Logo
image

জেঠমহীয়া পথাৰত নাই পৰ্যাপ্ত পানী!

 'আমাৰ অসম'ৰ ধূপধাৰাৰ প্ৰতিবেদক, ১০ জুনঃ   অতিপাত গৰমে দহিছে সৰ্বসাধৰণ ৰাইজক। বিগত কেইবাদিন ধৰি বৰষুণ নোহোৱাৰ ফলত প্ৰখৰ ৰ'দৰ  বাবে হোৱা অতিমাত্ৰা গৰমে বহু মানুহক একপ্ৰকাৰে অতিষ্ঠ কৰি তোলা পৰিলক্ষিত হৈছে। বিশেষকৈ পথাৰ উপযুক্ত নোহোৱাৰ ফলত কৃষক ৰাইজ জুৰুলা হৈ পৰিছে।  উল্লেখযোগ্য যে বিগত কেইটামান দিনতেই  এফালে উৎকট গৰম, আনফালে খৰাং সদৃশ পৰিস্থিতি হোৱা দেখা গৈছে। উল্লেখ্য যে সৌ সিদিনালৈ কেইবাখনো জিলাত বৰষুণৰ পানীয়ে উপচাই পেলোৱাৰ সময়তে ইয়াৰ আন এক দৃশ্যহে পথাৰবোৰত দেখা গৈছে। যাৰ বাবে কৃষক ৰাইজে দুচিন্তাত দিন অতিবাহিত কৰিবলগীয়া হৈছে।  ইয়াৰ ব্যতিক্ৰম হোৱা নাই গোৱালপাৰা জিলাও। গোৱালপাৰা জিলাৰ  বিভিন্ন প্ৰান্তৰ লগতে পূব প্ৰান্তৰ ধূপধৰা অঞ্চলৰ খেতি পথাৰত দেখিবলৈ পোৱা নাই পৰ্যাপ্ত পৰিমাণৰ পানী। যাৰ বাবে কৃষকসকল বিপদত পৰি ভীষণ সমস্যাত পৰিছে। আনহাতে  বৃহত্তৰ অঞ্চলটোৰ ৰাইজেই কৃষিৰ ওপৰত নিৰ্ভৰশীল আৰু ইয়াৰ ওপৰত ভিত্তি কৰি কৃষি কাৰ্য চলাই জীৱন নিৰ্বাহ কৰে। 


তদুপৰি বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰি বৃহত্তৰ  অঞ্চলটোৰ  কৃষক  ৰাইজে  খেতি কৰে যদিও  বৰ্তমানলৈ এই আশা দেখা নোপোৱাত এক প্ৰকাৰে বিবুদ্ধিত পৰিবলগীয়া হৈছে। ইপিনে কিছু সংখ্যক কৃষক ৰাইজে কঠীয়া বীজ সিঁচিছে যদিও বাকী বেছি সংখ্যকে কঠিয়া সিঁচিবলৈ আছে লগতে জেঠ মাহৰ শেষৰ  বতৰতো পথাৰত পানী নোহোৱাত  ভালদৰে কৃষি কৰ্মত কাৰ্যনিৰ্বাহ কৰিব নোৱাৰাৰ ফলত  অস্থিৰতাই বিৰাজ কৰিছে।  আনহাতে অঞ্চলটোত  জলসিঞ্চন বিভাগৰ  আঁচনিৰ প্ৰকল্প আছে যদিও তাৰ পৰা যথেষ্ট উপকৃত হোৱা নাই।  সেয়েহে বছৰ বছৰ ধৰি বৰষুণৰ পানীৰ ওপৰত নিৰ্ভৰ কৰা কৃষক ৰাইজে  এজাক ধাৰাসাৰ বৰষুণৰ অপেক্ষা কৰি অধীৰ আগ্ৰহৰে ৰৈ আছে।