Logo
image

কলগাছিয়াৰ খাতাৰটাৰী, চান্দমামাৰ বিধ্বস্ত ৰাস্তাই উদঙাইছে বিকশিত অসমৰ নগ্ন স্বৰূপ!

'আমাৰ অসম'ৰ কলগাছিয়াৰ প্ৰতিবেদকঃ   বৰপেটা জিলাৰ কলগাছিয়াৰ ৰাজহ চক্ৰৰ অন্তৰ্গত তথা ২২ নং মন্দিয়া সমষ্টিৰ খাতাৰটাৰী আৰু চান্দমামা অঞ্চলৰ এটা বিধ্বস্ত ৰাস্তাই উদঙাইছে বিকশিত অসমৰ নগ্ন স্বৰূপ। ভাৰতবৰ্ষৰ স্বাধীনতাৰ প্ৰায় ৭৮ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাত আছে এই ৰাস্তাটো।   উল্লেখযোগ্য যে দৈনিক হাজাৰ হাজাৰ মানুহ, শ শ গাড়ী মটৰ চলাচল কৰা অতি গুৰুত্বপূৰ্ণ এই ৰাস্তাটো মেৰামতি কৰিবলৈ স্থানীয় বিধায়ক আৰু সাংসদ কোনেও গুৰুত্ব দিয়া নাই বুলি অভিযোগ উত্থাপন কৰিছে ভূক্তভোগী ৰাইজে। আনহাতে খাতাৰটাৰীৰ পৰা চান্দমামা আৰু বৰভিঠা হৈ মইনাবৰীলৈ যোৱা এই ৰাস্তাটো মেৰামতি কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।  উল্লেখ্য যে ৰাস্তাটোৰ মাজে মাজে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈ জৰাজীৰ্ণ অৱস্থাত থকাৰ ফলত বৰষুণৰ পানীত বোকাময় পৰিৱেশৰ সৃষ্টি হৈ যাতায়তৰ অনুপযোগী হৈ পৰিছে। সেয়েহে স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়লৈ অহা-যোৱা কৰাত চৰম অসুবিধাৰ সৃষ্টি হৈছে। তদুপৰি কৃষক সকলে নিজৰ উৎপাদিত সামগ্ৰী সমূহ বিক্ৰীৰ বাবে মইনাবৰী, লাংলা, কলগাছিয়া আদি বজাৰলৈ নিয়াৰ পথত যমৰ যাতনা ভুগিবলগীয়া হৈছে।  


আনহাতে ৰোগী অনা নিয়া কৰাৰ ক্ষেত্ৰত নাইবা ক'ৰবাত জুই লাগিলে অগ্নিনিৰ্বাপক গাড়ী আৰু এম্বুলেন্স যাব লগীয়া হ'লে চৰম অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। ইফালে ভোটৰ আশাত নিৰ্বাচনৰ সময়ত ৰাস্তা মেৰামতি কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়া জনপ্ৰতিনিধি সকলে নিৰ্বাচনৰ পিছত ভোটাৰ ৰাইজলৈ পিঠি দিয়াত ক্ষুদ্ধ হৈ পৰিছে স্থানীয় ৰাইজবাসী। উল্লেখযোগ্য যে ২০২৩-২৪ বিত্তীয় বৰ্ষৰ অধীনত বৰভিঠাৰ পৰা চান্দমামালৈ যোৱা উক্ত পথছোৱা নিৰ্মাণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ পকীপথ নিৰ্মাণ আঁচনিৰ কাম যোৱা ২৮-০৯-২০২৪ ইং তাৰিখত শুভাৰম্ভ কৰে জনীয়াৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামে। কিন্তু প্ৰায় এবছৰ উকলি যাবৰ হ'ল যদিও কামটো আধাৰশিলাতেই আবদ্ধ হৈ থাকিল। কেৱল আধাৰশিলা স্থাপন কৰিয়েই দায়িত্ব সামৰি বিভাগীয় ঠিকাদাৰ গুচি যোৱাত ৰাস্তাটো জৰাজীৰ্ণ হৈ আছে। ফলত যমৰ যাতনা ভূগিব লগীয়া হৈছে স্থানীয় ৰাইজবাসীয়ে। সেয়েহে শীঘ্ৰেই ৰাস্তাটো পকীকৰণ কৰিবলৈ দাবী জনাইছে ৰাইজে। লগতে আগন্তুক বিধান সভা নিৰ্বাচনৰ পূৰ্বে ৰাস্তাটো পকীকৰণ নকৰিলে নিৰ্বাচনৰ সময়ত ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি ভাবুকি প্ৰদান কৰিছে। উল্লেখ্য যে যিটো ৰাজনৈতিক দল বা প্ৰতিনিধিয়ে ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰত ভূমিকা পালন কৰিব তেওঁকেই ২০২৬ৰ বিধান সভা নিৰ্বাচনত ভোট প্ৰদান কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে বৃহত্তৰ চান্দমামা, খাতাৰটাৰী, বৰভিঠা আৰু মইনাবৰী অঞ্চলৰ ভূক্তভোগী ৰাইজে।