
ছয়মাহে বন্ধ হৈ আছে শিমলীতোলা শশী কুমাৰ চাহ বাগিচা
'আমাৰ অসম'ৰ নগৰবেৰাৰ প্ৰতিবেদকঃ এমাহ দুমাহ নহয়, প্ৰায় ছমাহ ধৰি বন্ধ হৈ আছে গোৱালপাৰা জিলাৰ ৰং জুলি ৰাজহ চক্ৰৰ অন্তৰ্গত শিমলীতোলা শশী কুমাৰ চাহ বাগিচাৰ সকলো কাম কাজ। উল্লেখযোগ্য যে মালিক পক্ষৰ শোষণ, বঞ্চনা আৰু দমনমূলক নীতিৰ বিৰুদ্ধে বাগিচাৰ শ্ৰমিক মজদুৰ সকলে প্ৰতিবাদ কৰাৰ বাবেই একপক্ষীয়ভাৱে বাগিচা বন্ধ ৰাখিছে মালিক পক্ষই । জানিব পৰা মতে, বাগিচাৰ শীতকালীন কামক লৈ মালিক পক্ষৰে শ্ৰমিকৰ সংঘাত আৰম্ভ হোৱাত শ্ৰমিক সকলে বিগত বৰ্ষৰ ডিচেম্বৰ মাহত সাময়িকভাৱে কাম বন্ধ ৰাখে। আনহাতে পূৰ্বৰ ঠিকা ভিত্তিক কামৰ পৰিৱৰ্ত্তে মালিক পক্ষই শীতকালীন কাম সমূহ হাজিৰা ভিত্তিত কৰিবলৈ শ্ৰমিক সকলক হেঁচা দিয়া বাবেই শ্ৰমিক সকলে নিজৰ প্ৰাপ্য অধিকাৰৰ বাবে কামৰ পৰা বিৰত থাকে। উল্লেখ্য যে পৰৱৰ্ত্তী সময়ত শ্ৰমিক, মালিক পক্ষ আৰু জিলা প্ৰশাসনৰ মাজত হোৱা এক আলোচনা মৰ্মে শ্ৰমিক সকলৰ দাবী পূৰণৰ আশ্বাস প্ৰদান কৰাত শ্ৰমিক সকলে ২৪ ডিচেম্বৰৰ পৰা বাগিচাৰ কাম কৰিব বুলি মান্তি হৈ সিদিনা শ্ৰমিক সকলে কামৰ বাবে যায় যদিও অন্যায়ভাৱে 'লক আউট' জাননী জাৰি কৰি বাগিচাৰ পৰিচালক সমন্বিতে কৰ্মচাৰী সকলে আত্মগোপন কৰে । সেই সময়ত মালিক পক্ষৰ এনে মইমতালি আৰু দমনমূলক নীতিৰ বিৰুদ্ধে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি শ্ৰমিক মজদুৰ সকলে অনিৰ্দিষ্ট কাললৈ কাম বন্ধ কৰি দিয়ে আৰু সমগ্ৰ বিষয়টো ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি ইয়াৰ সু-মিমাংসাৰ বাবে অনুৰোধ জনায়।
উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ অনুসৰি গোৱালপাৰা জিলাৰ অতিৰিক্ত উপায়ুক্ত, শ্ৰম বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু আদিবাসী ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে শ্ৰমিক সকলৰ সৈতে এক দীঘলীয়া আলোচনাৰ অন্তত শ্ৰমিক সকলে সাময়িকভাৱে কৰ্মবিৰতি প্ৰত্যাহাৰ কৰি কামলৈ ঘুৰি যায়। আনহাতে কিছুদিন কাম কৰাৰ পিছত শ্ৰমিক-মজদুৰ সকলক মজুৰি, দৰমহা প্ৰদানৰ নামত পুনৰ খেলিমেলিৰ সৃষ্টি কৰি বাগিছাত কৰ্মৰত প্ৰায় ৩২ জন মজদুৰ, কৰ্মচাৰীক দৰমহাৰ পৰা বঞ্চিত কৰাৰ লগতে বাগিচাৰ পৰিচালকে একাংশ শ্ৰমিকক দুৰ্ব্যৱহাৰ কৰাক লৈ নিশা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াৰ পিছতে বাগিছাখনত সম্পূৰ্ণৰূপে কাম-কাজ বন্ধ হৈ পৰে । আজি প্ৰায় ছয়মাহ ধৰি বাগিচাৰ কাম বন্ধ হৈ পৰাত সম্পূৰ্ণৰূপে অচলাৱস্থা চলি আছে বাগিছাখনত। প্ৰায় ছয়মাহ ধৰি বাগিচাত কাম বন্ধ হৈ থকাত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বাগিছাখনত। উল্লেখ্য যে পৰিয়াল চলোৱাৰ বাবে বাগিচাৰ বহু শ্ৰমিকে সম্প্ৰতি বিভিন্ন প্ৰান্তত দিন হাজিৰা কামত নিয়োজিত হোৱা বুলি ব্যক্ত কৰিছে একাংশ শ্ৰমিকে। তদুপৰি দীৰ্ঘদিন কাম বন্ধ হৈ থকাত বাগিচাখনৰ পাঁচ শতাধিক শ্ৰমিক মজদুৰৰ পৰিয়ালৰ অৱস্থা পানীত হাঁহ নচৰা বিধৰ হৈ পৰিছে। ইপিনে গ্ৰীষ্মকালীন সময়ত বাগিচাৰ পাত তোলা কাম কৰা হয় যদিও বাগিচাখনৰ পাত তোলা কামো বন্ধ হৈ থকাত আন এক সমস্যাৰ সৃষ্টি হৈছে। মালিক পক্ষৰ মইমতালি, শোষণ আৰু দমনমূলক নীতিৰ বাবেই সম্প্ৰতি বাগিচাখনে বৃহৎ লোকচানৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰিছে। সমগ্ৰ বিষয়টোত গুৰুত্ব আৰোপ কৰি বাগিচাখন পুনৰ কাৰ্যক্ষম কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতে শ্ৰমমন্ত্ৰীক দাবী জনাইছে শ্ৰমিক-মজদুৰ সকলে ।