Logo
image

আইনৰ ঊধবৰ্ত নহয়! প্ৰধানমন্ত্ৰী ছুনকক ব্ৰিটিছ আৰক্ষীৰ ধমকি

লণ্ডন, ১৬ মাৰ্চঃ নিয়ম ভংগৰ অভিযোগত আৰক্ষীৰ সকীয়নিৰ হ’বলগা হ’ল বৃটেইনৰ প্ৰধানমন্ত্ৰী ঋষি ছুনক৷ পোহনীয়া কুকুৰ এটাৰ বাবে আৰক্ষীৰ সকীয়নিৰ সন্মুখীন হ’বলগা হৈছে প্ৰধানমন্ত্ৰীগৰাকী৷ উল্লেখ্য যে লণ্ডনৰ হাইড উদ্যানত এটা লেব্ৰাড’ প্ৰজাতিৰ দুবছৰীয়া কুকুৰ লৈ সান্ধ্য ভ্ৰমণ কৰি আছিল ছুনকে৷ লগত তেওঁৰ পত্নীও আছিল৷ পিছে কুকুৰটোৰ ডিঙিত এডাল বেল্ট আছিল যদিও তাৰ সৈতে নাছিল কোনো শিকলি৷ এনে অৱস্থাত কুকুৰটো উদ্যানখনত দৌৰি ফুৰিছিল৷ কিন্তু উদ্যানখনৰ নিয়ম তেনেকুৱা নহয়৷ তাত কুকুৰ লৈ ফুৰিবলৈ হ’লে কুকুৰৰ ডিঙিত শিকলি বন্ধাটো বাধ্যতামূলক৷ 

সেয়ে আৰক্ষীৰ মতে ঋষি ছুনকে উদ্যানখনৰ নিয়ম ভংগ কৰিছে৷ উদ্যানখনত কুকুৰটোৱে ইফালে-সিফালে দৌৰি থকা দেখি আৰক্ষী আগবাঢ়ি আহে আৰু এগৰাকী মহিলাক উদ্যানখনৰ নিয়মাৱলীৰ বিষয়ে জনায়৷ ইয়াৰ পাছতে মহিলাগৰাকীয়ে কুকুৰটোৰ ডিঙিত শিকলিৰে বান্ধে৷ বহুতৰে ধাৰণা, আৰক্ষীয়ে কথা পতা মহিলাগৰাকী প্ৰধানমন্ত্ৰী ঋষি ছুনকৰ পত্নী আছিল৷ ইপিনে উদ্যানখনত ফুৰিবলৈ অহা একাংশ লোকে এই সমস্ত ঘটনা ম’বাইল ফোনত আৱদ্ধ কৰি ৰাখে৷ সেই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাত বহুতৰে সমালোচনাৰ পাত্ৰ হৈ পৰে প্ৰধানমন্ত্ৰী ছুনাক৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে গাড়ী চলাই থাকোতে ছীটবেল্ট পৰিধান নকৰাৰ বাবে এশ পাউণ্ড জৰিমনা ভৰিবলগা হৈছিল ঋষিয়ে৷