Logo
image

যুদ্ধ আৰু জনসমৰ্থন

২২ এপ্ৰিল ২০২৫তাৰিখে জম্মু-কাশ্মীৰৰ পেহেলগামত পাক সমৰ্থিত সন্ত্ৰাসবদীয়ে চলোৱা বৰ্বৰ হত্যাকাণ্ডৰ বিৰুদ্ধে ভাৰতীয় সেনাই ৬ মে’ ২০২৫ তাৰিখে পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিত চলোৱা আক্ৰমণে সৰ্বস্তৰৰ ভাৰতীয়ৰ সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে৷ এইটো ভাৰতীয় গণৰাজ্য আৰু গণতন্ত্ৰৰ বাবে শুভলক্ষণ৷ শিক্ষিত-সচেতন সমাজে জানে যে যুদ্ধই আমাৰ অৰ্থনীতিৰ বিপুল ক্ষতি কৰিব৷ দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধি পাব৷ এইবোৰৰ  জোৰা মাৰিবলৈ চৰকাৰে কৰ কাটলো বৃদ্ধি কৰিবলগীয়া পৰিস্থিতি হ’ব পাৰে৷ তাৰ পাছতো সৰ্বস্তৰৰ জনতাই এই যুদ্ধক সমৰ্থন জনাইছে কিয়? তাৰ প্ৰথম আৰু প্ৰধান কাৰণ এইটোৱেই যে বোধহয় স্বৰাজোত্তৰ ভাৰতত প্ৰথমবাৰৰ বাবে সমগ্ৰ ভাৰতবৰ্ষ জম্মু-কাশ্মীৰৰ জনতাৰ পক্ষত থিয় দিছে৷ এই যে গোটেই দেশৰ জনতাক তেওঁলোকৰ পক্ষত থিয় কৰাবলৈ সক্ষম হৈছে তাৰো কৃতিত্ব জম্মু-কাশ্মীৰৰ জনতাৰেই৷ জম্মু-কাশ্মীৰৰ জনতাই ধৰ্মান্ধ সন্ত্ৰাসবাদীয়ে পেহেলগামত পৰ্যটকক ধৰ্মৰ পৰিচয়ৰ ভিত্তিত নৃশংসভাৱে হত্যা কৰাৰ প্ৰত্যুত্তৰ দিলে গভীৰ মানৱীয়তা আৰু সাহসেৰে৷ ধৰ্মভিত্তিক সন্ত্ৰাসবাদে যে ধৰ্মীয় অনুভূতি থকা সাধাৰণ জনতাক আকৰ্ষিত কৰাত ব্যৰ্থ হৈছে আৰু কাশ্মীৰৰ মুছলমান সম্প্ৰাদয়ৰ, বিশেষকৈ খাটি খোৱা মানুহখিনিৰ যে পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদৰ প্ৰতি কোনো সমৰ্থন নাই আৰু জীৱন-জীৱিকাৰ নিৰাপত্তাতকৈ ধৰ্মীয় পৰিচয় যে উদ্ধৰ্ত নহয়- এই কথা কাশ্মীৰৰ জনতাই, বিশেষকৈ মুছলমান সম্প্ৰদায়ে প্ৰমাণ কৰি দিলে৷ এই মুহূৰ্তত ভাৰতবৰ্ষৰ সৰ্বস্তৰৰ জনতাই কাশ্মীৰৰ সাধাৰণ জনতাৰ পৰা শিকিবলগীয়া এইটোৱেই আটাইতকৈ ডাঙৰ কথা৷ ভাৰতবৰ্ষ পাকিস্তান নহয়, এই কথাও জম্মু-কশ্মীৰৰ জনতাই প্ৰমাণ কৰি দিলে৷  এই কথাও প্ৰমাণ কৰি দিলে যে ভাৰতীয় স্বাধীনতা সংগ্ৰাম আৰু ভাৰতীয় সংবিধানৰ প্ৰমূল্যই হ’ল এনে সংকট মোকাবিলা কৰাৰ প্ৰধান অৱলম্বন৷ আমাৰ দেশতো ধৰ্মক কেন্দ্ৰ কৰি যোৱা সময়ছোৱাত চলি থকা উন্মাদনাই যে দেশৰ নিৰাপত্তা সুনিশ্চিত কৰিব নোৱাৰে সেই কথাও পেহেলগামৰ পৰৱৰ্তী সময়ৰ ঘটনা প্ৰৱাহে প্ৰমাণ কৰি দিলে৷ 

দেশৰ নিৰাপত্তাৰ ক্ষেত্ৰত শাসক আৰু বিৰোধীৰ মাজত নিৰ্মাণ হোৱা সহমতো আমাৰ গণৰাজ্য আৰু গণতন্ত্ৰৰ বাবে এক শুভলক্ষণ৷ চৰকাৰে পেহেলগামৰ সন্ত্ৰাস ৰোধ কৰাৰ ক্ষেত্ৰত ৰৈ যোৱা বিচু্যতিৰ কথা স্বীকাৰ কৰি লোৱা কথাটোৱে বিৰোধী ৰাজনৈতিক দলবিলাকক চৰকাৰে এই সন্ত্ৰাস ৰোধ কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বেলিকা সহমত নিৰ্মাণ কৰাত সহায় কৰিছে৷ 

এই সকলোবিলাকৰ সমান্তৰালভাৱে সামৰিক বাহিনীৰ পেছাদাৰিত্ব আৰু ধৰ্মনিৰপেক্ষ চৰিত্ৰ আৰু ভূমিকাই ভাৰতৰ সৰ্বস্তৰৰ মানুহৰ মাজত সমৰ্থন বুটলিবলৈ সক্ষম হৈছে৷ ৬ মে’ ২০২৫ তাৰিখৰ নিশা ভাৰতীয় সেনাই আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ বিষয়ে জ্জ মে’ত ভাৰতীয় সেনাই আয়োজন কৰা সংবাদ মেলখন আছিল সু-চিন্তিত৷ এই সংবাদ মেল প্ৰতিৰক্ষামন্ত্ৰী অথবা গৃহমন্ত্ৰীয়ে সম্বোধন কৰাৰ পৰিৱৰ্তে ভাৰত চৰকাৰৰ বৈদেশিক সচিব আৰু দুগৰাকী সেনা বিষয়াই সম্বোধন কৰা কথাটোৱে দেশৰ নিৰাপত্তাৰ বেলিকা সৈন্য বাহিনীৰ পেছাদাৰিত্বক প্ৰতিপন্ন কৰিলে৷ বৈদেশিক সচিব বিক্ৰম মিস্ৰিৰ বক্তব্য আছিল আৱেগবৰ্জিত আৰু তথ্য আধাৰিত৷ তেওঁৰ বক্তব্যৰ দুটা কথা আছিল ভাৰতীয় মানুহৰ মনৰ কথা৷ 

বৈদেশিক সচিবজনে ক’লে যে এই আক্ৰমণে জম্মু-কাশ্মীৰলৈ ঘূৰি অহা শান্তি বিঘ্নিত কৰাৰ লগতে পৰ্যটন উদ্যোগেৰে পুনৰ ঠন ধৰি উঠা অৰ্থনীতিক কুঠাৰঘাত কৰিব খুজিছিল৷ যোৱা বছৰত ৰাজ্যখনলৈ ২৩ মিলিয়ন পৰ্যটকৰ আগমন ঘটিছিল৷ জম্মু-কাশ্মীৰ অৰ্থনৈতিকভাৱে পিছপৰি থাকিলে পাকিস্তানৰ পৰা চলাই থকা সন্ত্ৰাসবাদী কাৰ্যকলাপক সাৰ-পানী যোগাব- এনে লক্ষ্যও নিহিত আছিল এই আক্ৰমণত৷ [‘The attack was clearly driven by the objective of undermining the normalcy returning to Jammu  Kashmir. In particular, it was designed to impact the mainstay of the economy, tourism, with a record ২৩ million tourists visiting the valley last year. The calculation, presumably, was that harming growth and development in the Union Territory would help keep it backward and create fertile ground for continued cross-border terrorism from Pakistan.’]


লগতে মিস্ৰিয়ে আৰু এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা ক’লে৷ এই আক্ৰমণৰ অন্য এক লক্ষ্য আছিল জম্মু-কাশ্মীৰ তথা সমগ্ৰ ভাৰতবৰ্ষতে সাম্প্ৰদায়িক অশান্তি সৃষ্টি কৰা৷ কিন্তু ভাৰত চৰকাৰ আৰু দেশৰ জনতাৰ সু-বুদ্ধিৰ বাবেই সন্ত্ৰাসবাদীৰ এনে লক্ষ্য ব্যৰ্থ হ’ল৷ [‘The manner of the attack was also driven by an objective of provoking communal discord, both in Jammu and Kashmir and the rest of the Nation. It is to the credit of the government and the people of India that these designs were foiled.’]৷  মই ভাবোঁ ভাৰতবৰ্ষৰ ভৱিষ্যত সুৰক্ষিত কৰি ৰখাৰ বাবে এইটোৱেই হ’ল শুদ্ধ পন্থা৷ ভাৰতবৰ্ষ পাকিস্তান নহয়৷ পাকিস্তানৰ জন্ম হৈছিল ধৰ্মীয় আনুগত্য আৰু উন্মাদনাৰ মাজেৰে৷ স্বাধীন ভাৰত নিৰ্মাণ হৈছিল সকলো ধৰ্মৰ প্ৰতি সম-সন্মান আৰু সৰ্বজনৰ কল্যাণৰ প্ৰমূল্যৰ ভিত্তিত৷ ভাৰতবৰ্ষৰ স্বাধীনতাৰ অমোঘ বাণী সংবিধানত খোদিত হৈ আছে৷ অস্পৃশ্যতা বৰ্জনৰ পৰা ধৰ্মীয় সহনশীলতালৈকে যিবোৰ প্ৰমূল্যৰ জৰিয়তে ভাৰতীয় সংবিধানে ভাৰতীয়ৰ মনন উদাৰ কৰি ৰাখিব খুজিছিল তাৰেই আলমত ভাৰতবৰ্ষ বহুবোৰ দুৰ্যোগৰ মাজতো এতিয়াও মূৰ তুলি থিয় হৈ আছে৷ পেহেলগামৰ নিৰ্মম সন্ত্ৰাসৰ পাছত এই প্ৰমূল্য অধিক প্ৰাসংগিক হৈ উঠিছে৷ চৰকাৰ তথা বিৰোধী সকলোৱেই এই কথাটো হৃদয়ংগম কৰা উচিত৷ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ দেশ৷ এই ধৰ্ম নিৰপেক্ষতাইহে আমাক সংকটৰ কালত ৰক্ষা কৰিব৷ এই ঘটনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ ওমৰ আব্দুল্লা চৰকাৰক জগৰীয়া কৰিব খোজা নাই বা কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজতো কোনো অঁৰিয়া-অঁৰি হোৱা নাই৷ এই কথাটোৱেও দেশত পেহেলগামৰ ঘটনাৰ পৰৱৰ্তী সময়ত হ’ব পৰা উন্মাদনা ৰোধ কৰাত সহায় কৰিছে৷ 

৮ মে’ ২০২৫তাৰিখৰ সংবাদ মেলত বৈদেশিক সচিবজনৰ লগত একে শাৰীতে দুগৰাকী মহিলা সামৰিক বিষয়া ক্ৰমে কৰ্ণেল ছফিয়া কুৰেশ্বী আৰু উয়ং কামাণ্ডাৰ বহাৰ লগতে সংবাদ মেল সম্বোধন কৰা কথাটোও আছিল অত্যন্ত তাৎপৰ্যপূৰ্ণ৷ লিংগ সমতাৰ বেলিকা ভাৰতবৰ্ষৰ স্থান বৰ উৎসাহজনক নহয়৷ কিন্তু মেধা আৰু দক্ষতাৰ জৰিয়তে যে ভাৰতীয় মহিলা বহুদূৰ আগবাঢ়ি গৈছে সেই কথা অস্বীকাৰ কৰাৰ উপায় নাই৷ ভাৰতীয় বৃহত্তৰ সমাজ এতিয়াও পুৰুষতান্ত্ৰিক প্ৰমূল্যৰ মাজত বন্দী হৈ আছে৷ লিংগজনিত হিংসাৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ অৱস্থান মুঠেও সন্তোষজনক নহয়৷ কিন্তু স্বাধীনতা আন্দোলন আৰু স্বাধীন ৰাষ্ট্ৰ নিৰ্মাতাসকলৰ উদাৰ চিন্তাই দেশত লিংগ বৈষম্যহীন শিক্ষানুষ্ঠান আৰু বিভিন্ন ৰাষ্ট্ৰ প্ৰতিষ্ঠান নিৰ্মাণৰ সুফল ভাৰতবৰ্ষই দেখা পাইছে৷ এইক্ষেত্ৰত আমি বহুদূৰ আগুৱাবলৈ এতিয়াও বাকী৷ কিন্তু এই যে দুগৰাকী মহিলা সামৰিক বিষয়াই সন্ত্ৰাসবাদৰ বিৰুদ্ধে হোৱা যুঁজৰ বতৰা দিবলৈ বৈদেশিক সচিবৰ লগত বহি দেশ-বিদেশৰ সাংবাদিকৰ জৰিয়তে সমগ্ৰ দেশবাসীক সম্বোধন কৰিছে সেই কথাটোও উলাই কৰিবলগীয়া কথা নহয়৷ তেওঁলোকক সমুখলৈ আগুৱাই দিয়াৰ লগত জন সমৰ্থন আদায়ৰ প্ৰশ্নটো নি(য়কৈ জড়িত হৈ আছে৷ কিন্তু তেওঁলোক যে এনে এক স্থানলৈ আহিব পাৰিলে তাৰ লগত বহু সীমাবদ্ধতা পাৰ হ’বলৈ বাকী থকা স্বাধীন ভাৰতৰ উদাৰ শিক্ষানীতিৰ কথাটোও জড়িত হৈ আছে৷ বৰ্তমান জটিল সন্ধিক্ষণত আমাৰ সকলোৰে বাবে এয়া এক গুৰুত্বপূৰ্ণ শিক্ষা৷ লিংগ সমতা দেশৰ বিকাশ আৰু নিৰাপত্তাৰ বাবে অতি গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক কথা৷ ইয়াক প্ৰতিকী অৰ্থতে সীমাবদ্ধ নাৰাখি সমাজ উত্তৰণৰ আহিলা কৰি তুলিব পাৰিলেহে আমাৰ ভৱিষ্যৎ সুৰক্ষিত হৈ ৰ’ব৷ 

কিন্তু আমি বুজিবলগীয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল ভাৰতবৰ্ষৰ সৈন্য বাহিনীক নিয়ন্ত্ৰণ কৰে অসামৰিক চৰকাৰে৷ অৰ্থাৎ সামৰিক বাহিনীৰ স্বতন্ত্ৰ কতৃৰ্ত্ব নাই৷ দেশৰ ৰাষ্ট্ৰপতিহে স্থল, জল আৰু বায়ু সেনাৰ সৰ্বোচ্ছ কতৃৰ্ত্ব৷ পাকিস্তান, ম্যানমাৰ, থাইলেণ্ডকে প্ৰমুখ্য কৰি তৃতীয় বিশ্বৰ বহু দেশৰ ক্ষেত্ৰত সৈন্য বাহিনীৰ অপৰিসীম কতৃৰ্ত্ব৷ আনহাতে তেওঁলোকৰ হাতত অবাধ সম্পত্তি৷ আচলতে দেশৰ ৰাজনীতি আৰু অৰ্থনীতি তেওঁলোকৰ হাতৰ তলুৱাত৷ ফলত নিৰ্বাচিত চৰকাৰক তেওঁলোকে ইচ্ছা কৰিলেই ওফৰাই সামৰিক শাসন প্ৰৱত্তৰ্ন কৰিব পাৰে৷ সেয়েহে সামৰিক বাহিনী, আমোলাতন্ত্ৰ আৰু ৰাজনৈতিক নেতৃত্বৰ মাজত অলিখিত বুজা-বুজি আছে৷ তেওঁলোকৰ এই বুজা-বুজিৰ অন্য গুৰুত্বপূৰ্ণ দিশটো হ’ল তেওঁলোকৰ শ্ৰেণী চৰিত্ৰ আৰু শ্ৰেণী মিত্ৰতা৷ তেওঁলোক সকলোৱেই সামন্তবাদী ব্যৱস্থাটোৰ হতৰ্া-কৰ্তা আৰু সেই শ্ৰেণী কতৃৰ্ত্বৰ জৰিয়তেই তেওঁলোকে আন্তৰ্জাতিক পুঁজিৰ স’তে দাম-দৰ কৰে৷ এই তিনি শক্তিৰ মাজৰ বুজা-বুজিত খেলি-মেলি লাগিলেই সামৰিক বাহিনীয়ে চৰকাৰ ওফৰাই দিয়ে৷ আমাৰ দেশৰ বাবে সৌভাগ্যৰ কথা হ’ল দেশৰ সংবিধান প্ৰণেতাসকলে সামৰিক বাহিনীক এনে কতৃৰ্ত্ব প্ৰদান নকৰিলে আৰু সামন্তীয় অৰ্থনীতিকো ৰাষ্ট্ৰনীতিৰ জৰিয়তে সংস্কাৰৰ পদক্ষেপ অব্যাহত ৰাখিলে৷ আমাৰ দেশৰ সৈন্য বাহিনীয়ে দেশৰ অৰ্থনীতি আৰু ৰাজনীতি নিয়ন্ত্ৰণ কৰিব নোৱৰাৰ লগতে তেওঁলোকৰ পেছাদাৰিত্বৰ কথাটোৱে গুৰুত্ব লাভ কৰাৰ বাবেই আমাৰ দেশৰ অৱস্থা পাকিস্তানৰ দৰে নহয়৷ সেয়েহে গণতন্ত্ৰৰ প্ৰতি বহুবোৰ প্ৰত্যাহ৩ান অহাৰ পাছতো আমাৰ দেশ সামৰিক অভ্যুত্থানৰ সমুখীন হোৱা নাই৷ 

শেষত দুটামান কথা কৈ থোৱা ভাল হ’ব৷ [ক] সন্ত্ৰাসবাদৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপ দেশ আৰু চৰকাৰৰ পদক্ষেপ হিচাপে চিহ্নিত হৈ ৰওক৷ ইয়াক দলীয় পদক্ষেপ হিচাপে প্ৰক্ষেপ কৰা নহওক৷ তেনে কৰিলেই এই পদক্ষেপৰ ক্ষেত্ৰত গঢ়ি উঠা সহমত আৰুজন সমৰ্থন ভাঙি পৰিব৷ [খ] সামৰিক বাহিনীৰ প্ৰতি ভাৰতীয় জনগণৰ নিঃচত্তৰ্ সমৰ্থনে আমাৰ সৈনিকসকলক জনতাৰ প্ৰতি সংবেদনশীল কৰি তোলক৷ দেশৰ আভ্যন্তৰীণ শান্তি প্ৰতিষ্ঠাৰ বাবে নিয়োজিত সৈন্য বাহিনীয়ে আমাৰ সংবিধানপ্ৰদত্ত নাগৰিক অধিকাৰক সন্মান কৰিবলৈ শিকক৷  

শেষত এই কথাই কম যে জম্মু-কাশ্মীৰ সন্ত্ৰাসবাদমুক্ত হওক আৰু সেই ভূ-স্বৰ্গ পুনৰ দেশ-বিদেশৰ পৰ্যটকৰ অন্যতম গন্তব্যস্থান হৈ উঠক আৰু জম্মু-কাশ্মীৰৰ স্থানীয় অৰ্থনীতি পুনৰ ঠন ধৰি উঠক৷ ধৰ্মকেন্দ্ৰিক উন্মাদনাই আমাৰ দেশ অস্থিৰ কৰি নোতোলক৷ সেই চিন্তাৰেই আমি এই সংকটকালত চৰকাৰ আৰু সামৰিক বাহিনীৰ পক্ষত থিয় হোৱা উচিত৷