Logo
image

H3N2ৰ ত্ৰাস, দেশত মহিলাসহ ৯ জনৰ মৃত্যু, আক্ৰান্ত ৪৫১

আমাৰ অসম, ২০ মাৰ্চঃ দেশত ক্ৰমাত বৃদ্ধি পাব ধৰিছে ঘাটক H3N2 ভাইৰাছৰ সংহাৰ৷ দেওবাৰে মহাৰাষ্ট্ৰৰ পুনেত H3N2 ভাইৰাছে এজন ৭৩ বছৰীয়া ৰোগীৰ প্ৰাণ কাঢ়ি নিয়ে৷ ইনফ্লুৱেঞ্জ সদৃশ ৰোগবিধত এই পৰ্যন্ত দেশত পুৰুষ-মহিলাসহ মৃত্যু হোৱা লোকৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰা অনুসৰি দেওবাৰ পৰ্যন্ত ভাৰতত H3N2 ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যাই ৪৫১ ৰ ঘৰ অতিক্ৰম কৰিলে৷ প্ৰতিদিনেই ন ন স্থানলৈ ভাইৰাছৰ সংক্ৰমণ ঘটিছে৷ ইতিপূৰ্বে অসমতো গুৱাহাটীৰ এখন নাৰ্চিং হোমত এজন H3N2 পজিটিভ ৰোগী ধৰা পৰিছে৷ অসমৰ পাছতেই দেওবাৰে ঝাৰখণ্ডত প্ৰথমজন H3N2 পজিটিভ ৰোগী ধৰা পৰে৷ 

হাৰিয়ানাৰ গুৰগাঁৱত চাৰি বছৰীয়া আৰু এঘাৰ বছৰীয়া শিশুৰ লগতে ৫৫ বছৰীয়া এগৰাকী মহিলা H3N2 ত ভাইৰাছত আক্ৰান্ত হৈছে৷ দেশৰ ৰাজধানী চহৰ নতুন দিল্লীত প্ৰতিদিনেই ৭-৮ জনকৈ লোক ইনফ্লুৱেঞ্জা ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈছে৷ অসম চৰকাৰৰ স্বাস্থ্য বিভাগে ইতিপূৰ্বে সতৰ্কতা জাৰি কৰা অনুসৰি H3N2 ভাইৰাছত আক্ৰান্ত ৰোগীয়ে কাহ আৰু হাঁচি মাৰিলে মুখৰ পৰা ওলোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবোৰৰ জৰিয়তে এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ ভাইৰাছ সংক্ৰমণ হয়৷ এই ৰোগবিধ সংক্ৰমণৰ অন্যান্য কাৰকসমূহ হৈছে আক্ৰান্ত ৰোগীয়ে কাহ মাৰিলে আৰু হাঁচি মাৰিলে মুখৰ পৰা ওলোৱা ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবোৰ পৰি থকা স্থানত হাতেৰে চুই নিজৰ চকু, নাক আদি স্পৰ্শ কৰিলে পৰোক্ষভাৱে (ফমাইট সংক্ৰমণ) এই ৰোগত আক্ৰান্ত হয় আৰু এই ৰোগত আক্ৰান্ত ৰোগীৰ সৈতে প্ৰত্যক্ষভাৱে সংস্পৰ্শলৈ আহিলে বা কৰমৰ্দন কৰিলেও এই ৰোগ সংক্ৰমিত হয়৷ সংক্ৰমণ প্ৰতিৰোধৰ বাবে–সঘনাই চাবোন আৰু পৰিষ্কাৰ পানীৰে হাত ধুব লাগে৷ যদি এনে কোনো লক্ষণে দেখা দিয়ে, তেনেক্ষেত্ৰত সদায় মাস্ক পৰিধান কৰি জন সমাগম হোৱা স্থানৰ পৰা আঁতৰি থাকিব লাগে৷ হাঁচি আৰু কাহ মাৰোতে মুখ আৰু নাক ঢাকি ৰাখিব লাগে আৰু জ্বৰ তথা শৰীৰৰ বিষ হ’লে স্বাস্থ্যকৰ্মীৰ পৰামৰ্শ অনুসৰিহে পেৰাচিটামল গ্ৰহণ কৰিব লাগে৷ যথাসম্ভৱ চকু আৰু নাক স্পৰ্শ কৰাৰ পৰা বিৰত থকাৰ লগতে আনৰ সৈতে কৰমৰ্দন নতুবা সমতুল্য সম্ভাষণৰ পদ্ধতি অৱলম্বন কৰিব লাগে৷