Logo
image

ড০ হীৰেন গোহাঁইলৈ ২০২৪ বৰ্ষৰ 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা'

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১৩ মে': বিশিষ্ট বুদ্ধিজীৱী, সমালোচক, সাংবাদিক ড০ হীৰেন গোহাঁইলৈ আগবঢ়োৱা হৈছে ২০২৪ বৰ্ষৰ 'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা'। গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে পৰাগ কুমাৰ দাস সতীর্থ মঞ্চৰ উদ্যোগত আয়োজিত এক সংবাদ মেলত এই বঁটাৰ বিষয়ে সদৰি কৰে মঞ্চৰ কৰ্মকৰ্তা আৰু পৰাগ কুমাৰ দাসৰ সহধৰ্মিনী পূৰবী দাসে। 

সংবাদ মেলত পূৰবী দাসে কয়, "সমকালীন আৰু নৱপ্ৰজন্মৰ মাজত গণতান্ত্রিক প্ৰমূল্যৰ উন্মেষ জাগৃত কৰি মানৱীয় চেতনা উদ্বুদ্ধ কৰি তোলা তথা ভাৰতীয় সংবিধানৰ মূলাধাৰ, জাতি-ধর্ম নির্বিশেষে সকলো নাগৰিকৰ মাজত সংবিধানপ্রদত্ত মৌলিক অধিকাৰ, বাক-স্বাধীনতা, সমস্বত্ব-সমঅধিকাৰ ভিত্তিত সৰ্বস্তৰৰ জনগণৰ ন্যায় আৰু সামাজিক সুৰক্ষাৰ সপক্ষে প্রায় তিনি কুৰি বছৰ সমর্পিত প্রাণ ড০ হীৰেন গোহাঁয়ে কলম চলাই গৈছে। তেনে এগৰাকী মহান ব্যক্তিক এই বঁটাৰ বাবে নিৰ্বাচিত কৰিবলৈ পাই মঞ্চ সুখী।" অহা ১৭ মে'ৰ দিনা পৰাগ কুমাৰ দাসৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি গুৱাহাটী প্ৰেছ ক্লাবত বিয়লি এক বজাত অনুষ্ঠিত হ'বলগীয়া এক অনুষ্ঠানত ড০ হীৰেন গোহাঁইক এই বঁটা প্ৰদান কৰা হব বুলি পূৰবী দাসে বুলি ব্যক্ত কৰে । 

সংবাদ মেলত ভাগ লৈ মঞ্চৰ আন এজন কৰ্মকৰ্তা ধৈৰ্য হাজৰিকাই কয়, "জেপৰ ধন খৰচ কৰি ড০ হীৰেন গোহাঁয়ে ক্ষুদ্র আলোচনী 'পদাতিক', 'সংকেত' আদি উলিয়াইছিল৷ 'নক্সা', 'অসমীয়া কবিতাৰে' আৰম্ভ কৰা ক্ষুদ্ৰ আলোচনীৰ লগত তেওঁৰ সম্পৰ্ক এতিয়াও চলি আছে 'নতুন পদাতিক'ৰ মাজেদি। তেওঁৰ জীৱনৰ সর্বশ্রেষ্ঠ কীর্তি অসম আন্দোলনৰ নেতৃত্বৰ উগ্র জাতীয়তাবাদী কাৰ্যকলাপৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰি প্ৰকাশ আৰু সম্পাদনা কৰা 'কলাখাৰ' নামৰ বাতৰি কাকতখন। অসমৰ প্ৰায় প্ৰতিখন আলোচনী আৰু বাতৰি কাকতত ড০ গোহাঁইৰ লেখা আজি অপৰিহার্য। মাজে মাজে বাধা আহিছে স্বার্থজড়িত পক্ষৰ পৰা। কিন্তু পাঠকৰ দাবীত প্রতিখন কাকত-আলোচনীয়ে বিচাৰে ড০ গোহাঁইৰ লেখা ছপা হওক তেওঁলোকৰ কাকত-আলোচনীত।" 


সংবাদ মেলত ভাগ লৈ মঞ্চৰ আন এজন কৰ্মকৰ্তা বেদব্ৰত বৰাই ড০ হীৰেন গোহাঁইৰ অসম আৰু অসমীয়া জাতিৰ প্ৰতি থকা দায়বদ্ধতাৰ উদাহৰণ দাঙি ধৰি কয়- এজন লেখক-সাংবাদিক নিজৰ জাতি, নিজৰ ভাষাৰ সংকটৰ সময়ত প্রতিবাদী কণ্ঠৰ কাণ্ডাৰী হৈ পৰাটো এক বিৰল পৰিঘটনা। এইজন ব্যক্তি নিজেই পৰিণত হৈছে এক চলমান প্রতিষ্ঠানলৈ। তেওঁৰ লেখাই যে কেৱল জাতীয় সাহিত্যৰ ভঁৰাল চহকী কৰিছে। লেখক-সাংবাদিক জীৱনৰ সুদীর্ঘ ছয় দশকজোৰা পথ পৰিক্ৰমাত ড০ গোহাঁই হৈ পৰিছে এজন বিশিষ্ট সমাজ বিজ্ঞানী। সেইগৰাকী মহান ব্যক্তি ড০ হীৰেন গোহাঁইক এই বঁটা প্ৰদান কৰিবলৈ পাই আমি কৃতার্থ হৈছোঁ।" 

উল্লেখ্য যে সিদিনাৰ অনুষ্ঠানত ড০ হীৰেন গোহাঁইক বঁটা প্ৰদান কৰিব কুলদা কুমাৰ ভট্টাচাৰ্যই। তেনেদৰে পৰাগ কুমাৰ দাস স্মাৰক বক্তৃতা প্ৰদান কৰিব কবি বিপুলজ্যোতি শইকীয়াই। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে ড০ অপূৰ্ব কুমাৰ শৰ্মা আৰু নিত্য বৰা উপস্থিত থাকিব। আনহাতে বিগত ২০২৩ বৰ্ষত বিশিষ্ট সাংবাদিক সংগীতা বৰুৱাক এই বঁটা প্ৰদান কৰা হৈছিল। ইয়াৰ পূৰ্বে সুশান্ত তালুকদাৰ, শান্তনু নন্দন শৰ্মা, বিকাশ শৰ্মা, বিতোপন বৰবৰা, প্ৰশান্ত ৰাজগুৰু, ধ্ৰুৱ মহন্ত, কাৰ্টুনিষ্ট উৎপল তালুকদাৰ, ফটো সাংবাদিক অনুপম নাথকে ধৰি ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগত জড়িত কেইবাগৰাকী স্বনামধন্য সাংবাদিকক পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা প্ৰদান কৰা হৈছিল।