
গৌৰৱক লৈ কংগ্ৰেছকৰ্মীৰ উলাহ, বিজেপিৰ কটাক্ষ
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তিক লৈ ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে কংগ্ৰেছৰ আভ্যন্তৰত৷ কংগ্ৰেছৰ সৰ্বস্তৰৰ লোক উৎসাহিত হৈ পৰিছে গৌৰৱ গগৈক নতুন ৰাজ্যিক সভাপতিৰূপে নিযুক্তি দিয়াৰ বাবে৷ তেওঁক প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়াৰ খবৰ ৰাজহুৱা হোৱাৰ লগে লগে আনন্দৰ বন্যা বৈছে কংগ্ৰেছৰ নেতা-কৰ্মীৰ মাজত৷ ইজনে-সিজনক মিঠাই খুৱাই আনন্দৰ ভাগ লৈছে৷ গুৱাহাটী ৰাজীৱ ভৱনত কাৰ্যতঃ আবতৰীয়া দেৱালীসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে৷ যোৰহাটত প্ৰতিবাদ কৰিবলৈ সমবেত হোৱা শ শ কংগ্ৰেছ কৰ্মীয়ে সোমবাৰেই যোৰহাটৰ ৰাজীৱ ভৱনত বিজয়োৎসৱ পালন কৰিছে৷ বিভিন্ন পৰ্যায়ৰ নেতা-কৰ্মী ইতিমধ্যে তৎপৰ হৈ পৰিছে৷ ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈ, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়াক লৈ উৎসাহিত হৈ পৰিছে৷ বিধায়ক অখিল গগৈয়ে গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তি দিয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– ২০২৬ চনৰ নিৰ্বাচনৰ কাৰণে যুঁজখন বিজেপিৰ কাৰণে আৰু বেছি কঠিন হ’ব৷ বিৰোধী পক্ষৰ বাবে আৰু বেছি মজবুট হ’ব৷ গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তিক ৰাইজৰ দলে আদৰণি জনাইছোঁ৷ গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তিক লৈ আশাবাদী অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ৷ তেওঁ কয়– গৌৰৱ গগৈক নতুন দায়িত্ব প্ৰদান বিজেপিবিৰোধী সামুহিক যুঁজ অধিক শক্তিশালী কৰিব৷ লোকসভাৰ বিৰোধী উপ-দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈক এই নতুন দায়িত্বৰ বাবে অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ৷ আমি আশা কৰিছোঁ, আগন্তুক সময়ত আমি সামূহিকভাৱে চলাই অহা বিজেপিবিৰোধী যুঁজখনে এতিয়াৰে পৰা নতুন গতি লাভ কৰিব৷ বিজেপি চৰকাৰখনৰ স্বেচ্ছাচাৰিতা আৰু অগণতান্ত্ৰিক শাসন ব্যৱস্থাৰ বিৰুদ্ধে এই খবৰ নিঃসন্দেহে বিজেপিবিৰোধী শিবিৰৰ বাবে আশাপ্ৰদ৷ অসমত বিজেপি চৰকাৰখনক উৎখাত কৰিবলৈ বিজেপিবিৰোধী সকলো শক্তি একত্ৰিত হোৱাটো সময়ৰ জৰুৰী আহ্বান৷ এই আহ্বানৰ উপলব্ধিৰে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিজনে বিৰোধী ঐক্যক অধিক শক্তিশালী কৰিবলৈ তৎপৰতা অৱলম্বন কৰিব বুলি আমি আশা কৰিছোঁ৷ আনহাতে, গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিযুক্তিক লৈ কটাক্ষ কৰে বিজেপিয়ে৷ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কয়–বহুতে ফেচবুকত কৈছে পাকিস্তান প্ৰেমী এজন কংগ্ৰেছৰ সভাপতি হ’ল৷ পাকিস্তান প্ৰেমী এজন কংগ্ৰেছৰ সভাপতি হোৱা বুলি কোৱাত যদি কেচো দিয়ে ভাৰতপ্ৰেমী হিচাপে গ্ৰহণ কৰিবলৈ সাজু আছোঁ৷ বিজেপিৰ কাৰণে ব্ৰাহ্মণ পৰিয়াল, কলিতা পৰিয়াল, কোচ ৰাজবংশীৰ পৰিয়ালকে আদি কৰি সকলো নিজৰ বুলি কোৱাৰ বিপৰীতে কংগ্ৰেছৰ কেৱল মাত্ৰ গান্ধী আৰু গগৈ পৰিয়ালৰ বাহিৰে আন কোনো নাই৷ এইবোৰ কথা সকলোৱেই জানে৷ বাংলাদেশীক ৰেচন কাৰ্ড দিয়া, ভোটাৰ তালিকাত নামভত্তিৰ্ কৰোৱা, বাংলাদেশীক ৰঙা দলিছা পাৰি দিছে যদি একমাত্ৰ কংগ্ৰেছে৷ গতিকে ৮৫৫ গৰাকী শ্বহীদৰ পৰিয়াল তথা অসমবাসীক গৌৰৱ গগৈয়ে ক্ষমা খোজক৷ কংগ্ৰেছৰ সভাপতি হোৱাৰ আগতে গৌৰৱ গগৈয়ে কিয় পাকিস্তানলৈ গৈছিল? পাছপোৰ্ট কিয়, কেনেকৈ হেৰাল? গৌৰৱ গগৈৰ পৰিবাৰ তথা সন্তান দুটাই ভাৰতীয় নাগৰিকত্ব লোৱাৰ বিপৰীতে বিদেশী নাগৰিকত্ব লোৱাৰ সকলো কথাৰ আঁৰত কেৱল কেছটো নগেন বুলি কয় সাংসদ দিলীপ শইকীয়াই৷
নুনমাটিত আনন্দ-উল্লাস দলীয় কৰ্মী-সমৰ্থকৰ
‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদকঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰূপে গৌৰৱ গগৈৰ নাম ঘোষণা হোৱাৰ পিচতে আজি সন্ধিয়া গুৱাহাটীৰ মাঠঘৰীয়াস্থিত নুনমাটি ব্লক কংগ্ৰেছৰ কাৰ্যায়লত দেখা যায় আবতৰীয়া দেৱালী৷ বিৰোধী দলটোৰ কৰ্মী-সমৰ্থকসকলে ফটকা ফুটাই, মিঠাই বিতৰণেৰে আনন্দ-উল্লাস প্ৰদৰ্শন কৰে৷ ‘গৌৰৱ গগৈ জিন্দাবাদ’, ‘ৰাহুল গান্ধী জিন্দাবাদ’, ‘কংগ্ৰেছ জিন্দাবাদ’ আদি শ্ল’গানেৰে আকাশ-বতাহ মুখৰ কৰি তোলে বিৰোধী দলটোৰ কৰ্মী-সমৰ্থকসকলে৷ উল্লেখযোগ্য যে দীৰ্ঘদিনীয়া জল্পনা-কল্পনাৰ অন্তত নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে [এ আই চি চি] কালি যোৰহাটৰ সাংসদ গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতিৰূপে নিযুক্তি দিছে৷