Logo
image

প্ৰধানমন্ত্ৰী কোন! বিভ্ৰান্ত সাংসদ কুইন ওজা

আমাৰ অসম, ২০ মাৰ্চঃ বৰ্তমান দেশৰ প্ৰধানমন্ত্ৰী কোন? নৰেন্দ্ৰ মোদী নে হিমন্ত বিশ্ব শৰ্মা৷ বিজেপিৰ গুৱাহাটী সমষ্টিৰ সাংসদ কুইন ওজাৰ মতে হেনো ড॰ হিমন্ত বিশ্ব শৰ্মাহে দেশৰ প্ৰধানমন্ত্ৰী৷ এই কথা সাংসদগৰাকীয়ে দলীয় মঞ্চত ঘোষণা কৰিছে৷ ইতিমধ্যে সাংসদগৰাকীৰ এই ভাষ্যক কেন্দ্ৰ কৰি বাজপেয়ী ভৱনত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে৷ কিছুদিন পূৰ্বে এক ৰাজহুৱা মঞ্চত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক দেশৰ প্ৰধানমন্ত্ৰী বুলি সম্বোধন কৰিছিলে৷ ইয়াৰ পিছতে দেওবাৰে সাংসদ ওজাই মুখ্যমন্ত্ৰী ড॰ শৰ্মাক প্ৰধানমন্ত্ৰী বুলি সম্বোধন কৰে৷ দক্ষিণ কামৰূপ জিলা বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদমেলত সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰী ড॰ শৰ্মাক দেশৰ প্ৰধানমন্ত্ৰী বুলি সম্বোধন কৰি দলীয় নেতা-কৰ্মীৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে৷ সংসদত প্ৰধানমমন্ত্ৰীৰ আসনত মোদীক বহি থকা নিজে দেখি থকাৰ পিছতো মুখ্যমন্ত্ৰী ড॰ শৰ্মাক সাংসদগৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে অভিহিত কৰা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰিছে৷ কেবল ড॰ শৰ্মাক প্ৰধানমন্ত্ৰী বুলি সম্বোধন কৰাই নহয় সংবাদমেলত শাসকীয় দলৰ সাংসদগৰাকীৰ দাবী তেখেতৰ দলৰ চৰকাৰে হেনো ৪২ লাখ নিবনুৱা যুৱক-যুৱতীক চৰকাৰী চাকৰি দিছে৷ সংবাদমেলত সাংসদ কুইন ওজাই দাবী কৰি কয়– ‘আমাৰ চৰকাৰে কথা দিছিলে যে ১ লাখ যুৱক-যুৱতীক সংস্থাপন দিব৷ ইতিমধ্যে ৪০/৪২ লাখ যুৱক-যুৱতীক চৰকাৰে নিযুক্তি প্ৰদান কৰিছে৷ মে’ মাহৰ ভিতৰত বাকী খিনিকো চৰকাৰে নিযুক্তি প্ৰদান কৰিব৷’ সাংসদগৰাকীৰ এনে বিভ্ৰান্তিকৰ ভাষ্যক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷

মাননীয় প্ৰধানমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...

ৰাজ্য চৰকাৰৰ সদ্য ঘোষিত ৰাজ্যিক বাজেট ২০২২-২৩১ সন্দৰ্ভত আজি দক্ষিণ কামৰূপৰ জিলা বিজেপিৰ বাটৰহাটস্থিত কাৰ্যালয়ত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই এখন সংবাদ মেল অনুষ্ঠিত কৰে৷ সংবাদ মেলত এইবাৰৰ বাজেটখনে ৰাইজৰ উন্নয়ন সাধন কৰিব বুলি মন্তব্য কৰে৷ দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিবলৈ গৈ সাংসদ গৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো প্ৰধানমন্ত্ৰী বুলি মন্তব্য কৰাক লৈ উপস্থিত বিজেপিৰ কৰ্মকৰ্তাসকলৰ মাজত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি হয়৷ সংবাদ মেলত সাংসদ ওজাই বাজেটখনৰ জৰিয়তে অসমত পোৱা আয়ুষ্মান ভাৰত-প্ৰধানমন্ত্ৰী জনআৰোগ্য যোজনা ৰূপায়ণ কৰা হৈছে, যাৰ অধীনত ৩০ লাখ পৰিয়ালে অধিকাৰ পাব বুলি মন্তব্য কৰে৷ ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, অমৃত অটল অভিযান, বিনামূলীয়া চিকিৎসাপ্ৰাপ্ত কৰিবলৈ নগদবিহীন কাৰ্ড, বাণিজ্য, উৎপাদন, সেৱা, খাদ্য প্ৰক্ৰিয়াকৰণ, হস্ততাঁত, কৃষি আৰু সহযোগী পশুপালন, মীন পালন, দুগ্ধজাত সামগ্ৰী, দুই লাখ নিৱনুৱ যুৱক-যুৱতী চাকৰি প্ৰদান আদিকে ধৰি বিভিন্ন উন্নয়নমূলক আঁচনিৰ কথা উল্লেখ কৰে সাংসদ ওজাই৷ সংবাদ মেলত দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি ধনেশ্বৰ তালুকদাৰ, সম্পাদক দীপক তালুকদাৰ, বিজেপি নেতা-কৰ্মী আদিকে ধৰি জ্যেষ্ঠ নাগৰিকসকল উপস্থিত থাকে৷ আনহাতে সংবাদমেল অসমৰ মুখ্যমন্ত্ৰীক প্ৰধানমন্ত্ৰী বুলি কৈ প্ৰশংসাত পঞ্চমুখ হৈ পৰা কাৰ্যত উপস্থিত দলীয় কৰ্মকৰ্তাই দুখ প্ৰকাশ কৰে যদিও সাংসদগৰাকীৰ সমুখত ক’বলৈ সাহস নকৰিলে৷ বাজেটৰ প্ৰশংসা কৰিবলৈ গৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকেই প্ৰধানমন্ত্ৰী সজালে সাংসদগৰকীয়ে৷