Logo
image

আদানি পাৱাৰক তিনি হাজাৰ বিঘা, দিছপুৰত মুখ্যমন্ত্ৰীৰে বৈঠক

‘আমাৰ অসম’ৰ ধুবুৰীৰ প্ৰতিনিধিঃ বিহুৰ বতৰত নামনি অসমলৈ সুখবৰ৷ আদানি গোষ্ঠীৰ ‘আদানি পাৱাৰ’ নামৰ বহুজাতিক কোম্পানীটোৱে নামনি অসমত নিৰ্মাণ কৰিব এটা তাপবিদ্যুৎ প্ৰকল্পৰ লগতে এটা সৌৰ প্ৰকল্প৷ সেই অনুসৰি মঙ্গলবাৰে দুটাকৈ সম্ভাব্য প্ৰকল্পস্থলী পৰিদৰ্শন কৰে গৌতম আদানীৰ পুত্ৰ জিৎ আদানিয়ে৷ উল্লেখ্য যে, মঙ্গলবাৰে দিনৰ ১১টা মান বজাত বিশেষ বিমানেৰে ধুবুৰী-কোকৰাঝাৰ জিলা সংলগ্ন কোক্‌ৰাঝাৰৰ ৰূপসী বিমানবন্দৰত উপস্থিত হয় গৌতম আদানীৰ পুত্ৰ জিত আদানীসহ ২০ জনীয়া এটি দল৷ ৰূপসীৰ পৰা বাশবাৰী ৰে'লৱে ষ্টেছন পৰ্য্যবেক্ষনৰ পিছত পোনে পোনে কোকৰাঝাৰৰ পৰ্বতঝোৰা মহকুমাৰ বাশবাৰীৰ সম্ভাব্য প্ৰকল্পস্থলীত উপস্থিত হয় দলটোৱে৷ প্ৰায় ৩৪০০ বিঘা ভূমি পৰিদৰ্শন কৰে জিত আদানীয়ে৷ ভূমি পৰিদৰ্শনৰ লগতে পাৰ্শ্বৱৰ্তী গংগাধৰ নৈৰ নিজে উপস্থিত হৈ পৰিদৰ্শন কৰে৷ উল্লেখযোগ্য যে বাশবাৰী-মোৱামাৰী গাঁৱত জিত আদানী উপস্থিত হোৱাত স্থানীয় টিএলচিচিৰ সভাপতি উত্তম হাজোৱাৰীয়ে আৰ্ণাইৰে তেওঁক আদৰণী জনায়৷ প্ৰায় এঘণ্টা সময় বাশবাৰীৰ প্ৰকল্পস্থলী পৰিদৰ্শন কৰি তাৰে পৰা ধুবুৰী জিলাৰ বিলাসীপাৰাৰ সমীপৰ আন এটা ভূমিও পৰিদৰ্শন কৰে তেওঁ৷ বিলাসীপাৰা মহকুমাৰ চিৰাকুটি অঞ্চলৰ চৰুৱা-বাখৰাৰ প্ৰায় ৩০০০ হাজাৰ বিঘাৰ সেই ভূমিডোখৰ তথা পাশ্বৰ্ৱৰ্তী অঞ্চল ভালদৰে পৰ্যবেক্ষণ কৰে ‘‘আদানী পাৱাৰ’’ৰ সেই দলটোৱে৷  জানিব পৰা মতে, পৰিদৰ্শন সম্পন্ন হোৱাৰ পিছত যোগীঘোপা যোৱাৰ পিছত পুনৰ ৰূপসীহৈ গুৱাহাটীলৈ যাত্ৰা কৰিব জিত আদানী৷ নিশা উক্ত বিষয়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ’ব বুলি জানিব পৰা গৈছে৷ 

বিলাসীপাৰাৰ চিৰাকুটাত গৌতম আদানিৰ পুত্ৰ জিৎ

‘আমাৰ অসম’ৰ বিলাসীপাৰাৰ প্ৰতিবেদকঃ মঙ্গলবাৰে এডভাণ্টেজ আসামৰ কাৰ্যসূচীৰ অংশ হিচাপে কটকটীয়া নিৰাপত্তাৰ ব্যবস্থাৰ মাজত বিলাসীপাৰাৰ চিৰাকুটাত উপস্থিত হয় গৌতম আদানীৰ পুত্ৰ জিৎ আদানী৷ বিশেষ সূত্ৰই জানিব পৰা মতে ৰূপসী বিমানবন্দৰত পুৱা ৯.৫১ বজাত অৱতৰণ কৰে জিৎ আদানীৰ সহ ১৩ জনীয়া দলটোৱে৷ পাছত ৰূপসী বিমানবন্দৰৰ পৰা বিলাসীপাৰাৰ চিৰাকুটাত উপস্থিত হৈ চৰুৱাবাখৰা, সন্তোষপুৰ, চিৰাকুটা আদি অঞ্চলৰ ভূমি পৰ্যবেক্ষণ কৰে দলটোৱে৷ বিলাসীপাৰা সমজিলাৰ চৰুৱাবাখৰা, সন্তোষপুৰ, চিৰাকুটা আদি অঞ্চলত প্ৰায় ৩ হাজাৰ ৫০০ বিঘা ভূমিত তাপ বিদ্যুৎ প্ৰকল্প স্থাপনৰ দিশে আগবাঢ়িছে আদানী গ্ৰুপে৷ সেই বাবে  উক্ত অঞ্চলবোৰত প্ৰশাসনে উচ্ছেদৰ বাবে প্ৰস্তুতি চলাইছে৷  উচ্ছেদ অভিযানৰ সম্ভাৱনাকলৈ সন্তোষপুৰ, চৰুৱাবাখৰা, চিৰাকুটা আদি অঞ্চলৰ হাজাৰ হাজাৰ পৰিয়ালৰ মাজত  হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ মঙ্গলবাৰে  বিয়লি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে জিৎ আদানী সহ দলটোৱে বিশেষ আলোচনাত মিলিত হ’ব বুলি জানিবলৈ দিয়ে৷ আনহাতে উক্ত গাওঁ সমূহত বাস কৰি থকা পৰিয়ালৰ লোক সকলক সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পিছতহে উচ্ছেদ অভিযান চলাবলৈ ৰাইজে চৰকাৰৰ ওচৰত দাবী জনাইছে৷ 


যোগীঘোপাত আদানি গ্ৰুপৰ শীৰ্ষ বিষয়াৰ দল

‘আমাৰ অসম’ৰ যোগীঘোপাৰ প্ৰতিবেদকঃ বঙাইগাঁও জিলাৰ যোগীঘোপাৰ নিৰ্মাণ হৈ থকা ভাৰতৰ প্ৰথমটো আন্তৰ্জাতিক মাল্টি মডেল লজিষ্টিক পাৰ্কত মঙ্গলবাৰে আদানি গ্ৰুপৰ এটি দল উপস্থিত হয়৷ আদানি গ্ৰুপৰ চাৰিজনীয়া শীৰ্ষ বিষয়াৰ দল উপস্থিত হৈ যোগীঘোপাৰ মাল্টি মডেল লজিষ্টিক পাৰ্ক পৰিদৰ্শন কৰে৷ জানিব পৰা মতে, বিখ্যাত উদ্যোগপতি গৌতম আদানিৰ পুত্ৰ জীৎ আদানিৰ নেতৃত্বত আদানি গ্ৰুপৰ এটি দল মঙ্গলবাৰে পুৱাই ৰূপসী বিমান বন্দৰত উপস্থিত হয়৷ উক্ত দলৰে চাৰিজনীয়া শীৰ্ষ বিষয়াৰ এটি দল ৰূপসী বিমান বন্দৰৰ পৰা পোনে পোনে যোগীঘোপাত নিৰ্মাণ হৈ থকা মাল্টি মডেল লজিষ্টিক পাৰ্কত উপস্থিত হয়৷ দলটোৱে মাল্টি মডেল লজিষ্টিক পাৰ্কত উপস্থিত হৈ পাৰ্ক পৰিদৰ্শন কৰি চৌপাশ পৰ্যবেক্ষণ কৰে৷ আনকি চাৰিজনীয়া শীৰ্ষ বিষয়াৰ দলটোৱে মাল্টি মডেল লজিষ্টিক পাৰ্ক নিৰ্মাণৰ কাম বুজ লয়৷ ইয়াৰ পিছতে দলটোৱে যোগীঘোপাৰ আন্তঃৰাষ্ট্ৰীয় জল পৰিবহণ টাৰ্মিনেলো পৰিদৰ্শন কৰে৷ যোগীঘোপাৰ আন্তঃৰাষ্ট্ৰীয় জল পৰিবহণৰ টাৰ্মিনেল পৰিদৰ্শন কৰি ব্ৰহ্মপুত্ৰ নৈৰে জল পৰিবহণ ব্যৱস্থাৰ বুজ লয়৷ বঙাইগাঁও জিলা আৰক্ষী প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা ব্যস্তনিৰ মাজত দলটোৱে যোগীঘোপাৰ মাল্টি মডেল লজিষ্টিক পাৰ্ক আৰু জল পৰিবহণ টাৰ্মিনেল পৰিদৰ্শন কৰে৷ অৱশ্যে সংবাদ মাধ্যমৰ পৰা দূৰত অৱস্থান কৰে আদানী গ্ৰুপৰ শীৰ্ষ বিষয়াৰ দলটোৱে৷ কি কাৰণত যোগীঘোপাৰ মাল্টি মডেল লজিষ্টিক পাৰ্ক পৰিদৰ্শন কৰিলে সেয়া অৱেশ্য জানিব পৰা নাই৷ যোগীঘোপাৰ মাল্টি মডেল লজিষ্টিক পাৰ্কত আদানি গ্ৰুপে বিনিয়োগ কৰিব বুলি চৰ্চা চলিছে৷ উল্লেখ্য যে যোগীঘোপাত নিৰ্মাণ হৈ আছে ভাৰতৰ প্ৰথমটো আন্তৰ্জাতিক মাল্টি মডেল লজিষ্টিক পাৰ্ক৷ ইতিমধ্যে মাল্টি মডেল লজিষ্টিক পাৰ্কৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণকাৰ্য প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত বুলি জনা গৈছে৷ যোৱা শনিবাৰে ভূটানৰ নৃপতি জিগমে খেচাৰ নামগৱেল ৱাংচকে পৰিদৰ্শন কৰিছিল মাল্টি মডেল লজিষ্টিক পাৰ্ক৷ মাল্টি মডেল লজিষ্টিক পাৰ্ক নিৰ্মাণ সম্পন্ন হৈ উঠিলে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু বাংলাদেশলৈ বিভিন্ন সামগ্ৰী আমদানি আৰু  ৰপ্তানী হ'ব৷