
ত্ৰিবেণী সংগমৰ পানী অতি দূষিত, স্নানৰ যোগ্য নহয়
‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৮ ফেব্ৰুৱাৰীঃ পৱিত্ৰ গংগা আৰু যমুনাৰ পানী স্নানৰ যোগ্য নহয়৷ গংগা-যমুনা আৰু ত্ৰিবেণী সংগমৰ পানীত অস্বাভাৱিক মাত্ৰাত ‘ফিকল’ বেক্টেৰিয়া আছে, যি সেই পানীত স্নান কৰা লোকৰ ভয়ংকৰ শাৰীৰিক ক্ষতিসাধন কৰিব পাৰে৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে যোৱা ৩ ফেব্ৰুৱাৰীত গংগা-যমুনাৰ পানী অতি দূষিত বুলি প্ৰতিবেদন দাখিলৰ লগে লগে দৈনিক কোটিৰ ঘৰত মহাকুম্ভমেলাত স্নান কৰি থকা পৰিস্থিতিত আতংক আৰু উদ্বিগ্নতাৰ সৃষ্টি হৈছে৷ উল্লেখ্য, যোৱা ১৩ জানুৱাৰীৰ পৰা প্ৰয়াগৰাজত মহাকুম্ভমেলা আৰম্ভ হৈছে আৰু ইতিমধ্যে ৫০ কোটি ভক্তই মহাকুম্ভমেলাত স্নান কৰা বুলি যোগী আদিত্যনাথ চৰকাৰে প্ৰকাশ কৰিছে৷ পানী দূষিত হ’লেও অহা ৪ ফেব্ৰুৱাৰীলৈকে প্ৰয়াগৰাজত মহাকুম্ভৰ স্নান অব্যাহত থাকিব আৰু প্ৰশাসনে অভূতপূৰ্ব ভক্তৰ সমাগমৰ বাবে মেলাৰ সূচী আৰু কিছুদিনলৈ বৃদ্ধি কৰিব৷ কোটি কোটি লোকে ত্যাগ কৰা মল-মূত্ৰ পানীত মিহলি হোৱাৰ ফলতে পৱিত্ৰ গংগা আৰু যমুনাৰ পানী এনেদৰে দূষিত হৈ পৰিছে৷ কিয়নো ফিকল বেক্টেৰিয়াৰ পৰিমাণ মানুহ আৰু জীৱ-জন্তুৰ মল-মূত্ৰ পানীৰ সৈতে মিহলি হ’লেই বৃদ্ধি হয় বুলি কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে জনাইছে৷
কেন্দ্ৰীয় সেউজ ন্যায়াধীকৰণে গংগা আৰু যমুনাৰ পানীত অত্যধিক ‘ফিকল কলিফৰ্ম বেক্টেৰিয়া’ৰ উপস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে৷ কিয়নো এই দূষিত পানীতে এতিয়া দৈনিক গড়ে ৰ কোটি ৩৫ লাখকৈ ভক্তই স্নান কৰি আছে৷ এনে অতি দূষিত পানীত স্নান কৰিলে ডায়েৰিয়া, টাইফয়ড, গেষ্ট্ৰ’এণ্ট্ৰাইটিছ আৰু বিভিন্ন চৰ্মৰোগ হ’ব পাৰে৷ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডে প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি সম্প্ৰতি মহাকুম্ভমেলা হৈ থকা প্ৰয়াগৰাজৰ গংগা-যমুনাৰ পানী স্নানৰ যোগ্য নহয়৷ স্নান কৰিব পৰাকৈ পানীত যি পৰিমাণৰ ‘বায়’মেকানিকেল অক্সিজেন ডিমাণ্ড’ থাকিব লাগে, এই পানীত সেই মান নাই৷
পানীত ফিকল বেক্টেৰিয়া কিমান আছে সেয়া ‘কলিফৰ্ম কাউণ্ট’ৰ জৰিয়তে নিৰ্ণয় কৰা হয়৷ অৰ্থাৎ ১০০ মিলিমিটাৰ পানীত কিমান দূষিত সেয়া ‘এমপিএন’ৰ দ্বাৰা প্ৰকাশ কৰা হয়৷ ২০২৪ চনত কেন্দ্ৰীয় নগৰ উন্নয়ন মন্ত্ৰণালয়ৰ দ্বাৰা গঠিত কমিটীৰ মতে ১০০ মিলিলিটাৰ পানীত ৫০০ এম পি এনৰ পৰা ২,৫০০ এম পি এনলৈকে দূষিত নহয় অথবা স্নানৰ ব্যৱহাৰৰ বাবে অনুমোদিত৷ কিন্তু কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ডৰ প্ৰতিবেদন মতে গংগাৰ শাস্ত্ৰী দলঙৰ ওচৰৰ পানীত প্ৰতি ১০০ মিলিলিটাৰ ১১,০০০ এম পি এন মাত্ৰাৰ দূষণ আছে৷ সংগমত সেই পৰিমাণ ১০০ মিলিলিটাৰত জ্জ,৯০০ এম পি এন৷ শাস্ত্ৰী দলং সংগমৰ পৰা ২ কিলোমিটাৰ নিলগত৷ আনহাতে, গংগাত মিলিত হোৱাৰ পূৰ্বে যমুনাৰ পানীত সেই পৰিমাণ ১০০ মিলিলিটাৰত ৪,৯০০ এম পি এন৷ এই তথ্যৰ বাবে পানীৰ নমুনা লোৱা হৈছিল বসন্ত পঞ্চমীৰ স্নানৰ পাছত ৩ ফেব্ৰুৱাৰীত৷ সেই দিনটোত প্ৰয়াগৰাজত কেইবাকোটি লোকৰ সমাৱেশ ঘটিছিল আৰু তেওঁলোকৰ মল-মূত্ৰ গংগা-যমুনাৰ পানীত মিলিত হৈ প্ৰদূষণৰ মাত্ৰা বাঢ়িছিল৷ অৱশ্যে তাৰ পূৰ্বেও একে অঞ্চলৰ পানী অস্বাভাৱিক পৰিমাণত দূষিত আছিল৷