Logo
image

ইমৰান আদালতত! ঘৰত বুলড’জাৰ, ১০ হাজাৰ আৰক্ষী

আমাৰ অসম, ১৯ মাৰ্চঃ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে তেওঁৰ বিৰুদ্ধে থকা গোচৰৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে ইছলামবাদলৈ ৰাওনা হোৱাৰ লগে লগে ইমৰান খানৰ লাহোৰৰ জামান পাৰ্কত থকা বাসগৃহৰ গেট বুলড’জাৰেৰে ভাঙি ১০ হাজাৰ আৰক্ষীয়ে প্ৰৱেশ কৰাত ভয়ংকৰ উত্তেজনাৰ সৃষ্টি হৈছে৷ পাকিস্তান টেহৰিক ই ইছলাম ৰাজনৈতিক দলৰ মুৰব্বী তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক গ্ৰেপ্তাৰৰ পৰা ৰক্ষা কৰাৰ বাবে তেওঁৰ বাসভৱনৰ বাহিৰে-ভিতৰে কেইবাহাজাৰ দলীয় সমৰ্থক উপস্থিত আছিল৷ ইমৰান খান তেওঁৰ বাসভৱনৰ পৰা বাহিৰ হোৱাৰ লগে লগে বিগত প্ৰায় এসপ্তাহ ধৰি বাসভৱনৰ বাহিৰত অপেক্ষা কৰি থকা লাহোৰৰ আৰক্ষীয়ে বলপূৰ্বকভাৱে বুলড’জাৰ চলাই ইমৰান খানৰ বাসভৱনৰ গেট ভাঙি ভিতৰত প্ৰৱেশ কৰে৷ 

আৰক্ষীৰ এই বলপূৰ্বক কাৰ্য বিগত এসপ্তাহৰ দৰে শনিবাৰেও পিটিআইৰ দলীয় সমৰ্থকে বাধা প্ৰদান কৰাত আৰক্ষী আৰু ইমৰানৰ সমৰ্থকৰ মাজত ভয়ংকৰ খণ্ডযুদ্ধৰ  সৃষ্টি হয়৷ আৰক্ষীয়ে লাঠীচালনা কৰাৰ লগতে কন্দুৱা গেছ প্ৰয়োগ কৰি সমৰ্থকসকলক চত্ৰভংগ দিয়াবলৈ চেষ্টা কৰে৷ সেই সময়ত ইমৰান খানৰ বাসভৱনৰ চৌহদত উভয় পক্ষৰ মাজত তীব্ৰ সংঘৰ্ষৰ সৃষ্টি হয়৷ আনহাতে, ইছলামাবাদৰ উচ্ছ ন্যায়ালয় অভিমুখে আগবঢ়া ইমৰান খানৰ কনভয়ৰ এখন গাড়ী পথৰ মাজতে দুৰ্ঘটনাগ্ৰস্ত হৈ উলটি যায়৷ ইমৰান খানক ইছলামবাদলৈ সমগ্ৰ পথ বিশাল সংখ্যক সমৰ্থকে ঘেৰি ধৰি আগবঢ়াই নিয়ে৷ উল্লেখ্য, টোছাখানা গোচৰকে ধৰি মুঠতে ৯ টা  গোচৰত অভিযুক্ত ইমৰান খানক গ্ৰেপ্তাৰ নকৰিবলৈ ইতিপূৰ্বে পাকিস্তান উচ্ছ ন্যায়ালয়ে নিৰ্দেশ জাৰি কৰিছিল৷ তথাপি ইমৰান খানক গ্ৰেপ্তাৰ কৰাৰ বাবে তেওঁৰ বাসভৱনৰ সন্মুখত এসপ্তাহ ধৰি লাহোৰ আৰক্ষীয়ে খাপপিটি আছিল৷ ঘাইকৈ ইমৰানৰ সমৰ্থকৰ বাধাৰ বাবে আৰক্ষীয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীজনৰ বাসভৱনত সোমাবলৈ সক্ষম হোৱা নাছিল৷ 

বিগত এসপ্তাহ ধৰি আৰক্ষীৰ সৈতে সমৰ্থকৰ চেগাচোৰোকাকৈ সংঘৰ্ষ চলি আছিল৷ আদালতে গ্ৰেপ্তাৰ নকৰাৰ বাবে নিৰ্দেশ দিলেও ইমৰান খানে আৰক্ষীক বিশ্বাসত নলৈ অৱশেষত নিজেই আদালতত উপস্থিত থাকিবলৈ শনিবাৰে ৰাওনা হয়৷ পিছে ইছলামবাদত তেওঁ উপস্থিত হোৱাৰ পাছতো বিশাল সংখ্যাত সমৰ্থকে তেওঁৰ গাড়ী আৰু কনভয় বেৰি ৰখাত ইমৰান খান আদালতত উপস্থিত হ’বলৈ সক্ষম নহ’ল৷ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ থকাত আৰু সুবিধাজনক নেদেখি বিচাৰকে তেওঁক আদালত চৌহদৰ পৰাই উভতি যাবলৈ নিৰ্দেশ দিয়ে৷ ন্যায়াধীশে জনাই যে ইমৰান খান সোঁশৰীৰে আদালতৰ মজিয়াত উপস্থিত নাথাকিলেও ইতিপূৰ্বে আদালতে প্ৰদান কৰা নিৰ্দেশ কাৰ্যকৰী হ’ব৷  অৰ্থাৎ দুৰ্নীতিৰ গোচৰত ইমৰান খানক আৰক্ষীকে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব৷ সেই নিৰ্দেশ শুনাৰ পাছত বিশাল সমৰ্থকক আগে পিছে লৈ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানে পুনৰ লাহোৰলৈ ওভতনি যাত্ৰা আৰম্ভ কৰিছে৷ ইপিনে লাহোৰ আৰক্ষীয়ে ইমৰান খানৰ দলৰ ৬১ জন সমৰ্থকক গ্ৰেপ্তাৰ কৰিছে৷ উভয় পক্ষৰ মাজত সংঘটিত সংঘৰ্ষত বহু সংখ্যক সমৰ্থক আহত হৈছে৷ ইমৰান খানৰ সমৰ্থকে শিলগুটি দলিওৱাৰ ফলত আহত হৈছে কেইবাজনো আৰক্ষীৰ লোক৷ লাহোৰ আৰক্ষীয়ে বলপূৰ্বকভাৱে ইমৰান খানৰ জামান পাৰ্কৰ বাসভৱনত প্ৰৱেশ কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে বে-আইনীভাৱে ৰখা বহু অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা বুলি দাবী কৰিছে৷ 

লাহোৰ আৰক্ষীয়ে দাবী কৰা অনুসৰি তেওঁলোকে কেইবাটাও ৰাইফলৰ উপৰি এটা কালাছনিকভ ৰাইফলো ইমৰান খানৰ বাসভৱনৰ পৰা উদ্ধাৰ কৰিছে৷ তেওঁলোকে ইমৰান খানৰ বাসভৱনত বোমা তৈয়াৰ কৰা সমগ্ৰী, পেট্ৰ’ল বোমাৰ বটল, বিস্ফোৰক পদাৰ্থ কৰা বুলি দাবী জনাইছে৷ মুঠতে ২০ টা ৰাইফল উদ্ধাৰ কৰা ইমৰান খানৰ জামান পাৰ্কৰ বাসভৱনৰ বিশাল চৌহদত বাংকাৰো খান্দি থোৱা হৈছে বুলি লাহোৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ ইতিমধ্যে লাহোৰ আৰক্ষীয়ে বে-আইনী অস্ত্ৰ বাসভৱনত মজুত ৰখাৰ অভিযোগত ইমৰান খানৰ বিৰুদ্ধে নতুন গোচৰ ৰুজু কৰিছে৷ ইমৰানৰ ৰাজনৈতিক দলৰ শীৰ্ষ নেতাই অভিযোগ কৰা অনুসৰি আদালতে ৯ টা গোচৰত ইমৰান খানক গ্ৰেপ্তাৰৰ পৰা ৰেহাই দি থোৱাৰ বাবে নতুন গোচৰ ৰুজু কৰি আৰক্ষীয়ে তেওঁক ভুৱা গোচৰত গ্ৰেপ্তাৰৰ ফন্দি কৰি অস্ত্ৰ উদ্ধাৰৰ তথ্য প্ৰকাশ কৰিছে৷ স্বয়ং ইমৰান খান আৰু তেওঁৰ দলৰ শীৰ্ষ নেতাৰ মতে লাহোৰৰ বাসভৱনত ইমৰান খানৰ পত্নী বুছৰা বেগম অকলশৰীয়াকৈ আছে৷ তেওঁৰ বাসভৱনত কোনোধৰণৰ বে-আইনী অস্ত্ৰ-শস্ত্ৰ নাই৷ আৰক্ষীয়ে যিকোনো উপায়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ লক্ষ্যৰে ইমৰান নথকা অৱস্থাত বলপূৰ্বকভাৱে প্ৰৱেশ কৰি তেওঁৰ বাসভৱনৰ পৰা অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ হোৱাৰ নাটক ৰচনা কৰিছে৷ আদালতে ৰেহাই দি থোৱা পূৰ্বৰ ৯ টা গোচৰত যিহেতু আৰক্ষীয়ে ইমৰান খানক গ্ৰেপ্তাৰ কৰিব নোৱাৰিব সেয়ে তেওঁক নতুন গোচৰত অভিযুক্ত কৰা হৈছে আৰু সেয়া কৰা হৈছে ইমৰানৰ অনুপস্থিতিত৷ ইমৰান খানৰ অভিযোগ, দুৰ্নীতিগ্ৰস্ত চৰকাৰখনে তেওঁক বলপূৰ্বকভাৱে কাৰাবন্দী কৰি ৰখাৰ ফন্দি পাতিয়েই অস্ত্ৰ উদ্ধাৰ হোৱাৰ ভুৱা নাটক ৰচনা কৰিছে৷ ইমৰান খানে ইছলামাবাদলৈ ৰাওনা হোৱাৰ সময়তে কয় যে, তেওঁক চৰকাৰে যিকোনো উপায়েৰে গ্ৰেপ্তাৰ কৰিবই৷ সেয়ে তেওঁ এখন কমিটী গঠন কৰি দিছে৷ ইমৰান খান কাৰাবন্দী হৈ থকা অৱস্থাত দলৰ সকলো চুড়ান্ত সিদ্ধান্ত সেই কমিটীখনে গ্ৰহণ কৰিব৷ ইমৰান খান আৰু তেওঁৰ দলৰ শীৰ্ষ নেতাৰ দাবী, দেউলীয়া হৈ পৰা দুৰ্নীতিগ্ৰস্ত চৰকাৰখনে ইমৰান খানৰ জনপ্ৰিয়তাত শংকিত হৈ তেওঁক যিকোনো উপায়ে কাৰাবন্দী কৰি ৰখাৰ গত্যন্তৰ নাই বুলি ভাবিছে৷