেটি ভাঙি চুৰমাৰ কৰি পেলাইছে সেয়েহে ব্ৰহ্মপুত্ৰৰ উপনৈ সমূহক লৈ এটি নদী গৱেষণা প্ৰতিষ্ঠান, ঔষধি গছেৰে ভৰপূৰ অসমত এখন ঔষধি গৱেষণা প্ৰতিষ্ঠানৰ দৰে কেইখন মান ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠান আমাক আন্দোলন নকৰাকৈ লাগে। যদি নিদিয়ে আমি আন্দোলন কৰি হ'লেও লম সেৱা স্পষ্ট কথা। তেওঁ লগতে কয় যে কোনো মেধা সম্পন্ন ছাত্ৰ-ছাত্ৰীয়ে অৰ্থনৈতিক সমস্যাৰ বাবে পঢ়া আধাতে সামৰিব নালাগে। তেওঁলোকৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই সদায় সাৰথি হিচাপে থিয় হৈ আহিছে। বহু মেধাৱী ছাত্ৰ-ছাত্ৰী উচ্চ শিক্ষাৰ বাবে বহিঃ ৰাজ্যলৈ যাব লগা হয়। বাহিৰলৈ পঢ়িব যোৱা সেই বিষয় বোৰ অসমৰ শিক্ষানুষ্ঠান সমূহত খুলিব নোৱাৰি নেকি বুলি তেওঁ প্ৰশ্ন কৰে। তেওঁ কয় যে দিল্লী বিশ্ববিদ্যালয়ত ৮৪টা বিভাগ থকাৰ বিপৰীতে গুৱাহাটী বিশ্ববিদ্যালয়ত আছে ৪৮টা বিভাগ আৰু ডিব্ৰগড় বিশ্ব বিদ্যাল়য়ত ৩১টা বিভাগ। তেওঁ চৰকাৰক বিশ্ববিদ্যালয় সমূহত সেই বিভাগ সমূহ খোলাৰ লগতে শিক্ষক আৰু শ্ৰেণী কথাৰ বৃদ্ধি কৰাৰ দাবী জনায়। ছেৱা আৰু কাউন্সিল একলগ কৰাৰ কথা উল্লেখ কৰি তেওঁ ইয়াৰ মুৰব্বী জন উপাচাৰ্য পৰ্য্যায়ৰ হ'ব লাগে, বিশিষ্ট শিক্ষাবিদক লৈ পৰিচালনা সমিতি গঠনৰ লগতে স্বতন্ত্ৰ ভাবে শৈক্ষিক সিদ্ধান্ত ল'ব লাগে বুলি তেওঁ কয়।
ভাষণত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই কয়, হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিশেষ স্থান ব্যৱস্থা উঠাই দিয়াৰ বিৰোধিতা কৰি কয় যে শিক্ষাৰ্থীয়ে অনুপ্ৰেৰণা লাভ কৰা বিশেষ স্থানৰ ব্যৱস্থাটো কিয় উঠাই দিয়া হ'ল সেৱা ডাঙৰ কথা। অসমত নিয়োগ মুখি আত্মনিৰ্ভৰশীল হোৱাকৈ পাঠ্যক্রম গঢ়ি তোলা নহ'ল বাবে বহু মেধাৱী ছাত্ৰ-ছাত্ৰী দেশৰ বিভিন্ন ৰাজ্যলৈ যাব লগা হয়। অসমত আজিলৈ বনৌঔধি গৱেষণা প্ৰতিষ্ঠান এটি গঢ়ি তোলা নহ'ল। অসমত এডভানন্টেজ আসাম ২.০ অনুষ্ঠিত হোৱাৰ কথা উল্লেখ কৰি উৎপল শৰ্মাই পুনৰ কয় যে অসমৰ শিক্ষাৰ্থীক নতুন কৈ স্থাপন হ'ব লগা কোম্পানী সমূহত নিয়োজিত হ'ব পৰাকৈ সাজু কৰি তুলিব লাগিব। কোম্পানীত চাহ, পানী যোগান ধৰাকৈ নহয় কোম্পানীৰ শীৰ্ষ বিষয়া হোৱাকৈ অসমৰ শিক্ষাৰ্থীসকলক সাজু কৰিব লাগিব। তেওঁ লগতে কয় যে মহাবিদ্যায়ৰ কাউন চেলিং ব্যৱস্থাটো কেৱল নামভৰ্তিৰ সময়ত ব্যৱহাৰ নকৰি ছাত্ৰ-ছাত্ৰী সকলক যি কোনো সময়ত যি কোনো সহায় কৰিব পৰা ধৰণে গঢ়ি তুলিব লাগিব। ইউ পি এছ চিত স্থান লাভ কৰা অসম সন্তানৰ সংখ্যা ক্ৰমাগত ভাৱে হ্ৰাস পাইছে। আনকি অসমৰ পৰা ইউ পি এছ চি ত কিমান গৰাকীয়ে অৱতীৰ্ণ হৈছে সেই তথ্য খিনিও আমাৰ ইয়াত পাবলৈ টান বুলি তেওঁ কয়। আই আই টিৰ দৰে অসমত আৰু এখন প্ৰযুক্তি বিদ্যাৰ শৈক্ষিক প্ৰতিষ্ঠান দিবৰ বাবে চৰকাৰক দাবী জনায় সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি জনে। সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে সদৌ অসম ছাত্ৰ সন্থাৰ দৃষ্টিভংগী ব্যাখ্যা কৰি কয়, নতুন প্ৰজন্মক উৎসাহ জনোৱা আমাৰ মূল উদ্দেশ্য। আহিবলগীয়া সময়বোৰ আমাৰ সময় হ'ব লাগিব। এই শিক্ষাৰ্থীসকলৰ সফলতা কামনা কৰিলোঁ। তেঁওলোক যাতে সমাজৰ প্ৰতি দায়বদ্ধ হৈ থাকে তাৰে কামনা কৰিলোঁ। আমি অসমবাসীৰ অভিভাৱকত্ব বিচাৰিছোঁ। অসমত এনে এটা পৰিবেশ সৃষ্টি কৰিব লাগে যাতে অসমবাসীৰ উন্নয়নৰ বাবে কাম কৰিব পৰা যায়। শিপাৰ সম্পৰ্ক যাতে শেষ হৈ নাযায়। জাতিটোক আমি সদায় জীয়াই ৰাখিব লাগিব।
অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক টুটুমণি কলিতাই স্বাগত ভাষণ দিয়ে। এই বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৮০ নম্বৰ বা তাতোধিক লাভ কৰা ছাত্র-ছাত্রী, উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ কলা শাখাত ৪৭৫ নম্বৰ বা তাতোধিক, বিজ্ঞান শাখাত ৪৭৪ নম্বৰ বা তাতোধিক আক বাণিজ্য শাখাত ৪৫৬ নম্বত বা তাতোধিক লাভ কৰা ছাত্র-ছাত্রীসকলক অভিনন্দন জনাবলৈ বিশেষ অভিনন্দন অনুষ্ঠানৰ আয়োজন কৰা হয়। মুঠ ১০৬জন কৃতি ছাত্ৰ-ছাত্ৰী আৰু ছাত্র-ছাত্রীসকলে যিখন শিক্ষানুষ্ঠানত শিক্ষা গ্রহণ কবি এই সুফল লাভ কৰিলে, সেই শিক্ষানুষ্ঠানৰ সন্মানীয় ৬৬ জন মুৰব্বীক এই অনুষ্ঠানতে অভিনন্দন জনোৱা হয়। এই অনুষ্ঠানটিতে কেন্দ্রীয় লোকসেৱা আয়োগৰ অসামনিক সেৱাৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হোৱা অসমৰ সু-সন্তান ধৃতিৰাজ মিশ্ৰ আৰু ভাস্বত শইকীয়াক বিশেষভাবে অভিনন্দন জ্ঞাপন কৰা হয়। তেওঁলোকে নিজৰ অভিজ্ঞতা ব্যক্ত কৰে। এই অভিনন্দন অনুষ্ঠানটো আঁত ধৰে বেদান্ত কুমাৰ শৰ্মাই। সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ শিল্পীসকলে পৰিবেশন কৰা সমবেত সংগীতৰে অনুষ্ঠানৰ আৰম্ভণি কৰা হয়। সদৌ অসম ছাত্র সন্থাই কেন্দ্রীয়ভাবে আয়োজন কৰা এই বিশেষ অভিনন্দন অনুষ্ঠান অসম সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে।