Logo
image

কৰ’নাৰ প্ৰতিষেধক স্পুটনিক-৫ৰ উদ্ভাৱক এণ্ড্ৰেই বটিক’ভক হত্যা

আমাৰ অসমন, ৬ মাৰ্চঃ কৰ’না ভাইৰাছ নিৰ্মূলকাৰী প্ৰতিষেধক স্পুটনিক-৫১ উদ্ভাৱক ৰাছিয়াৰ যুৱ বিজ্ঞানী এণ্ড্ৰেই বটিক’ভক অজ্ঞাত আততায়ীয়ে হত্যা কৰাৰ ঘটনাত বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে৷ এজন অজ্ঞাতকুলশীল ব্যক্তিয়ে বিজ্ঞানীজনৰ বাসগৃহত প্ৰৱেশ কৰি তেওঁৰ ডিঙিত বেল্টেৰে পকাই শ্বাসৰুদ্ধ কৰি হত্যা কৰে৷ ৰাছিয়াৰ প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠান ‘টাছ’ৰ উপৰি দেশখনৰ বিভিন্ন সংবাদ মাধ্যমে এই খবৰ প্ৰকাশ কৰাৰ লগে লগে বিজ্ঞানী মহলত চাঞ্চল্যৰ সৃষ্টি হয়৷ কিয়নো ক’ভিড অতিমাৰীয়ে সমগ্ৰ বিশ্বত সংহাৰ চলাই থকাৰ সময়ত ৰাছিয়াই প্ৰথমটো ক’ভিডৰ প্ৰতিষেধক উদ্ভাৱন কৰিছিল৷ 

সেই ক’ভিডৰ প্ৰতিষেধকৰ নাম আছিল স্পুটনিক-৫৷ এই ক’ভিড প্ৰতিষেধকৰ উদ্ভাৱক হিচাপে বিশ্বজুৰি পৰিচিত হৈ পৰিছিল ৪৮ বছৰীয়া যুৱ বিজ্ঞানী এণ্ড্ৰেই বটিক’ভ৷ সেই যুৱ বিজ্ঞানীজন যোৱা বৃহস্পতিবাৰে যিজন অজ্ঞাত আততায়ীয়ে হত্যা কৰা বুলি সন্দেহ কৰা হৈছে তেওঁক ইতিমধ্যে দেশখনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ ‘ইনভেষ্টিগেটিভ  কমিটী অব ৰাছিয়া’ অৰ্থাৎ আইচিআৰে এই হত্যাৰ ঘটনাৰ তদন্ত কৰিছে৷ আইচিআৰে জনোৱা মতে তেওঁলোকে সন্দেহযুক্ত হত্যাকাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰু ২৯ বছৰীয়া এই অভিযুক্তৰ নাম এলেক্সেই জেদ বুলি প্ৰকাশ কৰিছে৷ তদন্তকাৰী সংস্থাটোৱে জনোৱা মতে নিহত বিজ্ঞানীজনক শ্বাসৰুদ্ধ কৰি হত্যা কৰাৰ প্ৰমাণ পোৱা গৈছে৷ তদুপৰি হত্যাকাৰীয়ে বিজ্ঞানীজনক হত্যা কৰাৰ ক্ষেত্ৰত আন অস্ত্ৰৰো সহায় লৈছিল বুলি সন্দেহ কৰা হৈছে৷