Logo
image

আজমলৰ মনোনয়ন দাখিলঃ চতুৰ্থবাৰৰ বাবে সাংসদ হোৱাৰ দাবী

'আমাৰ অসম'ৰ ধুবুৰীৰ প্ৰতিবেদক, ১৭ এপ্ৰিলঃ চতুৰ্থ বাৰৰ বাবে ধুবুৰীৰ লোকসভা সমষ্টি দখলৰ লক্ষ্যৰে বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰে এ আই ইউ ডি এফৰ মুৰব্বী তথা স্থানীয় সাংসদ বদৰুদ্দিন আজমলে। ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ঝগৰাৰপাৰ ষ্টেডিয়ামৰ পৰা দলীয় সমৰ্থকৰ পাৰভঙা উছাহৰ মাজেৰে সমদল বাহিৰ কৰি ধুবুৰীৰ জিলা আয়ুক্ত দিৱাকৰ নাথৰ ওচৰত নিজৰ মনোনয়ন পত্ৰ জমা দিয়ে আজমলে। 

আজমলে মনোননয়ন দাখিলৰ সময়ত এআইইউডিএফ দলৰ ধুবুৰীৰ বিধায়ক নজৰুল হ'ক, গৌৰীপুৰৰ বিধায়ক নিজানুৰ ৰ'হমান, মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, বিলাসীপাৰা পশ্চিম সমষ্টিৰ এআইইউডিএফ দলৰ বিধায়ক হাফিজ বছিৰ আহমেদ কাছিমীকে ধৰি দলটোৰ অইন কেইবাজনো বিধায়ক আৰু দলীয় নেতা উপস্থিত আছিল। উল্লেখ্য যে বদৰুদ্দিন আজমলৰ মনোনয়ন পত্ৰ দাখিলৰ সময়ত ধুবুৰীত উপস্থিত আছিল কংগ্ৰেছ দলৰ বাঘবৰৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীও। আজমলৰ সমৰ্থনত ধুবুৰীলৈ অহা শ্বেৰমানে ৰকিবুল হুছেইনক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে তেওঁ ইয়াত জিকিবলৈ অহা নাই, অহা পঞ্চায়ত নিৰ্বাচনৰ টিকট বিক্ৰীৰ বাবেহে আহিছে। ৰকিবুল হুছেইন অসমৰ মুছলমানৰ অভিভাৱক নহয়৷ নিৰ্বাচনৰ ফলাফলত ধুবুৰীৰ ৰাইজে সেয়া প্ৰমাণ কৰি দিব।

ইপিনে মনোনয়ন দাখিলৰ পূৰ্বে সাংসদ আজমলে কয়, "মই চতুৰ্থবাৰৰ বাবে জিকিবলৈ গৈ আছোঁ৷"  আনহাতে, ২৪ৰ লোকসভা নিৰ্বাচনত  ৪০০ৰো অধিক আসনত বিজয়ী হ'ব বুলি কৰা বিজেপি নেতৃত্বাধীন এনডিএ গোটৰ দাবী নস্যাৎ কৰি আজমলে কয় যে তেওঁলোকে জীৱনত ৪০০ অধিক আসন লাভ নকৰে৷ কিয়নো তেওঁলোক ভাৰতৰ সংবিধান সলনি কৰিব বিচাৰিছে। সেয়ে তেওঁলোকৰ এই সপোন কেতিয়াও পূৰ্ণ নহ'ব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'সবকা সাথ সবকা বিকাশ' শীৰ্ষক শ্লোগানে সংখ্যালঘু লোকৰ এটা অংশৰ সমৰ্থন পাব বুলি  বিজেপিৰ দাবী সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত আজমলে কয়, "কংগ্ৰেছে ৭০ বছৰ একো দিয়া নাই৷ আনহাতে যেতিয়াৰে পৰা বিজেপি আহিছে ,তেওঁলোকেও মুছলমানক একো দিয়া নাই।"