
প্ৰাৰ্থী পত্নী, নিৰ্বাচনী পোষ্টাৰত ফটো স্বামীৰ
‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২১ এপ্ৰিলঃ দেশে স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ অতিক্ৰম কৰিলে যদিও আজিও যেন এইখন অসমত একাংশ কট্টৰ পন্থীৰ ধৰ্মীয় গোড়ামী অন্ত নপৰিল৷ এইবাৰৰ পঞ্চায়ত নিৰ্বাচনে অসমৰ একাংশৰ পুৰুষ প্ৰধান সমাজ ব্যৱস্থাৰ মানসিকতাৰ নগ্ন স্বৰূপ যেন উদঙাই দিছে৷ সমাগত পঞ্চায়ত নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে৷ কি শাসক, কি বিৰোধী নিৰ্বাচনী প্ৰচাৰৰ পৰা কোনেও বাদ পৰি ৰোৱা নাই৷ কিন্তু পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা একাংশ প্ৰাৰ্থীৰ পোষ্টাৰ-বেনাৰে এতিয়া সকলোৰে যেন চকু কঁপালত তুলিছে৷ মহিলাৰ বাবে সংৰক্ষিত একাংশ গাঁও পঞ্চায়তত নামত মহিলা প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে যদিও নিৰ্বাচনী বেনাৰ-পোষ্টাৰত স্বামী বা ভাতৃৰ ফটো লগাই প্ৰচাৰ চলোৱা কাৰ্যক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে৷ বিশেষকৈ সংখ্যালঘু মুছলমান অধ্যুষিত পঞ্চায়তসমূহত কংগ্ৰেছ প্ৰাৰ্থীসকলৰ একাংশৰ বেনাৰ-পোষ্টাৰত মহিলাৰ প্ৰাৰ্থীৰ পৰিৱৰ্তে তেওঁৰ স্বামী বা ভাতৃৰ ফটো লগাই ভোট বিচৰা পৰিলক্ষিত হৈছে৷ মহিলা প্ৰাৰ্থীৰ বিপৰীতে বেনাৰ-পোষ্টাৰত পুৰুষৰ ফটো লগোৱাৰ সন্দৰ্ভত তেওঁলোকৰ যুক্তি–মহিলা বা ছোৱালীৰ ফটো ফেচবুক, বেনাৰ বা আন মাধ্যমত বোৰ্খা অবিহনে ৰাজহুৱা কৰাত শ্বৰীয়ত আইন অনুসৰি বাধা আছে৷ সেয়েহে মহিলা প্ৰাৰ্থীসকলৰ পৰিৱৰ্তে ভোটাৰৰ পৰিচিত তেওঁলোকৰ স্বামী বা ভাতৃৰ ফটো বেনাৰ-পোষ্টাৰত লগোৱা হৈছে বুলিও কংগ্ৰেছৰ ফালৰ পৰা জানিবলৈ দিছে৷ উদাহৰণ স্বৰূপে ১৩ নং কালিগঞ্জ জিলা পৰিষদৰ সদস্য পদত কংগ্ৰেছৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে খাদিজা বেগমে৷ কিন্তু নিৰ্বাচনী পোষ্টাৰত খাদিজা বেগমৰ পৰিৱৰ্তে তেওঁৰ স্বামী বিজু আহমেদ তালুকদাৰহে ফটো লগোৱা হৈছে৷ একেদৰে বৰাকৰ জ্জ নং নিলাম বজাৰ আঞ্চলিক পঞ্চায়তৰ অন্তৰ্গত ৮৭ নং ইলাছপুৰ গাঁও পঞ্চায়তৰ সদস্য পদত কংগ্ৰেছৰ হৈ নিৰ্বাচনত উঠিছে ছাহানাৰা পাৰবিন খান নামৰ মহিলা প্ৰাৰ্থীগৰাকী৷ কিন্তু নিৰ্বাচনী পোষ্টাৰত ছাহানাৰৰ পৰিৱৰ্তে তেওঁ স্বামীৰহে বৃহৎ ফটো লগাই ভোটাৰক ভোট বিচৰা পৰিলক্ষিত হৈছে৷ একেদৰে বৰাকৰ আন এখন আঞ্চলিক পঞ্চায়তত কংগ্ৰেছৰ হৈ নিলুপা য়াছমিন নামৰ মহিলাগৰাকীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়ালেও, নিলুপা য়াছমিনৰ স্থানত পোষ্টাৰত দাড়ী-টুপী পৰিহিত বৃদ্ধ স্বামীৰ ফটোহে সংলগ্ন কৰা দেখা গৈছে৷ ধৰ্মীয় সংখ্যালঘু প্ৰধান পঞ্চায়ত এলেকাসমূহত কেৱল কংগ্ৰেছেই এই কৌশল গ্ৰহণ কৰিছে তেনে নহয়, আন একাংশ নিৰ্দলীয় মহিলা প্ৰাৰ্থীৰ নিৰ্বাচনী পোষ্টাৰতো স্বামীৰ ফটো লগাই ভোট বিচৰা দেখা গৈছে৷ সেই অনুসৰি ৩৮ নং ছাদাৰাশী গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য পদত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা জাহিদা বেগমৰ স্থানত পোষ্টাৰত তেওঁৰ স্বামীৰহে ফটো লগোৱা হৈছে৷ একেদৰে ১৩ নং কালিগঞ্জ জিলা পৰিষদৰ সদস্য পদত মনোনয়ন দাখিল কৰিছিল নিৰ্দলীয় প্ৰাৰ্থী মাৰ্জিনা চুলতানা তাপাদাৰে৷ হাৰিকেন চিহ্নত ভোট দিয়াৰ বাবে ছপোৱা পোষ্টাৰত মাৰ্জিনাৰ পৰিৱৰ্তে তেওঁৰ বৃদ্ধ স্বামীৰহে ফটো লগোৱা দেখা গৈছে৷
আনহাতে কানিশাইল পেট্ৰ’ল নগৰ গাঁও পঞ্চায়ত ৱাৰ্ড সদস্য পদত প্ৰতিদ্বন্দ্বিতা কৰা নিৰ্দালীয় প্ৰাৰ্থী চবনম বাহাৰৰ হৈ তেওঁ স্বামীয়ে পোষ্টাৰত নিজৰ ফটো লগাই মুকলিকৈ ভোট বিচৰা পৰিলক্ষিত হৈছে৷ ৭৬ নং মেদল-চৰীফ নগৰ গাঁও পঞ্চায়তত মনোনয়ন দাখিল কৰা তাহমিনা বেগম চৌধুৰীৰ হৈ তেওঁৰ স্বামীয়ে নিজৰ ফটো লগাই টেক্সিগাড়ীৰ ছবিত ভোট বিচাৰি দেৱালে দেৱালে পোষ্টাৰ লগোৱা দেখা গৈছে৷ কংগ্ৰেছ বা নিৰ্দলীয় প্ৰাৰ্থীৰ এইসমূহ পোষ্টাৰৰ পৰা স্পষ্ট হৈ পৰিছে যে ধৰ্মীয় সংখ্যালঘু প্ৰধান অঞ্চলসমূহত নাৰীয়ে পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে যোগ্যতা অৰ্জন কৰিলেও নাৰীৰ প্ৰকৃত স্বাধীনতাৰ পৰা যেন আজিও তেওঁলোক উপেক্ষিত৷ তদুপৰি শ্বৰীয়ত আইনৰ দুহাই দি ঘৰৰ মহিলাৰ ফটো বোৰ্খা বিহীনভাৱে ৰাজহুৱা কৰাৰ পৰা বিৰত থাকি ধৰ্মীয় গোড়ামীৰ নিদৰ্শন দাঙি ধৰা এইসকল ছদ্মবেশী মুছলমানে আজিও যেন মান্ধাতা যুগৰ পুৰুষপ্ৰধান সমাজকে প্ৰতিনিধিত্ব কৰি আহিছে৷ অৱশ্যে, নিৰ্বাচনী পোষ্টাৰত পত্নী আৰু ভগ্নী হৈ স্বামী বা ভাতৃয়ে ভোট বিচৰা কাৰ্যই ইয়াকো স্পষ্ট কৰি দিছে যে নিৰ্বাচনত কেনেবাকৈ এইসকল মহিলা প্ৰাৰ্থী জয়ী হ’লেও বাস্তৱত পঞ্চায়ত চলাব তেওঁলোকৰ সেই স্বামী বা ভাতৃয়ে৷ পঞ্চায়তৰ আসনসমূহ মহিলাৰ বাবে সংৰক্ষিত হোৱাৰ বাবেহে যে বাধ্যত পৰি সংশ্লিষ্ট পুৰুষ সকলে পত্নী বা ভগ্নীক নিৰ্বাচনত উঠাইছে, সেয়া নকলেও দিনৰ পোহৰৰ দৰে স্পষ্ট হৈ পৰিছে৷ বিশেষকৈ কংগ্ৰেছৰ এই নিৰ্বাচনী কৌশলক সমালোচনাৰো লক্ষ্য কৰি লৈছে বিজেপিয়ে৷ প্ৰদেশ বিজেপিয়ে সামাজিক মাধ্যমত কংগ্ৰেছ দল মানেই ধৰ্মানন্ধতাৰ ওচৰত নিলৰ্জ আত্মসমৰ্পন বুলি কটাক্ষ কৰি কয়–পঞ্চায়ত নিৰ্বাচনত কংগ্ৰেছৰ মহিলা প্ৰাৰ্থীৰ পোষ্টাৰ-বেনাৰত মহিলা প্ৰাৰ্থীৰ ফটো নাই, আছে সেই প্ৰাৰ্থীৰ স্বামীৰ ফটো৷ কাৰণ ধৰ্মান্ধসকলে মহিলাৰ ফটো ৰাজহুৱা নকৰে৷ ধৰ্মান্ধসকলে উপায়হীন হৈ মহিলা প্ৰাৰ্থী দিছে যদিও সেই মহিলা প্ৰাৰ্থীক আঁৰত ৰাখি স্বামীকহে সমাজৰ সন্মুখলৈ উলিয়াই দিছে৷ এয়াই কংগ্ৰেছৰ ধৰ্মান্ধতাৰ আগত নিলৰ্জ আত্মসমৰ্পনৰ নগ্নৰূপ৷ এনে সাম্প্ৰদায়িক শক্তিৰ হাত ধৰিয়েই কংগ্ৰেছে নিৰ্বাচনত নামিছে৷