Logo
image

থাইৰয়েডৰ সমস্যাৰ পৰা সাৰিবলৈ এইবোৰ অভ্যাস কৰক

আজি-কালি প্ৰায়ভাগৰে মুখত থাইৰয়েডৰ সমস্যাৰ বিষয়ে শুনিবলৈ পোৱা যায়৷ এবাৰ এই সমস্যাত আক্ৰান্ত হ’লে, ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো জটিল হৈ পৰে৷ থাইৰয়েড ডিঙিত থাকে৷ এই গ্ৰন্থিৰ মূল কাম  হৈছে শৰীৰত কিছুমান অত্যাৱশ্যকীয় হৰমনৰ উৎপাদন কৰা৷ কিন্তু মানৱ শৰীৰৰ বাবে থাইৰয়েডে উৎপাদন কৰা হৰমনৰ এটা নিৰ্দিষ্ট মাত্ৰা আছে৷  থাইৰয়েডে উৎপাদন কৰা হৰমনৰ মাত্ৰা যদি কম বা বেছি হয়, তেন্তে শৰীৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰে৷ পিছে নিয়ন্ত্ৰিত খাদ্যাভ্যাস আৰু জীৱনশৈলী সঠিকভাৱে ৰাখিলে থাইৰয়েড নিয়ন্ত্ৰণ কৰিব পৰা যায়৷ যিসকলৰ থাইৰয়েডৰ সমস্যা আছে তেওঁলোকে এইকেইটা উপায়েৰে এই সমস্যাৰ পৰা সকাহ পাব পাৰে–
- জাংক ফুডৰ পৰা আঁতৰি থাককঃ থাইৰয়েডৰ সমস্যাৰ পৰা ৰেহাই পাবলৈ হ’লে জাংকফুড বা প্ৰক্ৰিয়াজাত খাদ্যৰ পৰা আঁতৰি থাকক৷  
- নিতৌ শৰীৰ চৰ্চা কৰকঃ শাৰীৰিক বা মানসিক সমস্যা হোৱাৰ এটা অন্যতম কাৰণ হৈছে অনিয়মীয়া জীৱন-যাপনৰ অভ্যাস৷ সেয়ে নিতৌ  শৰীৰ চৰ্চা কৰা উচিত৷ শৰীৰ চৰ্চা, যোগাসন, প্ৰাতঃভ্ৰমণ আদি কৰাৰ অভ্যাসে শৰীৰ অতিৰিক্ত কেলৰি নাইকিয়া কৰে৷ ফলত শৰীৰ সুস্থ ৰাখে৷ শৰীৰ চৰ্চাই থাইৰয়েডৰ সমস্যাৰ পৰাও সহজে সকাহ দিয়ে৷
- খাদ্য লাহে লাহে খাওকঃ বহুতে খাদ্য বস্তু জধে-মধে খায়৷ এই অভ্যাস স্বাস্থ্যৰ বাবে বেয়া৷ যিকোনো খাদ্য লাহে লাহে আৰু ধীৰে-সুস্থিৰে চোবাই খাওক৷ মনোযোগেৰে ভালদৰে খাদ্য চোবাই খালে থাইৰয়েড আৰু মনৰ সৈতে সংযোগ ঘটে৷ ফলত থাইৰয়েড গ্ৰন্থিয়ে বিপাক নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ 
- সেউজীয়া পাছলি ৰান্ধি খাওকঃ বিভিন্ন গৱেষণাত প্ৰমাণিত হৈছে  যে কিছুমান শাক-পাচলি আছে, যিবোৰ কেঁচাই খালে থাইৰয়েড গ্ৰন্থিৰ কাম-কাজ ব্যাহত হৈ পৰে৷ যেনে বন্ধাকবি, ব্ৰকলী, ফুলকবি আদি কেঁচাই খালে থাইৰয়েড গ্ৰন্থিৰ ভাৰসাম্যতা নষ্ট হয়৷ সেয়ে এনে পাচলি কেঁচাই চালাড হিচাপে নাখাই ৰান্ধি খোৱা কৰক৷