Logo
image

আজি ঝাৰখণ্ডত ভোট, ৱেইনাড়ত ইভিএমবন্দী হ’ব প্ৰিয়ংকাৰ ভাগ্য

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৩ নৱেম্বৰ : যি সমষ্টিত ৬ মাহ পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ৩.৫ লাখ ভোটত জয়লাভ কৰিছিল, সেই কেৰালাৰ ৱেইনাড়ত বুধবাৰে প্ৰথমটো নিৰ্বাচনী পৰীক্ষাৰ সন্মুখীন হ’ব ৰাহুল গান্ধীৰ ভগ্নী প্ৰিয়ংকা গান্ধী৷ জীৱনৰ প্ৰথমটো নিৰ্বাচনত জয়লাভ কৰাৰ লগতে কংগ্ৰেছৰ আসনখন ধৰি ৰখাটো প্ৰিয়ংকা গান্ধীৰ বাবে প্ৰত্যাহ৩ান৷ বুধবাৰৰ উপ-নিৰ্বাচনৰ পূৰ্বেই জ্যেষ্ঠ ভাতৃ ৰাহুল গান্ধীয়ে প্ৰিয়ংকা গান্ধীৰ বাবে আগবঢ়াই দিছে আন এটা প্রত্যাহ্বান৷ ৱেইনাড়ক বিশ্বৰ ভিতৰত অন্যতম শ্ৰেষ্ঠ পৰ্যটনস্থলীৰূপে প্ৰতিষ্ঠা কৰাৰ৷ ৱেইনাড় প্ৰাকৃতিক সৌন্দৰ্যত চহকী৷ ৱেইনাড়ে বিশ্ব পৰিচিতি পাবনে নাপাব সেয়া এক ভিন্ন বিষয়৷ কিন্তু ৰাহুল গান্ধীৰ প্রত্যাহ্বানে এটা বিষয় স্পষ্ট কৰিছে, ৱেইনাড়ত ভগ্নী প্ৰিয়ংকা বিজয়ী হ’ব বুলি ৰাহুল গান্ধী আত্মবিশ্বাসী হৈ আছে৷ প্ৰিয়ংকা গান্ধীৰ প্ৰথম সংসদ যাত্ৰাৰ পথত হেঙাৰ হৈ আছে ১৫গৰাকী প্ৰাৰ্থী, য’ৰ শক্তিশালী হৈছে চিপিআইৰ সত্যন ম’কেৰি আৰু বিজেপিৰ নব্যা হৰিদাস৷ ৱেইনাড়ত চিপিআইৰ যথেষ্ট ভিত্তি থাকিলেও বিজেপিয়ে লাহে লাহে খোপনি ল’বলৈ চেষ্টা চলাইহে আছে৷


১৪ লাখ ভোটাৰ থকা ৱেইনাড়ত বিগত মে’ৰ লোকসভা নিৰ্বাচনত ৩.৫ লাখ ভোটৰ ব্যৱধানত চিপিআইৰ সাধাৰণ সম্পাদক ডি ৰাজাৰ সহধৰ্মিনী এনি ৰাজাক ৰাহুল গান্ধীয়ে পৰাভূত কৰাতে প্ৰতিপন্ন হয় সমষ্টিটোত কংগ্ৰেছৰ প্ৰভাৱ৷ অৱশ্যে জ্জটা বিধানসভা সমষ্টি থকা ৱেইনাড়ত বিজেপিয়ে প্ৰচাৰৰ দিশত মুঠেই গাফিলতি প্ৰদৰ্শন কৰা নাই৷ প্ৰিয়ংকা গান্ধীৰ লোকসভাৰ পথ ৰোধ কৰিবলৈ বিজেপিয়ে আপ্ৰাণ চেষ্টা চলাইছে৷ যদিহে কংগ্ৰেছে আশা কৰাৰ দৰে আৰু পূৰ্বৰ নিৰ্বাচনৰ দৰেই ফলাফল হয়, তেন্তে প্ৰিয়ংকা গান্ধীয়ে এইবাৰ প্ৰথমবাৰলৈ সংসদত প্ৰৱেশ কৰিব৷আনহাতে, বুধবাৰে ঝাৰখণ্ডৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটদান৷ প্ৰথম পৰ্যায়ত ১৫খন জিলাত বিস্তৃত ৪৩টা সমষ্টিত মুঠ ৬৮৩জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে৷ মুখ্যমন্ত্ৰীৰ আসন এৰিবলগীয়া হোৱাত অসন্তুষ্ট হৈ বিজেপিত যোগ দিয়া চম্পাই ছোৰেন, স্বাস্থ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা বন্না গুপ্তা, ৰাজ্যসভাৰ সদস্য তথা প্ৰাক্তন মুখ্যমন্ত্ৰী মধু কোড়াৰ পত্নী মহুৱা মাঝি, প্ৰাক্তন মুখ্যমন্ত্ৰী ৰঘূবৰ দাসৰ বোৱাৰী পূৰ্ণিমা দাসৰ কাইলৈ ভাগ্য নিৰ্ধাৰণ হ’ব৷ হেমন্ত ছোৰেন নেতৃত্বাধীন জোঁট চৰকাৰখনক ক্ষমতাৰ পৰা উৎখাত কৰিবলৈ বিজেপিয়ে ঝাৰখণ্ডত প্ৰবল প্ৰচাৰ চলাইছে৷ ৰাজ্যখনত পৰিৱৰ্তন আহে নে ছোৰেনেই শেষ হাঁহি মাৰে সেয়া কোৱা এতিয়াও কঠিন৷ বুধবাৰে দেশৰ ভিন ভিন ৰাজ্যত ৩১টা বিধানসভা সমষ্টিটো উপ-নিৰ্বাচন অনুষ্ঠিত হ’ব৷