Logo
image

দৰঙত ২০ বছৰে উন্মুক্ত দিমীলাৰ ভগ্ন মথাউৰি

'আমাৰ অসম'ৰ পশ্চিম দৰঙৰ প্ৰতিবেদকঃ  দৰঙত সুদীৰ্ঘ দুটা দশক ধৰি উন্মুক্ত হৈ আছে দিমীলা নদীৰ ভগ্ন মথাউৰি৷  আনহাতে ছিপাঝাৰ সমষ্টিৰ দুৰদুৰীয়াত ২০০৪ চনত বাঢ়নি পানীয়ে ছিঙিছিল  নদী খনৰ পূৱ দিশৰ মথাউৰি ৷ উল্লেখ্য যে  হালধা -লাউজান গড়কাপ্তানি পথৰ নাতি দূৰৈৰ  প্ৰায় পঞ্চাশ মিটাৰ ভগ্ন অংশ উন্মুক্ত হৈ আছে৷ তদুপৰি মথাউৰিৰ ভগ্ন অংশৰে নদীখনৰ  বাঢ়নী পানী সোমাই প্ৰতি বছৰে জুৰুলা কৰি আহিছে ৰাইজক৷ দুৰদুৰীয়া- নাওঁপোটা চমুখা, বগাচলা, ঘোপেলী,গোপালপুৰ,লাউজান,বছাচুবা,পাটগিৰিচুবা, চেঙেলীয়াঝাৰ ,বামুণপাৰাকে ধৰি অঞ্চলটোৰ ১০/১২ খনমান গাঁৱৰ কৃষক ৰাইজৰ খেতি পথাৰ বুৰাই বিনষ্ট কৰে নদীৰ পানীয়ে ৷


বাঢ়নী পানীয়ে ভাগি পেলাইছে কৃষি অৰ্থনীতি৷ তৎসত্বেও জলসম্পদ বিভাগে ভগ্ন মথাউৰি নিৰ্মাণ নকৰাত ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে ৷ উল্লেখ্যযোগ্য যে বাৰম্বাৰ ছিপাঝাৰৰ বিধায়কক বিষয়টো দৃষ্টি আকৰ্ষণ কৰি থকাৰ পিছতো গ্ৰহণ কৰা নাই কাৰ্যব্যৱস্থা৷ আনহাতে দীৰ্ঘদিনীয়া ভগ্ন মথাউৰিৰ সমস্যা আওকাণ কৰি আহিছে চৰকাৰ-জনপ্ৰতিনিধিয়ে ৷ ইফালে গাঁথিৰ ধন খৰচ কৰি মথাউৰিৰ ভগ্ন অংশত বাঁহৰ দলং নিৰ্মাণ কৰিছে স্থানীয় ৰাইজে৷ বছৰ বছৰ ধৰি বাঁহৰ দলঙেৰে যাতায়াত কৰি আহিছে মথাউৰিত ৷ উল্লেখ্য যে ৰাইজে  জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাক দিমীলাৰ ভগ্ন মথাউৰিৰ অংশ নিৰ্মাণ বাবে পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে৷ মূলতঃ স্থানীয় বিধায়কৰ সদিচ্ছাৰ‌ অভাৱত দিমীলাৰ মথাউৰিৰ ভগ্ন অংশ নিৰ্মাণ নকৰাৰ অভিযোগ উখাপন কৰিছে দৰঙবাসী ৰাইজে৷