Logo
image

ইংলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পূৰ্বে আচম্বিতে স্বদেশলৈ গম্ভীৰ

এণ্টিগুৱা, ১৩ জুনঃ   ইংলেণ্ডৰ বিৰুদ্ধে ২০ জুনৰ পৰা আৰম্ভ হ’বলগীয়া পাঁচখন টেষ্টৰ শৃংখলাৰ পূৰ্বে ভাৰতীয় দলে শুকুৰবাৰৰ পৰা ভাৰতীয় ‘এ’ দলৰ বিৰুদ্ধে চাৰিদিনীয়া প্ৰস্তুতি খেল এখনত অৱতীৰ্ণ হৈছে৷ কিন্তু খেলখনৰ সময়ত দেখা পোৱা নাযাব টীম  ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক৷ শুকুৰবাৰেই বিশেষ কাৰণত গম্ভীৰ হঠাৎ স্বদেশলৈ উভতিছে৷ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বুধবাৰে গম্ভীৰৰ মাতৃ হূদৰোগত আক্ৰান্ত হৈছিল৷ মাতৃৰ অসুস্থতাৰ কথা জানিব পাৰি প্ৰশিক্ষকজনে ততাতৈয়াকৈ স্বদেশলৈ ৰাওনা হোৱাৰ সিদ্ধান্ত লয়৷ মাতৃৰ স্বাস্থ্যৰ বুজ ল’বলৈ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ অনুমতি সাপেক্ষে গম্ভীৰ স্বদেশলৈ উভতিছে৷


দিল্লীৰ হাস্পতালত ভৰ্তি কৰোৱা মাতৃৰ খবৰ লোৱাৰ লগতে চিকিৎসা সংক্ৰান্তীয় সকলো ব্যৱস্থা কৰি তেওঁ পুনৰ ভাৰতীয় শিবিৰত যোগ দিব৷ টীম ইণ্ডিয়াৰ সূত্ৰই জনোৱা অনুসৰি সকলো ঠিকে থাকিলে ১৭  জুনত গম্ভীৰে ভাৰতীয় শিবিৰত যোগ দিয়াৰ কথা৷ উল্লেখ্য, ইংলেণ্ডৰ বিৰুদ্ধে হ’বলগীয়া শৃংখলাটো ভাৰতীয় দলৰ লগতে গম্ভীৰৰ বাবেও হ’ব যথেষ্ট গুৰুত্বপূৰ্ণ৷ এই শৃংখলাটোৰেই ভাৰতে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ২০২৫-২৭ চক্ৰ আৰম্ভ কৰিব৷ ৰোহিত শৰ্মা  আৰু বিৰাট কোহলিয়ে টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছত এয়াই হ’ব ভাৰতৰ প্ৰথমটো শৃংখলা৷ নিউজীলেণ্ডৰ বিৰুদ্ধে স্বদেশত হোৱাইট-ৱাশ্বৰ সন্মুখীন হোৱাৰ পাছত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ব’ৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী শৃংখলাত হোৱা বিপৰ্যয়ৰ বাবে যথেষ্ট চাপত আছে গম্ভীৰ৷ ইংলেণ্ডৰ বিৰুদ্ধে এইবাৰ তেওঁ কেনেধৰণৰ ৰণকৌশল অৱলম্বন কৰে সেয়া হ’ব লক্ষ্যণীয়৷