যোৰহাটৰ ফলাফলৰ পুনৰাবৃত্তি হ’ব বিহালীত
‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু বিশ্বনাথ চাৰিআলিৰ প্ৰতিবেদক, ১০ নৱেম্বৰঃ ‘বিজেপিৰ দম্ভ, অহংকাৰৰ বিৰুদ্ধে যোৰহাটৰ মানুহে যি সংগ্ৰাম আৰম্ভ কৰিলে, বিহালীৰ মানুহে সেই সংগ্ৰামৰ শেষৰটো মোহৰ মাৰিব৷ এইবাৰ বিহালীত যোৰহাটৰ ফলাফলৰ পুনৰাবৃত্তি হ’ব৷’–এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ৷
শনিবাৰে বিহালীৰ কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ মিজিকাত নিৰ্বাচনী প্ৰচাৰ চলাই গৌৰৱ গগৈয়ে এনেদৰে মন্তব্য কৰাৰ লগতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক ‘ ফ্লাই অভাৰ’ মুখ্যমন্ত্ৰী আখ্যা দিলে৷ সাংসদ গগৈয়ে ভোটৰ সভাত কয়– ‘মুখ্যমন্ত্ৰীয়ে য’তে ত’তে ফ্লাই অভাৰ বনোৱাৰ বাহিৰে একো কাম কৰা নাই৷ য’তে-ত’তে মাথোন ফ্লাই অভাৰ বনায়৷ নালাগে বুলি ক’লেও ফ্লাই অভাৰ দিয়ে৷ যোৰহাটৰ মানুহে, দীঘলীপুখুৰীৰ মানুহে নালাগে বুলি কোৱাৰ পাছতো ফ্লাই অভাৰ দিলে৷ আচলতে মুখ্যমন্ত্ৰীয়ে নিজৰ পচন্দৰ দুই-তিনিজনমান ঠিকাদাৰক ধনী কৰিবৰ বাবেহে ফ্লাই অভাৰ বনাইছে৷ মাজত মাত্ৰ ১৫ মাহহে আছে৷ ২০২৬ ৰ বিধানসভাৰ নিৰ্বাচন সমাগত৷ ২০২৬ ত অসমৰ ৰাইজে নিজৰ ভোটৰ জৰিয়তে এনে ফ্লাই অভাৰ বনাব যে মুখ্যমন্ত্ৰীক অসমৰ পৰাই বাহিৰ কৰি দিব৷’
উল্লেখ্য, সাংসদ গৌৰব গগৈৰ সৈতে ৰকিবুল হুছেইনও বিহালীত নিৰ্বাচনী প্ৰচাৰ চলায়৷ সাংবাদিকৰ আগত হুছেইনে কয়–‘মিঞাৰ ভোট নালাগে বুলি কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া মিঞাৰ ভোট বিচাৰি হাবাথুৰি খাইছে৷ চামগুৰিত আচলতে বিজেপি হাৰিছেই৷ চামগুৰিত যুঁজখন পুলিচ আৰু কংগ্ৰেছৰ বিৰুদ্ধে হৈছে৷ নিজৰ সুবিধাৰ বাবে ৫৪জন আৰক্ষীক বদলি কৰিছে৷ বিহালীতো কংগ্ৰেছৰ জয় হ’ব৷ চালফা, হত্যাকাৰী লগাই চামগুৰিত বিজেপিয়ে অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিছে৷ ইফালে বিহালীৰ বিজেপি দলৰ প্ৰাৰ্থীগৰাকীৰ নাম দিগন্ত ঘাটোৱাৰ নে দিগন্ত ঘাটোৱাল এই কথা স্পষ্ট কৰিবলৈ কংগ্ৰেছে মুখ্যমন্ত্ৰী, বিজেপি দল তথা জলসম্পদ মন্ত্ৰীক আহ্বান জনাইছে৷ এই সন্দৰ্ভত অসম কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ঋতুপূৰ্ণ কোঁৱৰৰ বাক্যবাণ এনেধৰণৰ–‘বিহালী বিধানসভা নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া, জলসম্পদ মন্ত্ৰী আৰু ৰাজ্যিক বিজেপি দলৰ হৈছে কি? নিজ দলৰ প্ৰাৰ্থী গৰাকীৰ নামটোকে কোনেও শুদ্ধকৈ ক’ব নোৱাৰা হ’ল যে ১৯ অক্টোবৰ তাৰিখে দলীয় টিকট ঘোষণা কৰাৰ দিনাখন দিগন্ত ঘাটোৱাৰ বুলি প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে৷ ৰাজ্যিক বিজেপিৰ দলীয় সামাজিক মাধ্যমত নাম ফটো দি শুভেচ্ছা জনালে৷ অৰ্থাৎ বিহালী সমষ্টিৰ প্ৰাৰ্থী গৰাকীৰ নাম ‘‘দিগন্ত ঘাটোৱাৰ’’ বুলিয়েই সকলোৱে ভাবিছিলো! কিন্তু যোৱা দুদিনমানৰ পৰা বিহালীৰ উপ নিৰ্বাচনত বিজেপি দলৰ তত্ত্বাৱধায়ক হিচাপে থকা মন্ত্ৰী পীয়ুষ হাজৰিকাৰ সামাজিক মাধ্যমৰ পেজত ‘‘দিগন্ত ঘাটোৱাৰ’’ৰ ঠাইত দিগন্ত ‘‘ঘাটোৱাল’’ বুলিহে উল্লেখ কৰা দেখিলোঁ৷ ৰাজ্যিক বিজেপিৰ সামাজিক মাধ্যম পেজতো ‘‘ঘাটোৱাৰ’’ৰ ঠাইত ‘‘ঘাটোৱাল’’ বুলি লিখিছে৷ তাতোতকৈ আচৰিত কথা আজি চাহ-জনগোষ্ঠি তথা আদিবাসীসকলৰ প্ৰেমত মচগুল হৈ থকা মুখ্যমন্ত্ৰী ডাঙৰীয়াইও বিহালী কলেজৰ খেলপথাৰত সম্বোধন কৰা ৰাজহুৱা সভাখনতো বাৰে বাৰে দিগন্ত ঘাটোৱাল বুলি নাম উল্লেখ কৰিলে৷ ইয়াৰ দ্বাৰা কি বুজা যায়? তেওঁলোকে প্ৰাৰ্থী গৰাকীক গুৰুত্ব প্ৰদান কৰা নাই নে অসন্মান কৰিছে? বিহালী প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰক বিজেপি দল, মুখ্যমন্ত্ৰী ডাঙৰীয়া, মন্ত্ৰীয়ে যেনেকৈ বাৰে বাৰে ৰাজহুৱাকৈ ঘাটোৱাল বুলি আখ্যা দি আছে ঠিক তেনেদৰে হিমন্ত বিশ্ব শৰ্মাক যদি ৰাজহুৱা কৈ ‘‘হিমন্ত বিশ্ব চাম্বা’’ বুলি কোনোবাই কয় ভাল লাগিব নেকি? পীয়ুষ হাজৰিকাৰ ঠাইত যদি ‘‘পীয়ুষ হাজৰিয়াল’’ বুলি কোনোবাই বাৰে বাৰে ৰাজহুৱা সভা আৰু সামাজিক মাধ্যমত প্ৰচাৰ কৰি থাকিলহেঁতেন তেন্তে ‘‘তুলসী-নজৰুল’’ নহ’লহেতেন বুলি কোনোবাই ক’ব পাৰিব নে৷’