Logo
image

মচুৰ দালিয়ে হৃদৰোগৰ আশংকা হ্ৰাস কৰে

মচুৰ দাইল প্ৰায়ভাগৰেই প্ৰিয়৷ ভাৰতকে ধৰি গ্ৰীচ, পেলেষ্টাইন, তুৰস্ক আদি দেশত মচুৰ দাইলৰ পৰা প্ৰস্তুত কৰা খাদ্যৰ জনপ্ৰিয়তা সীমাহীন৷ কিন্তু এইবিধ দাইল স্বাস্থ্যৰ বাবে কিমান উপকাৰী? মচুৰ দাইল সম্পৰ্কে কেইবছৰমান পূৰ্বে কেইজনমান বিশেষজ্ঞই গৱেষণা চলায়৷ উক্ত গৱেষণাত মচুৰ দাইল সম্পৰ্কে কেতবোৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহে৷ মচুৰ দাইলত থকা বিভিন্ন পুষ্টিকৰ উপাদানে বহু গুৰুতৰ ৰোগত আক্ৰান্ত হোৱাৰ আশংকা কমায়৷ বিশেষকৈ হূদযন্ত্ৰ সুস্থ ৰাখিবলৈ এইবিধ দাইল অতি কাৰ্যকৰী৷ ইয়াৰ উপৰিও দৈনিক মচুৰ দাইল খালে পোৱা যায় আন বহু উপকাৰ৷ উল্লেখ কৰা হ’ল তেনে উপকাৰিতাসমূহ–

- গৱেষণাত পোৱা তথ্য মতে মচুৰ দাইলত থকা ফাইবাৰে তেজত বেয়া কলেষ্টেৰ’লৰ মাত্ৰা কমোৱাত বিশেষ ভূমিকা গ্ৰহণ কৰে৷  সেয়ে চিকিৎসকসকলে মচুৰ দাইল খোৱাৰ পৰামৰ্শ আগবঢ়ায়৷ মচুৰ দাইলে হাৰ্টএটেকৰ লগতে ষ্ট্ৰোক হোৱাৰ আশংকা কমায়৷
- মচুৰ দাইলত ফাইবাৰৰ উপৰি ফলেট আৰু মেগনেছিয়াম থাকে৷ এইবোৰ উপাদানে হৃদযন্ত্ৰৰ কৰ্মক্ষমতা বৃদ্ধি কৰাত সহায় কৰে৷ ফলত হৃদযন্ত্ৰৰ যিকোনো সমস্যা হোৱাৰ আশংকা কমি আহে৷ তদুপৰি মচুৰ দাইলত থকা ফলেট নামৰ উপাদানবিধে দেহত হম’চিষ্টেনিনৰ মাত্ৰা কমায়৷ ইয়াৰ ফলত হৃদযন্ত্ৰৰ কৰ্মক্ষমতা দীৰ্ঘদিনলৈ শক্তিশালী হৈ থাকে৷ আনহাতে মচুৰ দাইলত থকা মেগনেছিয়ামে দেহত অক্সিজেনযুক্ত তেজৰ সৰবৰাহ বৃদ্ধি কৰে৷

- হজম ক্ষমতা বঢ়োৱাত মচুৰ দাইল খুবেই কাৰ্যকৰী৷ ইয়াত থকা ফাইবাৰে হজমত সহায় কৰা এচিডৰ ক্ষৰণ বঢ়ায়৷ ফলত বদহজম, এচিডিটি আদিৰ দৰে সমস্যা নাইকীয়া হয়৷

- তেজত শৰ্কৰাৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে মচুৰ দাইলে৷ পৰিয়ালত যদি ডায়েবেটিছ ৰোগৰ ইতিহাস আছে তেন্তে দৈনিক মচুৰ দাইলসহ ভাত খোৱাৰ অভ্যাস কৰক৷ কিয়নো মচুৰ দাইলত থকা চলেবল ফাইবাৰে তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰি ৰখাত বিশেষ ভূমিকা পালন কৰে৷ 

- প্ৰটিনৰ অভাৱ হ’লে মচুৰ দাইল খাওক৷ ইয়াত থকা ২৬ শতাংশ কেলৰিয়ে আমাৰ দেহত প্ৰটিন হিচাপে কাম কৰে৷