ভাৰতত ছটা অত্যাধুনিক ট্ৰাম্প টাৱাৰ নিৰ্মাণৰ প্ৰস্তুতি
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৩ নৱেম্বৰ : ড’নাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছতে ট্ৰাম্পৰ ব্যৱসায়িক সাম্ৰাজ্যও বিস্তৃতি লাভ কৰা নিশ্চিত হৈ পৰিছে৷ এই ক্ষেত্ৰত ট্ৰাম্পৰ প্ৰথমেই চকু ভাৰতৰ দিশে৷ অচিৰেই আমেৰিকাৰ পাছতেই ৰিয়েল ইষ্টেট হাব হিচাপে সৰ্বাধিক ট্ৰাম্প টাৱাৰ থকা দেশ হৈ পৰিব ভাৰত৷ ট্ৰাম্পৰ কোম্পানীৰ সৈতে সম্পৰ্ক থকা ট্ৰিবেকা ডেভ’ল’পাৰ্ছৰ সৈতে হোৱা চুক্তি মৰ্মে ভাৰতৰ ৬খন মহানগৰত অচিৰেই আৰু ৬ টা ট্ৰাম্প টাৱাৰ নিৰ্মাণ কৰা হ’ব৷ সেই অনুসৰি পুনে, গুৰুগ্ৰাম, নয়ডা, মুম্বাই, হায়দৰাবাদ আৰু বেংগালুৰুত ৬ টা নতুন ট্ৰাম্প টাৱাৰ নিৰ্মাণ কৰা হ’ব৷
মাৰ্কিন ব্ৰেণ্ডৰ এই ট্ৰাম্প টাৱাৰৰ আয়তন হ’ব ৮ নিযুত বৰ্গফুট৷ ইয়াৰ বাবে ট্ৰাম্পৰ কোম্পানীয়ে ১৫,০০০ কোটি টকা বিনিয়োগ কৰিব৷ পূৰ্বে মুম্বাই, পুনে আৰু গুৰুগ্ৰামত ট্ৰাম্প টাৱাৰ নিৰ্মাণ কৰা হৈছিল৷ এই প্ৰকল্পৰ উদ্বোধনৰ বাবে ২০২৫ চনৰ আৰম্ভণিতে ড’নাল্ড ট্ৰাম্প জুনিয়ৰ ভাৰতলৈ আহিব৷ ট্ৰিবেকা ডেভ’ল’পাৰ্ছ হৈছে ট্ৰাম্পৰ কোম্পানীৰ সৈতে ব্যৱসায়িক চুক্তি থকা ভাৰতীয় ৰিয়েল ইষ্টেট কোম্পানী৷ তেওঁলোকৰ পৰামৰ্শতে এইবাৰ আৰু ৩ খন নতুন চহৰত ট্ৰাম্পৰ কোম্পানীয়ে প্ৰৱেশ কৰিছে৷