Logo
image

ন’ মেন্‌ছ লেণ্ডত এৰি দিয়া হ’ল মহিলাসহ ১৪ সন্দেহযুক্ত বাংলাদেশীক, গুলী ফুটালে বিএছএফে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ   চকুত কাপোৰ বান্ধি মঙলবাৰে কাহিলিপুৱাতে দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বাংলাদেশ সীমান্তৰ ঠাকুৰণবাৰী গেটেৰে বাংলাদেশলৈ খেদি পঠোৱা হ’ল মৰিগাঁৱৰ প্ৰাথমিক শিক্ষক খাইৰুল ইছলামসহ ১৪ ‘সন্দেহজনক বাংলাদেশী’ নাগৰিকক৷ শনিবাৰে নিশা মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কপিলীৰ ঠেংখালী খন্দাপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক খাইৰুল ইছলামক দুটা দিনৰ পাছতেই বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ সীমান্তৰ ৰৌমাৰীৰ বৰাইবাৰী গাঁৱৰ ১০৬৭নং পীলাৰ ন’ মেন্‌ছ লেণ্ডত  এৰি দিয়া হৈছে৷ খাইৰুল ইছলামে বাংলাদেশৰ সংবাদ মাধ্যমৰ আগতে মঙলবাৰে পুৱা ৪ বজাত বি এছ এফে বাংলাদেশলৈ পাৰ কৰাই দিয়াৰ  কথা সদৰী কৰিছে৷ দুদিন আগলৈকে মৰিগাঁৱৰ খন্দাপুকুৰী গাঁৱত সাধাৰণভাৱে ঘূৰি ফুৰা খাইৰুল ইছলামক মঙলবাৰে আতংকিত অৱস্থাত ডিঙিত এখন গামোচা লৈ বাংলাদেশৰ খেতিয়ক এখন ধাননিপথাৰৰ মাজত অৱস্থান কৰা দেখা গৈছে৷ উল্লেখ্য, প্ৰাক্তন শিক্ষক খাইৰুল ইছলামক শনিবাৰে নিশা মৰিগাঁৱৰ খন্দাপুখুৰী গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছিল মৰিগাঁও আৰক্ষীয়ে৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে বাংলাদেশীৰ বিৰুদ্ধে ৩০ দিনৰ ভিতৰত ব্যৱস্থা ল’বলৈ অসম চৰকাৰক নিৰ্দেশ দিয়াৰ পাছতেই খাইৰুল ইছলামসহ বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা ঘোষিত একাধিক বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে গোৱালপাৰাৰ মাটিয়াৰ ডিটেনশ্বন কেম্পলৈ লৈ গৈছিল৷ সোমবাৰে বিয়লি মাটিয়া ডিটেনশ্বন কেম্পৰ পৰা খাইৰুল ইছলামসহ কেইবাজনো বাংলাদেশী নাগৰিকক চকুত কাপোৰ বান্ধি তিনিখন বাছত তুলি আৰক্ষীয়ে অজ্ঞাত স্থানলৈ লৈ গৈছিল৷ ইয়াৰ পাছতেই মঙলবাৰে পুৱা খাইৰুল ইছলামসহ ১৪জন বাংলাদেশী নাগৰিকক দক্ষিণ-শালমাৰাৰ মানকাচৰ সীমান্তত বি এছ এফৰ হাতত চমজাই দিয়া হৈছিল৷ ১৪জনীয়া বাংলাদেশী নাগৰিকৰ দলটোত আছিল ৫গৰাকী মহিলা আৰু ৯ জন পুৰুষ৷ ইয়াৰ পাছতেই মঙলবাৰে পুৱা প্ৰায় ৪ বজাতে হাত বান্ধি আটাইকেইজন বাংলাদেশীকে মানকাচৰৰ ঠাকুৰনবাৰী সীমান্তৰ গেটেৰে বাংলাদেশলৈ পাৰ কৰাই দিয়ে৷ মুহূৰ্তৰ ভিতৰতে চুবুৰীয়া ৰাষ্ট্ৰখনৰ ন’ মেন্‌ছ লেণ্ডত আবদ্ধ হৈ পৰে নাগৰিককেইজন৷ ইফালে, বি এছ এফৰ এই কাণ্ডৰ বিষয়ে অৱগত হৈ ব’ৰ্ডাৰ গাৰ্ড অৱ বাংলাদেশ চমুকৈ বি জি বিয়ে নাগৰিকেইজনক চমজি ল’বলৈ অস্বীকাৰ কৰি ঘূৰাই পঠিয়াবলৈ চেষ্টা কৰাত উক্ত স্থানত বাংলাদেশৰ স্থানীয় নাগৰিকসকলৰো ভিৰ লাগে৷ ন’ মেন্‌ছ লেণ্ডত বাংলাদেশীৰ ভিৰ বৃদ্ধি পোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ বিজিবিয়ে ৰাইজৰ সহযোগত ভাৰতে এৰি দিয়া নাগৰিক কেইজনক পুনৰ ভাৰতলৈ ঘূৰাই পঠাবলৈ সীমান্তৰ কাটা তাঁৰৰ গেটৰ দিশে আগবাঢ়ি অহাত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ বি এছ এফে ভাৰতৰ সীমান্তৰ পৰা শূন্যলৈ গুলী চলোৱা বুলিও স্থানীয় লোকে অভিযোগ কৰিছে৷ বি এছ এফে মানকাচৰ সীমান্তৰে ১৪জন নাগৰিকক বাংলাদেশত এৰি দিয়াৰ তথ্য নিশ্চিত কৰিছে চুবুৰীয়া ৰাষ্ট্ৰখনৰ কুৰিগ্ৰাম জিলাৰ আৰক্ষী অধীক্ষক মহম্মদ মাহফুজুৰ ৰহমানে৷ ইফালে, অসমৰ পৰা খাইৰুল ইছলাম নামৰ শিক্ষকজনক বাংলাদেশলৈ খেদি পঠোৱাৰ সন্দৰ্ভত বাংলাদেশৰ ৰংপুৰ ডিভিজনৰ সাংবাদিক মুস্তাফুজুৰ তাৰাই ফেচবুক লাইভযোগে ৰাজহুৱা কৰিছে৷ সাংবাদিকজনে মৰিগাঁৱৰ শিক্ষক খাইৰুল ইছলামৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে৷ য’ত খাইৰুল ইছলামে ডিঙিত অসমীয়া গামোচা পিন্ধি নিজকে অসমৰ নাগৰিক বুলি দাবী কৰিছে৷ বাংলাদেশৰ সাংবাদিকজনৰ আগত খাইৰুলে কয়– ‘মই অসমৰ নাগৰিক৷ মোৰ ঘৰ মৰিগাঁও জিলাৰ খন্দাপুখুৰী গাঁৱত৷ মই এজন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক৷ মৰিগাঁৱত মোৰ ঘৰ আৰু  পত্নী, ভাতৃ তথা পৰিয়ালৰ সকলো আছে৷ অসম আৰক্ষীক মই শিক্ষক বুলি জানিবলৈ দি সন্মানজনক ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছিলোঁ৷ কিন্তু চোৰ ডকাইতৰ দৰে মোৰ হাত বান্ধি বাছত তুলি লৈ আহিছিল ডিটেনশ্বন কেম্পৰ পৰা৷ পুৱা ৪ বজাত আমাক ইয়ালৈ খেদি পঠিয়াই দিছে৷ মই স্বইচ্ছাই ইয়ালৈ অহা নাই, মোক মাৰপিট কৰি ইয়াত এৰি দিয়া হৈছে৷’ উল্লেখ্য, মৰিগাঁও জিলাৰ কপিলীৰ ঠেংখালী খন্দাপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ সহযোগী শিক্ষক খাইৰুল ইছলামক ২০১৬ চনত মৰিগাঁৱৰ বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰিছিল৷ অৱশ্যে, ইয়াৰ পাছত খাইৰুল ইছলামে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাত ২০১৮ চনত উচ্চ ন্যায়ালয়ো পূৰ্বৰ বিদেশী ন্যায়াধিকৰণৰ ৰায় বাহাল ৰাখিছিল৷ ফলত আৰক্ষীয়ে খাইৰুলক গ্ৰেপ্তাৰ কৰি ডিটেনশ্বন কেম্পলৈ প্ৰেৰণ কৰিছিল৷ অৱশ্যে ২০২০ চনৰ আগষ্ট মাহত দুবছৰ কাৰাবাসৰ অন্তত জামিনত ডিটেনশ্বন কেম্পৰ পৰা মুকলি হৈ বৰ্তমান মৰিগাঁৱৰ ঘৰত পৰিয়ালৰ লোকৰ সৈতে আছিল খাইৰুল৷ ইয়াৰ মাজতে খাইৰুলে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয়৷ সৰ্বোচ্চ ন্যায়ালয়ত বিগত বৰ্ষৰ ১৭ ডিচেম্বৰতো খাইৰুলৰ গোচৰটোৰ শুনানি সম্পন্ন হৈছিল৷ বৰ্তমান খাইৰুলৰ আবেদনখন সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ আছে৷  গোচৰটো সৰ্বোচ্চ ন্যায়ালয়ত বিচাৰাধীন হৈ থকাৰ পাছতো ‘সন্দেহজনক বাংলাদেশী, খাইৰুলক বিদেশী প্ৰত্যাপণৰ সকলো নীতি-নিয়ম উলংঘন কৰি কাহিলীপুৱাতে বাংলাদেশৰ ন’ মেন্‌ছ লেণ্ডত এৰি দিয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অৱশ্যে, মঙলবাৰে গোটেই দিনটো ন’ মেন্‌ছ লেণ্ডত কটোৱা খাইৰুলসহ ১৪ বাংলাদেশী নাগৰিকক বিয়লি ভাগত জিম্মাত লয় ব’ৰ্ডাৰ গাৰ্ড অৱ বাংলাদেশে৷ বিজিবিয়ে স্থানীয় ৰৌমাৰী বৰাইবাৰী গাঁও থানালৈ যোৱা ১৪ বাংলাদেশীৰ ভিতৰত বৰপেটাৰ শ্ব’না ভানুকো দেখা গৈছে৷ উল্লেখ্য, অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বাংলাদেশী নাগৰিকসকলক কেৱল মানকাচৰৰ সীমান্তৰেই নহয়, মেঘালয় সীমান্তৰেও বাংলাদেশত এৰি দিয়া বুলিও চৰ্চা লাভ কৰিছে৷


মানকাচৰৰ বাংলাদেশ সীমান্তত বাংলাদেশী বিতাড়নত উত্তেজনা

‘আমাৰ অসম’ৰ হাটশিঙিমাৰী আৰু মানকাচৰৰ প্ৰতিবেদকঃ  দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী মানকাচৰ ঠাকুৰাণবাৰী সীমান্তত বাংলাদেশী বিতাড়নক লৈ আজি পুৱা সীমান্তত চেপা উত্তেজনাৰ সৃষ্টি হোৱাত সীমান্ত সুৰক্ষা বাহিনীয়ে শূন্যলৈ চাৰিজাঁই গুলীচালনা কৰিবলৈ বাধ্য হয়৷ জানিব পৰা মতে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আটক কৰা ১৪গৰাকী অবৈধ বাংলাদেশী নাগৰিকক আজি পুৱা মানকাচৰৰ ঠাকুৰাণবাৰী সীমান্ত অঞ্চলেদি বাংলাদেশলৈ ওভতাই দিয়াৰ কাৰণে সীমান্তৰ কাইটীয়া তাঁৰৰ বেৰৰ সিপাৰত ন’মেনচ লেণ্ডত দিয়াৰ পাছত বাংলাদেশৰ ব’ৰ্ডাৰ গাৰ্ড বাংলাদেশ[BGB]ৰ জোৱান আৰু বাংলদেশৰ ৰাইজে বাধাপ্ৰদান কৰি সীমান্তৰ ভাৰতৰ ন’মেনচ এলেকাত আবদ্ধ কৰি এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে৷ ইপিনে সীমান্ত সুৰক্ষা বাহিনীয়ে নিৰাপত্তাৰ কাৰণে সীমান্তত চাৰিজাঁই ৰাবাৰ গুলী চলাই পৰিস্থিতি শান্ত কৰে৷ ইপিনে ১৪গৰাকী লোকক সীমান্তত আবদ্ধ কৰি সোধ-পোছ চলাই আছে৷ ইতিমধ্যে সীমান্তত সীমান্ত সুৰক্ষা বাহিনীৰ উচ্চ পৰ্যায়ৰ বিষয়াৰ অসম আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত হৈ পৰ্যবেক্ষণ চলাই থকা বুলি জানিব পৰা গৈছে৷

বাংলাদেশী ধৰাৰ নামত হাৰাশাস্তি বন্ধ কৰক চিপিআই[এম-এল]

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ   বিগত তিনিদিন ধৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ নিৰ্দেশত অসমত বিদেশী বাংলাদেশী ধৰাৰ নামত কোনো বাচবিচাৰ নোহোৱাকৈ হাৰাশাস্তি কৰা হৈছে৷ অসম আৰক্ষীয়ে সংখ্যালঘুসকলক লক্ষ্য কৰি সন্দেহযুক্ত বাংলাদেশী বুলি সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত অত্যাচাৰ কৰি গ্ৰেপ্তাৰ কৰা কাৰ্যক চিপিআই[এমএল]ৰ ৰাজ্য সমিতিয়ে তীব্ৰ বিৰোধিতা কৰিছে আৰু অনতিপলমে এনে অত্যাচাৰ বন্ধ কৰিবলৈ দাবী উত্থাপন কৰে৷ এই সম্পৰ্কে দলৰ ৰাজ্যিক সম্পাদক বিবেক দাসে মঙলবাৰে সংবাদ মাধ্যমক কয় যে -১৯৭১ চনৰ ২৪ মাৰ্চৰ আগতে অহা সকলোকে ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি দি তাৰ পিছত অহাসকলক বিদেশী ন্যায়ধিকৰণৰ জৰিয়তে চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত অসমৰ সকলো দল-সংগঠন তথা ৰাইজে ঐকমত পোষণ কৰি আহিছে৷ তেনে স্থলত এনে অত্যাচাৰ, অন্যায় সংবিধান বিৰোধী আৰু অমানৱীয় বুলি দাসে উল্লেখ কৰে৷ হিন্দু-মুছলমানৰ মাজত বিভাজন কৰি, হিংসা- অত্যাচাৰ চলোৱা বিজেপিৰ এজেণ্ডাক ঐক্যবদ্ধভাবে প্ৰতিহত কৰিবলৈ দাসে আহ্বান জনায়৷