Logo
image

জুনত লণ্ডনলৈ প্ৰেৰণ কৰা হ’ব সাত কুইণ্টল লিচু

আমাৰ অসম, ৩০ মে’: লণ্ডনলৈ ৰপ্তানি হ’ব তেজপুৰৰ লিচু৷ ইতিমধ্যে দেশৰ লগতে বিদেশতো বিশেষভাৱে সমাদৃত হোৱা তেজপুৰৰ সোৱাদযুক্ত লিচুৰ বজাৰখন দ্ৰুতগতিত সম্প্ৰসাৰিত হৈছে আৰু এইবাৰ জুনৰ প্ৰথম সপ্তাহতে তেজপুৰৰ লিচু লণ্ডনলৈ ৰপ্তানিৰ বাবে সাজু হৈছে লিচু ব্যৱসায়ীসকল৷ উল্লেখযোগ্য যে, ইতিমধ্যে ইয়াৰ বাবে যোগাযোগ চলাৰ লগতে কালি এই সন্দৰ্ভত স্থানীয় লিচু কৃষক একাংশৰে এক আলোচনা হৈ গৈছে বুলি প্ৰকাশ কৰিছে শোণিতপুৰ প্ৰশাসনৰ এক সূত্ৰই৷ উল্লেখ্য যে, ২০১৫ত তেজপুৰৰ লিচুৱে জি আই টেগ লাভ কৰিছাল ইয়াৰ আঞ্চলিক বৈশিষ্ট তাৰ বাবে৷ যোৱা বছৰত দুই এবিধ লিচুৰ বাহিৰে বাকী লিচুসমূহ প্ৰচুৰ পৰিমাণে লাগিছিল আৰু যোৱা বছৰটোতো তেজপুৰৰ লিচু বিদেশলৈ ৰপ্তানি কৰা হৈছিল৷ উল্লেখ্য যে, তেজপুৰৰ পৰোৱাৰ ২৫বিঘা মাটিত থকা পুৰণা লিচু বাগিচাখনৰ লগতে সমীপত আন এখন বৃহৎ লিচু বাগিচা আছে৷ তদুপৰি সাহিত্য কাণ্ডাৰী পদ্মনাথ গোহাঞি বৰুৱাই তেজপুৰ চহৰত স্থাপন কৰা লিচু বাগিচা খনৰ লিচুও ইয়াৰ ৰসাল, মঙহাল আৰু সোৱাদৰ বাবে বিখ্যাত৷ কিন্তু এইবাৰ একাধিক লিচু বাগিছাত পূৰ্বৰ তুলনাত লিচু কমকৈ লাগিছে৷ তেজপুৰত ছয়-সাত বিধ ভিন্ন প্ৰকাৰৰ লিচু পোৱা যায় আৰু ইয়াৰ আটাইৰে সোৱাদ যথেষ্ট৷ ইপিনে তেজপুৰ পৌৰসভা অধীনৰ লিচু বাগিচাখনক লৈ সম্প্ৰতি এক গোচৰ আদালতত চলি আছে৷ দীৰ্ঘদিনৰ বাবে লিজত লোৱা ব্যৱসায়ীৰ বিপৰীতে সম্প্ৰতি তেজপুৰ পৌৰসভাই এইখন লিচু বাগিচা নতুনকৈ আনক আৱণ্টন দিছে৷ প্ৰকৃততে নতুনকৈ এজন ব্যক্তিৰ নামত লিচু বাগিচাখন আবণ্টন হ’লেও আৰত আন একাংশইহে লিচু বাগিচাখনৰ লিচুকলৈ ব্যৱসায় কৰিছে সম্প্ৰতি৷ এনে অৱস্থাৰ বিপৰীতে পূৰ্বে লিজত লোৱা পৰিয়াটোৱে তেওঁলোকৰ লিজৰ ম্যাদ উকলাৰ পূৰ্বেই আনক লিজত দিয়াৰ বিৰুদ্ধে আদালতৰ কাষ চাপিছে৷ এনে অৱস্থাত আদালতত লিচু বাগিচাখনকলৈ আদালতত গোচৰ চলি থকা অৱস্থাত ইয়াৰ লিচু কোনে বিক্ৰী কৰিব বা এই লিচু বিক্ৰী কৰিব পৰা হ’বনে নাই সেইলৈয়ো প্ৰশ্ন উত্থাপিত হৈছে৷ ইয়াৰ মাজতে তেজপুৰৰ পৰা মুঠ সাত কুইণ্টল লিচু লণ্ডনৰ বজাৰৰ বাবে বিচৰা হৈছে৷ এনে অৱস্থাত স্থানীয় লিচু ব্যৱসায়ী সকলে সন্মিলিত ভাবে এনে পৰিমাণৰ লিচু বিক্ৰীৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে আৰু জুনৰ পহিলা সপ্তাহৰ ভিতৰতে তেজপুৰৰ পৰা নিৰ্দিষ্ট পৰিমাণৰ লিচু লণ্ডনলৈ ৰপ্তানিৰ সম্ভাৱনা আছে৷ ইপিনে প্ৰতি বছৰে লিচুৰ উৎপাদনত প্ৰাকৃতিকভাৱেই কিছু তাৰাতময ঘটে বুলি প্ৰকাশ কৰিছে লিচু খেতিয়কসকলে৷ তেওঁলোকে কয় যে, যি বছৰ লিচু অধিক পৰিমাণে লাগে, ইয়াৰ পিছৰ বছৰত এই পৰিমাণ হ্ৰাস পাই৷