Logo
image

বিজুলীক উদ্ধাৰৰ বাবে মহানগৰীত ৰোড শ্ব’ৰে অমিত শ্বাহৰ চমক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩০ এপ্ৰিল: গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিক উদ্ধাৰৰ বাবে মহানগৰীত বিশাল ৰোড শ্ব’ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ লক্ষাধিক দলীয় নেতা-কৰ্মীক লগত লৈ অমিত শ্বাহে চাইকেল ফেক্টৰী চাৰিআলি পইণ্টৰ পৰা লালগণেশলৈ প্ৰায় দুই কিলোমিটাৰ জোৰা পথত ৰোড শ্ব’ কৰে৷ এখন পুষ্পসজ্জিত বাহনত উঠি কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে ৰোড শ্ব’ত ভাগ লয়৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সোফালে গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে, বাঁওফালে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰোড শ্ব’ৰ পুষ্পক ৰথত অৱস্থান কৰাৰ বিপৰীতে পিছফালে প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাই স্থান দখল কৰে৷ সন্ধিয়া প্ৰায় ৬.১০ বজাত চাইকেল ফেক্টৰীৰ পৰা অমিত শ্বাহৰ ৰোড শ্ব’ আৰম্ভ হয় আৰু সন্ধিয়া প্ৰায় ৭.২৫ বজাত লালগণেশত ৰোড শ্ব’ সমাপ্ত হয়৷ উল্লেখ্য, নিৰ্ধাৰিত সময়তকৈ পূৰ্বেই বিশেষ বিমানেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আহি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত অৱতৰণ কৰে৷ ৫.৩৫ বজাত তেওঁৰ বিমান অৱতৰণ কৰাৰ কথা আছিল যদিও ৫.১৫ বজাতে আহি পায়৷ বিমানবন্দৰতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি, ৰাজ্যসভাৰ সাংসদ পৱিত্ৰ মাৰ্ঘেৰিটা, কাজিৰঙাৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা আদিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীক আদৰণি জনায়৷ বিমানবন্দৰত ১০-১৫ মিনিট কটায় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ কনভয় পোনে পোনে চাইকেল ফেক্টৰী তিনিআলি অভিমুখে আগবাঢ়ে৷ সন্ধিয়া ঠিক ৬ বজাৰ আশেপাশে অমিত শ্বাহৰ কনভয় চাইকেল ফেক্টৰীত উপস্থিত হোৱাৰ পাছতে অমিত শ্বাহ কনভয়ৰ গাড়ীৰ পৰা নামি লগে লগে পূৰ্বৰ পৰা সাজু কৰি ৰখা পুষ্পক ৰথত উঠে আৰু ৰোড শ্ব’ আৰম্ভ হয়৷ হাতে হাতে বিজেপিৰ পতাকা, বেনাৰ-পোষ্টাৰ লৈ হাজাৰ হাজাৰ বিজেপিৰ কৰ্মকৰ্তা অমিত শ্বাহৰ পুষ্পকৰথৰ লগে লগে লালগণেশ অভিমুখে আগবাঢ়ে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৰথৰ পৰা দলীয় কৰ্মকৰ্তাসকললৈ পুষ্পবৃষ্টি কৰে৷ দলীয় প্ৰাৰ্থী বিজুলী কলিতা মেধিয়ে হাতজোৰ কৰি হাস্যবদনে সকলোকে নমস্কাৰ জনাই আগবাঢ়ে৷ প্ৰায় ২ কিলোমিটাৰ জোৰা ৰোড শ্ব’ত অমিত শ্বাহে অৱশ্যে কোনো ধৰণৰ ভাষণ বা বক্তব্য ৰখাৰ পৰা বিৰত থাকে৷ উল্লেখ্য, অমিত শ্বাহৰ ৰোড শ্ব’ৰ বাবে সোমবাৰে দুপৰীয়াৰ পৰাই গুৱাহাটীৰ কেইবাটাও ব্যস্ত পথত বাণিজ্যিক বাহনৰ চলাচল বন্ধ কৰি দিয়ে প্ৰশাসনে৷ চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ পথচোৱা সম্পূৰ্ণ বন্ধ কৰি দিয়ে৷ গুৱাহাটীৰ ভিআইপি উৰণসেতুৰ পৰা জালুকবাৰী ৰটাৰীলৈ, ডিজি ৰোড, এমজি ৰোড, আৰ কে বি ৰোড, এ কে আজাদ ৰোড, বি কে কাকতি ৰোড আদিতো নিষেধাজ্ঞা আৰোপ কৰে৷ দিনৰ দুই বজাৰ পৰাই ৰোড শ্ব’ৰ স্থলীলৈ গুৱাহাটীৰ বিভিন্ন স্থানৰ পৰা হাজাৰ হাজাৰ বিজেপিৰ কাৰ্যকৰ্তাৰ সোঁত বয়৷ জালুকবাৰী, বকো, জাগীৰোড, নলবাৰী আদি স্থানৰ পৰাও ৰোড শ্ব’ত ভাগ ল’বলৈ দলে দলে বিজেপিৰ কৰ্মকৰ্তা আহে৷ নাচি-বাগি বিজেপিৰ কাৰ্যকৰ্তাসকলে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে৷ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, অজন্তা নেওগ, পীয়ূষ হাজৰিকাকে ধৰি কেইবাগৰাকী মন্ত্ৰী নিজে উপস্থিত থাকি ৰোড শ্ব’ৰ কাৰ্যসূচীৰ তদাৰক কৰে৷ চাইকেল ফেক্টৰীৰ পৰা লালগণেশলৈ সমগ্ৰ পথচোৱা হেল’জেন লাইটেৰে উজলাই তোলা হয়৷ পথৰ দুয়োকাষে গছৰ ডালবোৰ কাটি পেলোৱা হয়৷ নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি দুয়োকাষে অট্টালিকাসমূহৰ চাদতো ব্লেক কামাণ্ডো, পুলিচ, অৰ্ধসামৰিক বাহিনীৰ জোৱানক নিয়োজিত কৰা হয়৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰোড শ্ব’লৈ লগত কেচুৱা লৈ নাহিবলৈ মহিলাসকলক আহ্বান জনোৱাৰ বিপৰীতে বৃদ্ধসকলকো ৰোড শ্ব’ত অংশগ্ৰহণ নকৰিবলৈ আগতীয়াকৈ আহ্বান জনায়৷ উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও বিহুৰ মাজতে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ হৈ ৰোড শ্ব’ কৰিছিল৷ উল্লেখ্য যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ পাছতে ৭ মে’ত আন তিনি সমষ্টিৰ লগতে অন্তিম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া গুৱাহাটী লোকসভা দখলৰ বাবে তৎপৰ হৈছে বিজেপি৷ এক কথাত ক’বলৈ গ’লে গুৱাহাটী দখলৰ বাবে সৰ্বশক্তিৰে নামি পৰিছে বিজেপি৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে দলে দলে বিজেপিৰ নেতা-কৰ্মী গুৱাহাটী দখলৰ যুঁজত নামি পৰিছে৷ বিহুৰ মাজতে প্ৰধানমন্ত্ৰী   নৰেন্দ্ৰ মোদীয়ে গুৱাহাটীত ৰোড শ্ব’ কৰি যোৱাৰ পাছতে আজি গুৱাহাটীৰ দলীয় প্ৰাৰ্থী বিজুলি কলিতা মেধিৰ সমৰ্থনত বিশাল ৰোড শ্ব’ কৰিবলৈ আহে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ৷ ইফালে, গুৱাহাটী দখলৰ বাবে প্ৰতিটো বিধানসভা সমষ্টিৰ প্ৰতিটো ৱাৰ্ডতে নিৰ্বাচনী সভা অনুষ্ঠিত কৰিছে বিজেপিয়ে৷ গুৱাহাটীৰ ৬০ টা ৱাৰ্ডৰ বাবে চাৰিজন মন্ত্ৰীক বিশেষ দায়িত্ব দিয়া হৈছে৷ অজন্তা নেওগ, ডাঃ ৰণোজ পেগু, বিমল বৰা, যোগেন মহন্তক এই বিশেষ দায়িত্ব দিয়া হৈছে৷ গুৱাহাটীৰ প্ৰতিটো ৱাৰ্ডৰ পৰা বিজেপিৰ পক্ষত ৮০ শতাংশ ভোটদান নিশ্চিত কৰাৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই এই মন্ত্ৰীসকলক গুৰুদায়িত্ব দিছে৷ টীম বিজেপিৰ এনে আগ্ৰাসী প্ৰচাৰৰ বিপৰীতে গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰ যেন নিসংগ হৈ পৰিছে৷ বিজেপিৰ একত্ৰিত শক্তিক বাধা দিবলৈ কংগ্ৰেছৰ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় নেতৃত্বৰ কোনো একত্ৰিত প্ৰয়াস প্ৰতিফলিত হোৱা নাই৷ যেন প্ৰচাৰৰ বাবেহে প্ৰচাৰ চলাইছে কংগ্ৰেছৰ নেতৃত্বই৷ প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী, মন্ত্ৰী তথা ডৰজনে ডৰজনে বিজেপি তথা সংঘ পৰিয়ালৰ কৰ্মকৰ্তাৰ চক্ৰবেহুৰ মাজত সোমাই নিসংগ মীৰা বৰঠাকুৰে অকলেই যুঁজ দিছে৷ অৱশ্যে ফলাফল কি হয়, সেয়া ৭ মে’ত ইভিমত বন্দী হোৱা জনাদেশহে নিৰ্ণয় কৰিব৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নিশাটো কইনাধৰাত কটাই কাইলৈ পুৱা ১০.৩০ বজাত গুৱাহাটী বিমানবন্দৰৰ পৰা উৰা মাৰিব৷ ইয়াৰ পূৰ্বে পুৱা দহ বজাত অমিত শ্বাহে বাজপেয়ী ভৱনত এক সংবাদমেল সম্বোধন কৰিব৷