Logo
image

এটিএমৰ পৰা টকা তুলিলেই অতিৰিক্ত ভৰিব গ্ৰাহকে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩০ এপ্ৰিল : নিৰ্বাচনৰ ধামখুমীয়াৰ মাজতে নিত্য-ব্যৱহাৰ্য খাদ্য-সামগ্ৰীৰ দাম বৃদ্ধিযে নহয়, পহিলা মে’ৰ বিত্তীয় লেনদেনতো মাচুল বৃদ্ধিৰে গ্ৰাহকক ৰাম-টাঙোন শোধাব একাংশ বেংকে৷ নতুন বিত্তীয় বৰ্ষ আৰম্ভ হোৱাৰ লগে লগে একাধিক বেংকে বিভিন্ন পৰিসেৱাৰ নিয়ম সলনি কৰিছে৷ নিয়ম সলনিৰ সমান্তৰালভাৱে গ্ৰাহকৰ পৰা সেৱা কৰৰ পৰিমাণো বৃদ্ধি কৰিছে৷ সেই সূত্ৰেই পহিলা মে’ৰ পৰা আইচিআইচিআই বেংক, য়েছ বেংক, এইচডিএফচি বেংকে ছেভিংছ একাউণ্টৰ ক্ষেত্ৰত সেৱা কৰ বৃদ্ধি কৰিছে৷ তদুপৰি ক্ৰেডিট কাৰ্ডৰ ক্ষেত্ৰতো বহু নিয়মৰ পৰিৱৰ্তন আনিছে৷ বিশেষকৈ আইচিআইচিআই বেংকে ছেভিংছ একাউণ্টৰৰ লেনদেনত মাচুল বৃদ্ধিৰ কথা ঘোষণা কৰিছে৷ সেই অনুসৰি চেক বুক ইছ্যু কৰাৰ পৰা আৰম্ভ কৰি আইএমপিএছ ট্ৰেন্সফাৰ, ডেবিট কাৰ্ডৰো বাৰ্ষিক মাচুল বৃদ্ধি কৰা হৈছে৷ অৰ্থাৎ এতিয়াৰে পৰা আই চি আই চি আই বেংকৰ ডেবিট কাৰ্ড ব্যৱহাৰ বাবদ বাৰ্ষিক ২০০ টকা মাচুল পৰিশোধ কৰিব লাগিব৷ অৱশ্যে গ্ৰামাঞ্চলৰ গ্ৰাহকৰ ক্ষেত্ৰত এই বাৰ্ষিক মাচুল ৯৯ টকা নিৰ্ধাৰণ কৰা হৈছে৷ আই চি আই চি আই বেংকৰ চেকবুকৰ প্ৰথম ২৫খন ব্যৱহাৰত কোনো মাচুল পৰিশোধৰ প্ৰয়োজনীয়তা নাই যদিও ইয়াৰ পাছৰ প্ৰতিখন চেকৰ বাবদ ৪ টকাকৈ মাচুল পৰিশোধ কৰিব লাগিব৷ বেংকটোত আই এম পি এছ লেনদেনৰ ক্ষেত্ৰত ১০০০ টকাৰ বিপৰীতে ২.৫০ টকাকৈ মাচুল ভৰিব লাগিব গ্ৰাহকে৷ ১০০০ টকাৰ পৰা ২৫ হাজাৰ টকাৰ ভিতৰত লেনদেন হ’লে ৫ টকা মাচুল আৰু ২৫ হাজাৰ টকাৰ পৰা ৫ লাখ টকা পৰ্যন্ত প্ৰতিটো লেনদেনতো ১৫ টকাকৈ মাচুল ভৰিব লাগিব৷ ইফালে আই চি চি আই চি আই বেংকৰ ছেভিংছ একাউণ্ট বন্ধ কৰাৰ বাবে কোনো মাচুল দিব নালাগে যদিও অট’ষ্টেট কৰাৰ বাবদ ১০০ টকা মাচুল ভৰিব লাগিব৷ ইফালে আই চি আই চি আই বেংকে বন্ধৰ দিনা বা সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৮ বজাৰ ভিতৰত এটিএম যোগে নগদ ধন জমা কৰিলে এই সেৱাৰ বাবদ নতুনকৈ মাচুল নিৰ্ধাৰণ কৰিছে৷ এইক্ষেত্ৰত এটিএম যোগে ১০ হাজাৰতকৈ অধিক ধন জমা কৰিলে প্ৰতিটো লেনদেনত ৫০ টকা সেৱা কৰ ভৰিব লাগিব৷ আই চি চি আই চি আই বেংকৰ দৰেই য়েছ বেংকৰ ছেভিংছ একাউণ্টৰ ক্ষেত্ৰতো মাচুল বৃদ্ধি কৰিছে৷ য়েছ বেংকৰ এলিমেণ্ট ডেবিট কাৰ্ডৰ বাবদ এতিয়াৰে পৰা গ্ৰাহকে প্ৰতি বছৰে ২৯৯ টকা মাচুল দিব লাগিব৷ এংগেজ ডেবিট কাৰ্ডৰ বিপৰীতে প্ৰতিবছৰে ৩৯৬ টকা মাচুল, এক্সপ্ল’ৰ ডেবিট কাৰ্ডৰ বাবদ প্ৰতিবছৰে ৫৯৯ টকা আৰু ৰুপে’ ডেডিট কাৰ্ডৰ [কিষাণ একাউণ্ট] বাবদ ১৪৯ টকা বাৰ্ষিক মাচুল নিৰ্ধাৰণ কৰা হৈছে৷ অৱশ্যে অন্য বেংকৰ এটিএম ব্যৱহাৰ কৰিলে য়েছ বেংকৰ গ্ৰাহকে প্ৰথম ৫ টা লেনদেনৰ কোনো মাচুল দিব নালাগে যদিও ইয়াৰ পাছৰ প্ৰতিটো লেনদেনতে ২১ টকাকৈ মাচুল ভৰিব লাগিব৷ তদুপৰি নন-ফিনেঞ্চিয়েল লেনদেনৰ ক্ষেত্ৰত ১০ টকাকৈ মাচুল ভৰিব লাগিব গ্ৰাহকে৷ ইফালে এইচ ডি এফ চি বেংকেও জ্যেষ্ঠ নাগৰিকৰ স্পেচিয়েল ফিক্সড ডিপ’জিট আঁচনিৰ ম্যাদ বৃদ্ধিৰ কথা ঘোষণা কৰিছে৷ এই আঁচনিৰ ম্যাদ ১০ মে’লৈ বৃদ্ধি কৰিছে বেংকটোৱে৷