Logo
image

ছবি আঁকি কাৰাবন্দীঃ মাৰ্শ্বেল-অংকুমানক বিনা চৰ্তে মুক্তিৰ দাবীত প্ৰতিবাদ বৃক্ষপ্ৰেমীৰ

'আমাৰ অসম'ৰ মহানগৰ সংবাদ, ১২ নৱেম্বৰঃ দুই কাৰাবন্দী শিল্পীৰ মুক্তিৰ দাবীত মঙলবাৰে গুৱাহাটীৰ দীঘলীপুখুৰীপাৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে একাংশ বৃক্ষপ্ৰেমীয়ে। কেৱল বৃক্ষপ্ৰেমীয়ে নহয় বিভিন্ন দল-সংগঠন, কবি, শিল্পী, সাহিত্যিক সমাজে যোগদান কৰিলে এই প্ৰতিবাদী কাৰ্যসূচীত।

এছ এফ আই, ডি ৱাই এফ আই, এ আই এফ আই, এ আই এছ এফ, এছ এম এছ এছ, আই এছ অ'ৰ লগতে কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ, কবি, সাহিত্যিকে মঙলবাৰে বিয়লি  দীঘলীপুখুৰীপাৰৰ অসম ৰাজ্যিক সংগ্ৰহালয়ৰ সন্মুখৰ খাঁও গলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ‍্য, ভৰলুমুখত উৰণ সেতু নিৰ্মাণৰ নামত শতিকা গৰকা ৭০ জোপাতকৈ গছ কটাৰ বাবে চৰকাৰী কতৃপক্ষই চিহ্ন দিয়াৰ বিৰুদ্ধে চলি থকা প্ৰতিবাদস্থলীত ছবি অংকন কৰা আৰু 'কিক হিমন্ত' বুলি লিখা বাক্য শাৰীক লৈ ৯ ছেপ্টেম্বৰৰ পুৱতি নিশা জাতীয় যুৱ বাহিনীৰ প্ৰচাৰ সম্পাদক অংকুমান বৰদলৈ, চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱা আৰু সাংবাদিক কমল কুমাৰক গ্ৰেপ্তাৰ কৰা হয়।



পাছত দ্বিতীয় দিনাই সাংবাদিক কমল কুমাৰক মুক্তি দিয়া হয় যদিও বাকী দুজনক বৰ্তমানেও মুক্তি দিয়া নাই। দুয়োজনকে বিনা চৰ্তে মুক্তিৰ দাবীত হাতে হাতে বিভিন্ন বেনাৰ, প্লে কাৰ্ড লৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়৷  প্ৰতিবাদকাৰীসকলে 'চৰকাৰে ৰং তুলিকাক ভয় কৰে', 'চৰকাৰে মাৰ্শ্বেল বৰুৱা আৰু অংকুমান বৰদলৈক বিনা চৰ্তে মুক্তি দিয়ক', 'দীঘলীপুখুৰীৰ গছে যদি অক্সিজেন দিয়ে তেন্তে ভৰলুমুখৰ গছে নিদিব নেকি?' আদি বিভিন্ন শ্ল'গান দিয়ে।

দুয়োকে মুকলি কৰি নিদিয়ালৈকে গণতান্ত্ৰিক আন্দোলনৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে। এই কাৰ্যসূচীত এছ এফ আইৰ সম্পাদক সংগীতা দাস, ডি ৱাই এফ আইৰ সম্পাদক উৎপলা দাস, সভাপতি কৃষ্ণ গগৈ, অনুজা ডেকা,কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ পাৰভিছ জামান, বিশিষ্ট কবি নীলিম কুমাৰ, এছ এফ আইৰ সম্পাদক ৰাজদ্বীপ মহন্ত, বি বৰুৱা মহাবিদ্যালয়ৰ একতা সভাৰ সহকাৰী সম্পাদক আলোক নৰহ, আই এছ অ' ৰ দুৰ্লভ তালুকদাৰ, জাতীয় পৰিষদৰ মুখপাত্ৰ অনন্যা শইকীয়া, কৃষক সভাৰ জয়ন্ত গগৈ, চিত্ৰ-পৰিচালক হিমাংশু দাস, কৃষক মুক্তিৰ চাদ্দাম আলিকে আদি কৰি প্ৰায় শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে।