Logo
image

বিশ্ববেংকৰ অধ্যক্ষৰ দায়িত্বত ভাৰতীয় মূলৰ অজয় বাংগা

‘আমাৰ অসম’, ৪ জুনঃ প্ৰথমবাৰৰ বাবে বিশ্ববেংকৰ দৰে সৰ্বোচ্ছ বিত্তীয় সংস্থাৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰিছে এজন ভাৰতীয় মূলৰ আমেৰিকানে৷ বিশ্ববেংকৰ অধ্যক্ষৰ দায়িত্ব লাভ কৰা এইজন ভাৰতীয় হৈছে অজয় বাংগা৷ শুকুৰবাৰে বিশ্ববেংকৰ কাৰ্যবাহী পৰিচালক মণ্ডলীয়ে বাংগাক বিশ্ববেংকৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ সেই অনুসৰি ৬৩ বছৰ বয়সীয়া অজয় বাংগা হ’ব বিশ্ববেংকৰ ১৪ সংখ্যক অধ্যক্ষ৷ অহা ৫ বছৰৰ বাবে তেওঁ এই দায়িত্বত থাকিব৷