Logo
image

শ্বাহৰ ভিডিঅ’ক লৈ তেলেংগানাৰ মুখ্যমন্ত্ৰীক তলব, অসম কংগ্ৰেছৰ অধিবক্তাক জে’ললৈ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩০ মে: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ‘ডীপ ফেক’ ভিডিঅ’ শ্বেয়াৰ কৰি অসম আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল কংগ্ৰেছৰ ৱাৰ ৰূম  কো-অৰ্ডিনেটৰ তথা অধিবক্তা ঋতম সিং৷ গৃহমন্ত্ৰী অমিত শ্বাহে বিজেপি ক্ষমতালৈ আহিলে এছ টি-এছ চি আৰু অ’ বি চিৰ সংৰক্ষণ দেশৰ পৰা বিলুপ্তি কৰি বুলি ভাষণত বক্তব্য ৰখা এটা ভূৱা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল কৰাৰ অভিযোগতে কংগ্ৰেছৰ আই টি চেলৰ নেতাজনক গ্ৰেপ্তাৰ কৰি জে’ললৈ নিক্ষেপ কৰিছে গুৱাহাটী আৰক্ষীয়ে৷ গৃহমন্ত্ৰীৰ ভুৱা ভিডিঅ’ শ্বেয়াৰ অভিযোগত মহানগৰীৰ পাণবজাৰ থানাত ৰুজু হোৱা ভাৰতীয় দণ্ডবিধি ১৫৩ [এ]/১৭১ [জি]/৫০৫ [১] [বি] আৰু তথ্য প্ৰযুক্তি আইনৰ ৬৬ [এফ] ধাৰাত ৯৩/২০২৪ নম্বৰত এটা গোচৰ ৰুজু কৰি ঋতম সিং [৩১]ক দেওবাৰে নিশাই উলুবাৰীৰ হৰবালা পথৰ প্ৰকাশ এনক্লেভৰ ফ্লেটৰ পৰা আটক কৰে৷ অৱশ্যে সোমবাৰে পাণবজাৰ আৰক্ষীয়ে ঋতম সিঙক আনুষ্ঠানিকভাৱে গ্ৰেপ্তাৰৰ কথা নিশ্চিত কৰে৷ তদন্তকাৰী আৰক্ষীয়ে কংগ্ৰেছৰ আই টি চেলৰ নেতাজনৰ পৰা ২টা মোবাইল ফোন আৰু এটা লেপটপ জব্দ কৰিছে৷ উল্লেখ্য দুদিন পূৰ্বে তেলেংগানা ৰাজ্যিক কংগ্ৰেছৰ ফেচবুক পেজত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰা এটা ভিডিঅ’ শ্বেয়াৰ কৰিছিল৷ যিটো ভিডিঅ’ত গৃহমন্ত্ৰীয়ে বিজেপি ক্ষমতালৈ আহিলে ভাৰতৰ পৰা অনুসূচিত জাতি, অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণ ব্যৱস্থা উঠাই পেলাব বুলি মন্তব্য কৰা দেখা গৈছিল৷ এই ভিডিঅ’টোক অসম প্ৰদেশ কংগ্ৰেছৰ ৱাৰ  ৰাম কো-অৰ্ডিনেটৰ তথা কংগ্ৰেছৰ আই টি চেলৰ নেতা ঋতম সিঙেও নিজৰ টুইটাৰ [এক্স] একাউণ্টত শ্বেয়াৰ কৰিছিল৷ ইফালে গৃহ মন্ত্ৰণালয় বিজেপিয়ে ভাইৰেল ভিডিঅ’টো ডীপ ফেক ভিডিঅ’ বুলি আৰক্ষীৰ লগতে নিৰ্বাচন আয়োগকো পৃথকে পৃথকে অভিযোগ দাখিল কৰিছিল৷ কংগ্ৰেছে প্ৰচাৰ কৰা ভিডিঅ’টোক লৈ দেশজুৰি প্ৰতিক্ৰিয়াও সৃষ্টি হৈছিল৷  অৱশ্যে অমিত শ্বাহে ভিডিঅ’টো নস্যাৎ কৰি কয় যে– ‘বিগত ২৩ মে’ত এখন নিৰ্বাচনী সভাত বিজেপি ক্ষমতালৈ আহিলে মুছলমানৰ অসংবিধানিকসংৰক্ষণ বিলুপ্তি কৰা হ’ব৷ মুছলমানৰ সংৰক্ষণ কৰ্তন কৰি এছটি, এছচি আৰু অ’চিক প্ৰাপ্য অধিকাৰ ঘূৰাই দিয়া হব৷ কিন্তু মোৰ এই বক্তব্যক এডিট কৰি বিৰোধীয়ে এছটি, এছচি আৰু অ’বিচিৰ সংৰক্ষণ বিলুপ্তি কৰিব বুলি ভুৱা প্ৰচাৰ চলাইছে৷’ ইফালে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেবন্ত ৰেড্ডীয়ো এই ভুৱা ভিডিঅ’টো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল৷ এই লৈ দিল্লী আৰক্ষীৰ চাইবাৰ চেলে এটা গোচৰ ৰুজু কৰি তেলেংগানাৰ কংগ্ৰেছী মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীক ৰ মে’ত থানাত হাজিৰ হোৱাৰ বাবেও  চমন জাৰি কৰিছে৷ দিল্লী আৰক্ষীৰ এই তৎপৰতাৰ সমান্তৰালভাৱে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনৰ ভুৱা ভিডিঅ’ শ্বেয়াৰ কৰাৰ অভিযোগত গুৱাহাটী আৰক্ষীয়ে সোমবাৰে অসম কংগ্ৰেছৰ আই টি চেলৰ নেতা তথা অধিবক্তা ঋতম সিঙক গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য, কংগ্ৰেছৰ বাৰ ৰূম কো-অৰ্ডিনেটৰৰ দায়িত্বত থকা ঋতম সিং শেহতীয়াকৈ বিজেপিৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছিল৷ সামাজিক মাধ্যমত বিজেপিৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীয়ূষ হাজৰিকাৰ বিৰুদ্ধেও সততে সৰৱ হৈ পৰা দেখা গৈছিল ঋতম সিঙক৷ সামাজিক মাধ্যমত অতি সক্ৰিয় ঋতম সিঙৰ সৈতে বিজেপিৰ বিভিন্নজনে টুইট যুদ্ধতো লিপ্ত হোৱা দেখা গৈছিল৷ লক্ষণীয়ভাৱে ঋতম সিঙে গৃহমন্ত্ৰী অমিত শ্বাহৰ ডীপ ফেক ভিডিঅ’টো শ্বেয়াৰ কৰাক লৈ বিভিন্নজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত প্ৰত্যুত্তৰত এদিন পূৰ্বে কংগ্ৰেছৰ অধিবক্তাজনে ৰাইজক বিজেপিৰ দু্‌ষ্কাৰ্যৰ বিৰুদ্ধে সামাজিক মাধ্যমত মাত মাতিলে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰে বুলিও দাবী কৰিছিল৷ ঋতম সিঙে লগতে সামাজিক মাধ্যমত চৰকাৰক সমালোচনা কৰি গ্ৰেপ্তাৰ হ’লে অসম তথা দেশৰ শ্ৰেষ্ঠ অধিবক্তাই আইনী সাহায্য প্ৰদান কৰিব বুলিও আশ্বাস প্ৰদান কৰিছিল৷ কিন্তু সামাজিক মাধ্যমত বিজেপি চৰকাৰক সমালোচনা কৰিবলৈ ৰাইজক উৎসাহিত কৰা কংগ্ৰেছ নেতাজন অৱশেষত ভুৱা ভিডিঅ’ ভাইৰেলৰ গোচৰত নিজেই গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল৷ অৱশ্যে তৃতীয় পৰ্যায়ৰ ভোটলৈ মাজত এসপ্তাহ বাকী থকাৰ সময়তে সামাজিক মাধ্যমত বিজেপিৰ বিৰুদ্ধে অতি সক্ৰিয় কংগ্ৰেছৰ আই টি চেলৰ নেতাজনক গ্ৰেপ্তাৰ কৰে পাণবজাৰ আৰক্ষীয়ে৷ উল্লেখ্য, অমিত শ্বাহৰ ভাষণৰ ‘এডিট’ ভুৱা ভিডিঅ’টোৰ সন্দৰ্ভত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ ইণ্ডিয়ান চাইবাৰ ক্ৰাইম ক’অৰ্ডিনেশ্বন চেণ্টাৰৰ লগতে বিজেপিয়েও দিল্লী আৰক্ষীক এজাহাৰ দাখিল কৰিছে৷ একেদৰে অন্ধ্ৰপ্ৰদেশ বিজেপিয়ে নিৰ্বাচন আয়োগক অভিযোগ দিয়াৰ লগতে ৰাজস্থান বিজেপিয়ো জয়পুৰত এজাহাৰ দাখিল কৰিছে৷ ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই  অভিযোগ কৰিছে যে–ঋতম সিঙক গ্ৰেপ্তাৰ কৰা কাৰ্য গণতন্ত্ৰৰ পৰিপন্থী৷ নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকাৰ মাজতে চৰকাৰী কাম-কাজক সমালোচনা কৰা বাবেই অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ ৱাৰ ৰুমত কাম কৰা ঋতম সিঙক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ চৰকাৰৰ নীতি আৰু কৰ্মসূচীক সমালোচনা কৰাৰ অধিকাৰ সকলো ভাৰতীয় নাগৰিকৰে আছে আৰু নিৰ্বাচনী প্ৰক্ৰিয়াৰ মাজত আৰক্ষীয়ে এনেদৰে বিৰোধী পক্ষৰ মুখ বন্ধ কৰিবলৈ চলোৱা অপচেষ্টাক গৰিহণা দিছে৷ ভূপেন বৰাই ঋতম সিং নামৰ অধিবক্তা যুৱকজনক গ্ৰেপ্তাৰ কৰা কাৰ্য গণতন্ত্ৰৰ পৰিপন্থী বুলিও উল্লেখ কৰে৷