Logo
image

নিৰাপত্তা প্ৰত্যাহাৰ! উদ্বিগ্ন ৰাজ্যপাল সত্যপাল মালিক

আমাৰ অসম, ১৬  মাৰ্চঃ জম্মু কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ জেড প্লাচ নিৰাপত্তা প্ৰত্যাহাৰ কৰিছে কেন্দ্ৰই৷ বৰ্তমান এজন ব্যক্তিগত নিৰাপত্তাৰক্ষীহে ৰৈছেগৈ প্ৰাক্তন ৰাজ্যপালগৰাকীৰ ওচৰত৷ এনে একে সময়ত তেওঁৰ জীৱনলৈ প্ৰাণৰ সংশয় আহি পৰিব বুলি আশংকা কৰিছে প্ৰাক্তন ৰাজ্যপাল সত্যপালে৷ প্ৰসংগটোক লৈ একাধিক ৰাজ্যৰ প্ৰাক্তন ৰাজ্যপালে মন্তব্য কৰিছে যে সত্যপালৰ প্ৰাণৰ সংশয় আহিলে দায়ী হ’ব কেন্দ্ৰীয় চৰকাৰেই৷ ২০১৮ চনৰ ২০ আগষ্টৰ পৰা ২০১৯ বৰ্ষৰ ৩০ অক্টোবৰ পৰ্যন্ত জম্মু-কাশ্মীৰৰ ৰাজ্যপাল পদ অলংকৃত কৰিছিল সত্যপাল মালিকে৷ ২০১৯ বৰ্ষৰ ৪ আগষ্টত জম্মু আৰু কাশ্মীৰক দুখন পৃথক কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে ভাগ কৰা হয়৷ তেওঁ  ৰাজ্যপাল থকা সময়ত জম্মু আৰু কাশ্মীৰত ৰাষ্ট্ৰপতি শাসন জাৰি  হয়৷ যাৰ ফলত সংবিধানৰ বিশেষ মৰ্যাদা হেৰুৱাই ভু-স্বৰ্গই৷  যাক লৈ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ এই ঘটনাই আন্তৰ্জাতিক মঞ্চই জবাবদিহি কৰে ভাৰতক৷ পাকিস্তানেও ইয়াৰ বিৰোধিতা কৰে৷ উগ্ৰপন্থী সংগঠনে ভাৰতক আক্ৰমমৰ হুমকিও দিয়ে৷ এনে পৰিপ্ৰেক্ষিতত কেন্দ্ৰই জেড প্লাচ নিৰাপত্তা প্ৰত্যাহাৰ কৰাত প্ৰাণৰ আশংকাত ভুগিছে প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকে৷