Logo
image

গুৱাহাটীত কেৰালা আয়ুৰ্বেদিক চকু চিকিৎসালয়ৰ বিনামূলীয়া চকু পৰীক্ষা শিবিৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ: ৰ'টাৰী অৱ গুৱাহাটী মেট্ৰ'ই  ১৮ আৰু ১৯ মার্চত দুদিনীয়া কাৰ্যসূচীৰে কেৰালাৰ প্ৰখ্যাত আয়ুৰ্বেদিক চকু চিকিৎসালয়ৰ উদ্যোগত গীতানগৰ থানাৰ বিপৰীত দিশত অৱস্থিত কে জি এম টি হাস্পতালত বিনামূলীয়াকৈ আয়ুৰ্বেদিক চকু পৰীক্ষা শিবিৰৰ আয়োজন কৰিছে। উল্লেখযোগ্য যে ধৰিয়াম আয়ুৰ্বেদিক চকু চিকিৎসালয়, কেৰালাৰ আয়ুৰ্বেদিক চিকিৎসাৰ দ্বাৰা ভাৰতৰ লগতে বিদেশৰ অতি জটিল চকুৰ ৰোগীকো সুস্থ কৰি তুলিছে। কেনিয়াৰ প্রধানমন্ত্ৰী ৰাইলা অডিংগাৰ কন্যাৰো হেৰুওৱা দৃষ্টিশক্তি পুনৰ ঘূৰাই আনিবলৈ সক্ষম হৈছে তেওঁলোকে। আনহাতে উদ্যোক্তাসকলে দুদিনীয়া শিবিৰত ভাগ ল'ব বিচৰা আগ্ৰহী প্ৰশিক্ষাৰ্থীসকলক ৰ'টাৰীয়ান অশোক গোৱেল, আৰ পি সুৰেকা, বিকাশ বিজয়বৰ্গীয়া আৰু সতীশ কাছেৰাৰ সৈতে যোগাযোগ কৰি শিবিৰত ভাগ লব পাৰিব বুলি কয় ।