Logo
image

হম আদানি কে হ্যায় কৌন

ডিজিটেল ডেস্ক: আদানি গ্ৰুপৰ বিপৰ্যয়ৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উদ্দেশ্যি কংগ্ৰেছৰ আক্ৰমণ হম আদানি কে হ্যায় কৌন? আদানি গ্ৰুপৰ বিপৰ্যয় সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা উত্তৰ দাবী কৰিছে কংগ্ৰেছে৷ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে দেওবাৰে এখন সংবাদমেল আয়োজন কৰি কয়–গৌতম আদানিৰ ভাতৃ বিনোদ আদানিৰ নাম পানামা পেপাৰ্চ কেলেংকাৰীত সাঙোৰ খাই আছে৷ কিন্তু উক্ত বিয়াগোম বিত্তীয় কেলেংকাৰী সন্দৰ্ভত কি কৰিলে চৰকাৰখনে? নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনক মুকলিভাৱে প্ৰশ্ন কৰি ৰমেশে কয়–আপোনালোকে ‘হম আদানি কে হ্যায় কৌন’ৰ পৰা নিজক লুকুৱাব নোৱাৰিব৷ উল্লেখ্য, লোকসভাৰ চলিত অধিৱেশনত কংগ্ৰেছে কেইবাদিন ধৰি আদানিৰ বিপৰ্যয় সন্দৰ্ভত যুটীয়া সংসদীয় কমিটীক তদন্তৰ দাবী জনাই আহিছে৷ এই সন্দৰ্ভত ভাৰতীয় ষ্টেট বেংক, ভাৰতীয় জীৱন বীমা নিগম আৰু পঞ্জাৱ নেছনেল বেংকৰ আদানি গ্ৰুপত বিনিয়োগ অনুমতিযোগ্য সীমাৰ ভিতৰত থকা বুলি প্ৰকাশ কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে৷ গৌতম আদানিৰ ভ্ৰাতৃ বিনোদ আদানিৰ নাম পানামা পেপাৰ্চ কেলেংকাৰীত সাঙোৰ খোৱাৰ পাছতো কিয় কোনো কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই তদন্ত কৰা নাই সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাজনে৷ জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে আজি দেওবাৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীক নিতৌ তিনিটা প্ৰশ্ন কৰিব বুলি কয়৷ উল্লেখ্য জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে প্ৰধানমন্ত্ৰী মোদীক উদ্দেশ্যি দেওবাৰে তিনিটা প্ৰশ্ন কৰে৷ ৰমেশৰ প্ৰথম প্ৰশ্ন – বিনোদ আদানীৰ বিৰুদ্ধে ষ্টক মেনিপুলেশ্বন আৰু একাউণ্টিং ফ্ৰদত লিপ্ত থকাৰ অভিযোগ উত্থাপিত হৈছে৷ উক্ত গুৰুতৰ অভিযোগ সন্দৰ্ভত আেপানাৰ তদন্তৰ বিষয়ে দেশবাসীক অৱগত কৰিবনে? দ্বিতীয় প্ৰশ্ন– আদানী  গ্ৰুপৰ বিৰুদ্ধে বছৰ বছৰ ধৰি উত্থাপিত গুৰুতৰ অভিযোগৰ তদন্তৰ কিবা ব্যৱস্থা হোৱা হৈছেনে, যদি হৈছে কেতিয়া হৈছে? আপোনাৰ অধীনত দেশবাসীয়ে ন্যায্য আৰু  নিৰপেক্ষৰ তদন্তৰ আশা কৰিব পাৰেনে? তৃতীয় প্ৰশ্ন– ভাৰতৰ এটা বৃহৎ ব্যৱসায়ী গোট, যিটোক বিমান বন্দৰ আৰু সাগৰীয় বন্দৰত একচেতিয়া ব্যৱসায় গঢ়ি তুলিবলৈ অনুমতি দিয়া হৈছে, ধাৰাবাহিক অভিযোগৰ পিছতো ইমান দিনে কোম্পানীটোক তীক্ষ্ণ নজৰৰ পৰা ৰক্ষা কৰিব পাৰিলেহেঁতেন নে? আন ব্যৱসায়ীক গোটবোৰক হাৰাশাস্তি কৰা হৈছে, অভিযান চলোৱা হৈছে৷ এইসকলোবোৰ দুৰ্নীতি বিৰোধী বাক্যবাণৰ পৰা  আদানী গ্ৰুপ উধবৰ্ত আছিল নেকি? উল্লেখ্য, আমেৰিকাৰ শ্বৰ্টচেলাৰ প্ৰতিষ্ঠান হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে কোম্পানীটোৰ বিৰুদ্ধে প্ৰৱঞ্চনামূলক লেনদেন আৰু শ্বেয়াৰৰ মূল্যৰ হেতালি খেলাকে ধৰি কেতবোৰ অভিযোগ উত্থাপন কৰিছে৷ উল্লেখ্য, গৌতম আদানিয়ে ১০ দিনত ভাৰতীয় মুদ্ৰাত ৯ লাখ ৭৩ হাজাৰ ৪০১ কোটি টকা হেৰুৱাইছে৷ মাৰ্কিন ডলাৰৰ হিচাপত ১১,৮০০ কোটি৷ আমেৰিকাৰ শ্বৰ্ট চেল সংস্থা হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ যিমানেই স্বল্পখ্যাত নহওক কিয়, সেই সংস্থাই প্ৰকাশ কৰা ৩২,০০০ শব্দৰ এক প্ৰতিবেদনৰ ফলত ২৪ জানুৱাৰীলৈকে বিশ্বৰ তৃতীয় স্থানৰ চহকী ধনকুবেৰ হৈ থকা গৌতম আদানিয়ে তেওঁৰ সম্পত্তিৰ ৫০ শতাংশ ১০ দিনত হেৰুৱাবলগীয়া হৈছে৷ হিণ্ডেনবাৰ্গ নামৰ সংস্থাটোৰ প্ৰতিবেদন আদানি গোষ্ঠীয়ে পোনচাটেই নাকচ কৰিছে৷ বাৰম্বাৰ বিবৃতি জাৰি কৰিছে এই প্ৰতিবেদন ভুৱা বুলি৷ চালে বেৰে কোবাই ৪১৬ পৃষ্ঠাৰ উত্তৰো দিছে আদানি গোষ্ঠীয়ে৷ সততে সংবাদ মাধ্যমৰ পৰা নৰেন্দ্ৰ মোদীৰ দৰে দূৰত অৱস্থান কৰা স্বয়ং গৌতম আদানিয়েও ভিডিঅ’ বাৰ্তাৰে বিনিয়োগকাৰীক আশ্বস্ত কৰাৰ চেষ্টা চলাইছে৷ কিন্তু নাই৷ তেওঁৰ সম্পত্তিৰ পাহাৰ খহিয়েই আছে৷ যোৱা ১০ দিনত গৌতম আদানিৰ যিমান ধন লোকচান হৈছে তাৰ পৰিমাণ এইবাৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা ভাৰতীয় ৰে’ল বাজেটৰ ৪ গুণতকৈ অধিক৷ বাণিজ্য আৰু অৰ্থনীতি বিষয়ক ৱেবছাইট ‘ফৰচুন’ৰ প্ৰতিবেদন অনুসৰি হিণ্ডেনবাৰ্গৰ প্ৰতিবেদন প্ৰকাশ্যে অহাৰ পূৰ্বে আদানি গোষ্ঠীৰ বিভিন্ন কোম্পানীৰ সম্পত্তিৰ মুঠ পৰিমাণ আছিল ২১ হাজাৰ ৭০০ কোটি ডলাৰ৷ ১০ দিনৰ পাছত সেই সম্পত্তিৰ পৰিমাণ হৈছেগে ৯ হাজাৰ ৯০০ কোটি ডলাৰ৷ ইয়াৰ ফলত যোৱা ২৪ জানুৱাৰীত বিশ্বৰ চহকী ব্যক্তিৰ তালিকাত তৃতীয় স্থানত থকা আদানি পপীয়া তৰাৰ দৰে খহি পৰিছে ২২ নম্বৰ স্থানলৈ৷ আগষ্টত মুকেশ আম্বানিৰ ৰিলায়েন্স গোষ্ঠীক অতিক্ৰম কৰি এছিয়াৰ সবাতোকৈ চহকী ব্যক্তিত পৰিণত হৈছিল গৌতম আদানি৷ তাৰ কিছুদিন পাছতে ‘ক্ৰেডিট ছাইট’ নামৰ এটা সংস্থাই আদানি গোষ্ঠী সন্দৰ্ভত ভয়ংকৰ প্ৰতিবেদন প্ৰকাশ কৰি কৈছিল যে আদানি গোষ্ঠীৰ এই চমৎকাৰ উত্তৰণৰ পাছত আছে পাহাৰসম ঋণৰ বোজা৷ সেই সময়ত আদানি গোষ্ঠীৰ ঋণৰ পৰিমাণ হৈছিল ২.২২ লাখ কোটি টকা৷ এই ঋণেই আদানি গোষ্ঠীৰ বাবে মাৰাত্মক বোজা হৈ পৰিব বুলি প্ৰতিবেদনত ‘ক্ৰেডিট ছাইটে’ দাবী কৰিছিল৷