Logo
image

মহানগৰীৰ দুই অপহৃত শিশুক বিহাৰৰ অৰণ্যত উদ্ধাৰ

আমাৰ অসম, ১৯ মাৰ্চঃ মহানগৰ আৰক্ষীৰ প্ৰশংসনীয় পদক্ষেপ৷ অৱশেষত বিহাৰৰ অৰণ্যৰ পৰা গুৱাহাটীৰ অপহৃত দুই শিশুক মহানগৰ আৰক্ষীয়ে বিহাৰ আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ অতি সংবেদনশীল আৰু স্পৰ্শকাতৰ শিশু অপহৰণ গোচৰটো মহানগৰ আৰক্ষীয়ে অতি সাৱধানেৰে শিশু দুটিক সুস্থ শৰীৰেৰে ৪৮ ঘণ্টাৰ ভিতৰত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ বৃহস্পতিবাৰৰ পৰা দুঃচিন্তাত থকা পৰিয়ালটোলৈ ৪৮ ঘণ্টাৰ মূৰত ভাল খবৰ অহাত উৎফুল্লিত হৈ পৰে৷ গুৱাহাটী আৰক্ষী আয়ুক্ত দিগন্ত বৰাই জনোৱা মতে, মহানগৰীৰ তেতেলীয়াৰ দুটি শিশুক অপহৰণ কৰি নিয়াৰ অভিযোগ লাভ কৰাৰ পাছতেই মহানগৰ আৰক্ষী সক্ৰিয় হৈ পৰে৷ অপহৰণকাৰীয়ে শিশু দুটিৰ মুক্তিপণৰ বিনিময়ত ফোনযোগে পিতৃ মদন কুমাৰৰ পৰা ১০ লাখ টকা দাবী কৰিছিল৷ উক্ত ম’বাইল ফোনটো ট্ৰেচ কৰি অপহৰণকাৰী বিহাৰৰ বৈশালী জিলাৰ মুহুৱা থানা এলেকাত থকা বুলি ধৰা পেলায়৷ এই তথ্য লাভ কৰাৰ পাছতেই মহানগৰ আৰক্ষীৰ এটা দল শুকুৰবাৰে পুৱাৰ ভাগত বিহাৰ অভিমুখে ৰাওনা হয়৷ 


শনিবাৰে পুৱা ৪ বজাত মহানগৰ আৰক্ষীয়ে বিহাৰ আৰক্ষীৰ সহযোগত বিহাৰৰ বৈশালী জিলাৰ মুহুৱা এলেকাত অপহৰণকাৰীৰ বিৰুদ্ধে অভিযান চলাই আছিল৷ আৰক্ষী অহা প্ৰত্যক্ষ কৰি অপহৰণকাৰী সুধিৰ কুমাৰে শিশু দুটিক অৰণ্যত গতা মাৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে৷ আৰক্ষীৰ দলটোৱে অৰণ্যৰ পৰা শিশু দুটিক সো-শৰীৰে উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ উদ্ধাৰ কৰা শিশু দুটিক লগত লৈ মহানগৰ আৰক্ষীৰ এটা দল গুৱাহাটী অভিমুখে ৰাওনা হৈছে৷ আন এটা আৰক্ষীৰ দলে অপহৰণকাৰী সুধিৰ কুমাৰক গ্ৰেপ্তাৰ কৰিবলৈ বিহাৰত তীব্ৰ অভিযান চলাই আছে৷ ইতিমধ্যে মহানগৰ আৰক্ষীয়ে শিশু অপহৰণ গোচৰৰ সংক্ৰান্তত জালুকবাৰীৰ পৰা এজন লোকক গ্ৰেপ্তাৰ কৰিছে৷ শিশু দুটিক অপহৰণ কৰাৰ সময়ত গাড়ীখনত দুজন লোক আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ শিশু অপহৰণ-কাণ্ডত জড়িত সকলো অপৰাধীক গ্ৰেপ্তাৰ কৰা হ’ব বুলি আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ঘোষণা কৰে৷ উল্লেখ্য যে বৃহস্পতিবাৰে সন্ধিয়া ৫ বজাত মহানগৰীৰ মালিগাঁৱৰ তেতেলিয়াৰ ঘৰৰ চোতালতেই খেলত ব্যস্ত আছিল মদন ৰয়ৰ দুই সন্তান ক্ৰমে বিবেক কুমাৰ আৰু অজিত কুমাৰ৷ 

মাতৃ ঘৰৰ ভিতৰত থকা অৱস্থাতেই সন্তান দুটিক এখন মাৰুতি ৱেগেনাৰত অহা দুজন অপহৰণকাৰীয়ে ফুচুলাই উঠাই লৈ যায়৷ দীৰ্ঘসময় সন্তান দুটিৰ কোনো মাত বোল নুশুনি মাতৃয়ে ঘৰৰ ওচৰে-পাজৰে বিচাৰ-খোচাৰ কৰে যদিও সন্তান দুটিৰ কোনো সন্ধান লাভ কৰাত ব্যৰ্থ হয়৷ ইফালে, ওচৰ-চুবুৰীয়াই শিশু দুটি নোহোৱা হোৱা বুলি খবৰ লাভ কৰাৰ পাছতেই মাতৃক অৱগত কৰে যে এখন মাৰুতি ৱেগেনাৰত অহা দুজন লোকে সন্তান দুটিক উঠাই লৈ যোৱা একাংশই প্ৰত্যক্ষ কৰিছে৷ এই তথ্যৰ ভিত্তিতেই লগে লগে পৰিয়ালটোৱে আৰক্ষীক খবৰ দিয়ে৷ ঘটনাৰ তদন্ত ইতিমধ্যে আৰম্ভ কৰিছিল জালুকবাৰী আৰক্ষীয়ে৷ ইফালে, সন্তান দুটিৰ পিতৃ মদন ৰয়ে অভিযোগ কৰা মতে, তেওঁৰ সন্তান দুটিক অপহৰণ কৰিছে তেওঁৰে বন্ধু তথা গাড়ীচালক সুধিৰ কুমাৰে৷ আনকি সন্তান দুটিৰ নিখোজ হোৱাৰ খবৰ পোৱা মাত্ৰকেই তেওঁ সুধিৰ কুমাৰলৈ ফোন কৰিছিল যদিও সুধিৰ কুমাৰে ফোনৰ কানেকচন কাটি ছুইচ অফ কৰি ৰাখে৷ অপহৰণ হোৱা সন্তান দুটিৰ পিতৃ মদন ৰয়ে প্ৰকাশ কৰা মতে, সন্তান দুটিৰ পিতৃৰ সৈতে একেলগে গাড়ী চলোৱা সুধিৰ কুমাৰৰ কিছু মতবিৰোধো ঘটিছিল৷ আনকি এইজন সুধিৰ কুমাৰে মদনৰ গাড়ী গোপনে বিক্ৰীৰো চেষ্টা চলাইছিল৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে বিহাৰ আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে বুলিও জানিবলৈ দিছে৷ গুৱাহাটীৰ মাজমজিয়াত দুটাকৈ শিশু অপহৰণৰ ঘটনাই স্বাভাৱিকতে সৃষ্টি কৰিছিল তীব্ৰ প্ৰতিক্ৰিয়া৷ শেষতীয়াকৈ মহানগৰ আৰক্ষীয়ে ৪৮ ঘণ্টাৰ মূৰত শিশু দুটিক উদ্ধাৰ কৰি ৰাইজৰ পৰা প্ৰশংসা বুতুলিবলৈ সক্ষম হৈছে৷ আনকি আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ তৎপৰতাৰ বাবেই শিশু দুটিক বিহাৰৰ পৰা সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি মহানগৰবাসীয়ে আৰক্ষী আয়ুক্ত দিগন্ত বৰাক কৃতজ্ঞতা জ্ঞাপন কৰে৷