Logo
image

ভিতৰি নেৰিবা বেথা...

আমাৰ অসম, ২৪ ফেব্ৰুৱাৰীঃ লাডাখকে ধৰি দীঘলীয়া সীমান্তত সৃষ্টি হোৱা সংঘাতৰ ফলত যোৱা সম্পূৰ্ণ বছৰটোত চীনৰ সৈতে ভাৰতৰ সম্পৰ্কৰ অভাৱনীয় অৱনতি ঘটিছিল৷ কূটনৈতিক সম্পৰ্ক ২০২০চনত তেনেই শোচনীয় হৈ পৰিছিল৷ দেশজুৰি চীনৰ সামগ্ৰী বৰ্জনৰ দাবী উঠিছিল৷ আনকি চৰকাৰীভাৱে নিষিদ্ধ কৰি দিয়া হৈছিল কেইবাশতাধিক চীনা এপ’৷ চীনৰ পৰা যিকোনো পণ্য আমদানি কৰাৰ ক্ষেত্ৰতো কৰ্তনৰ সম্ভাৱনা ব্যক্ত কৰিছিল মোদী চৰকাৰে৷ কিন্তু এই সকলোবোৰ ‘আনক দেখুৱাই কেটেৰা মাৰিবা, ভিতৰি নেৰিবা বেথা’ৰ দৰেহে হোৱা বুলি এতিয়া সকলোৱে অনুভৱ কৰিছে৷ কিয়নো ২০২০চনত আমেৰিকাক অতিক্ৰম কৰি ভাৰতৰ বৃহত্তম বাণিজ্য সহযোগী হৈ উঠিল শত্ৰুভাৱাপন্ন প্ৰতিৱেশী দেশ চীন৷ ২০২০চনত চীনৰ সৈতে ভাৰতৰ বাণিজ্যিক লেন-দেন হ’ল ৫লাখ ৬৩ হাজাৰ কোটি টকাৰ৷ ইয়াৰ ভিতৰত চীনৰ পৰা ভাৰতে কেৱল পণ্যই কিনিলে ৪,২৫,৩৭৩ কোটি টকাৰ৷ 

যন্ত্ৰপাতিৰ বাবে আন কোনো দেশৰ ওপৰত নিৰ্ভৰ নকৰাকৈ দেশক আত্মনিৰ্ভৰ কৰাৰ আহ্বান জনাইছিল প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ কিন্তু সেয়া কেৱল আহ্বানতে সীমাবদ্ধ হৈ থাকিল৷ কিয়নো বিগত বছৰটোত ভাৰতে বাণিজ্যিক ক্ষেত্ৰত সৰ্বাধিক লেন-দেন কৰিলে ৰাজনৈতিকভাৱে শত্ৰু হৈ পৰা দেশ চীনৰ সৈতে৷ কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰণালয়ৰ পৰা পোৱা তথ্যৰ ভিত্তিত ব্লুমবাৰ্গে তৈয়াৰ কৰা এক প্ৰতিবেদনত চীনৰ সৈতে ভাৰতৰ শেহতীয়া বাণিজ্যৰ লেন-দেনৰ পৰিসংখ্যা প্ৰকাশ পাইছে৷ চীনৰ সৈতে সততে ৰাজনৈতিক আৰু কুটনৈতিক সম্পৰ্ক বেয়া হৈ থাকিলেও ২০১৭ আৰু ২০১৮চনতো চীনেই আছিল ভাৰতৰ বৃহত্তম বাণিজ্য সহযোগী দেশ৷ ২০১৯চনত ভাৰতৰ বৃহত্তম বাণিজ্য সহযোগী দেশ হিচাপে পৰিগণিত হৈছিল আমেৰিকা৷ কিন্তু ২০২০ চনত লাডাখত চীনৰ সৈনিকে গজাল লগাই লোৱা  লাঠিৰে কোবাই ২০জন ভাৰতীয় সৈনিকক হত্যা কৰা বছৰটোত পুনৰ ভাৰতৰ বৃহত্তম বাণিজ্য সহযোগী দেশ হিচাপে পৰিগণিত হ’ল চীন৷ ২০১৭ চনত চীনৰ সৈতে ভাৰতৰ বাণিজ্যিক লেন-দেন হৈছিল ৬,১৩,৭৮৪ কোটি টকাৰ৷ ইয়াৰ পাচত ক্ৰমে ২০১৮ চনত চীনৰ সৈতে বাণিজ্যিক লেন-দেন হয় ৬,৫৫,০০০কোটি টকাৰ, ২০১৯ চনত হয় ৬,১৯,৫৮১ কোটি টকাৰ৷ 

সীমান্ত সংঘাতৰ ফলত মোদী চৰকাৰে কেইবাশ চীনা এপ বন্ধ কৰি দি বেইজিঙৰ বিৰাগভাজন হৈছিল৷ কেন্দ্ৰীয় চৰকাৰে দেশজুৰি চীনা সামগ্ৰী বৰ্জনৰ আহ্বান জনাইছিল৷ কিন্তু তাৰ মাজতে নৰেন্দ্ৰ মোদী চৰকাৰে শত্ৰু হিচাপে দেশবাসীৰ সন্মুখত ভাৱমূৰ্তি তৈয়াৰ কৰা দেশখনৰ সৈতে এনে ধৰণৰ বৃহৎ বাণিজ্যিক লেন-দেন কৰি থকাটো বহুতৰে বাবে দুৰ্বোধ্য হৈ পৰিছে৷ ঠিক যেন বিহুগীতৰ দৰে কথা– লোককে দেখুৱাই কেটেৰাই মাৰিবা, ভিতৰি নেৰিবা বেথা...৷ ইপিনে ২০২১চনত চীনৰ সৈতে ভাৰতৰ বাণিজ্যিক সম্পৰ্ক পূৰ্বতকৈ অধিক হোৱাৰ সম্ভাৱনাই দেখা দিছে৷ কিয়নো কমেও ৪৫টা চীনৰ কোম্পানীক ভাৰতক বিনিয়োগ কৰিবলৈ মোদী চৰকাৰে অনুমতি দিয়াৰ সিদ্ধান্ত লৈছে৷ চলিত বিত্তীয় বৰ্ষত চীনৰ এই ৪৫টা কোম্পানীয়ে ভাৰতত বিনিয়োগ কৰিব৷