প্ৰথম মেচত জিকিলেই পদক লাভলীনাৰ
'আমাৰ অসম'ৰ ডিজিটেল ডেস্কঃ আইচি-নাগোয়া এছিয়ান গেমছত ভাৰতৰ বক্সিঙৰ পদক অভিযান সোমবাৰে আৰম্ভ কৰিব অসম কন্যা লাভলীনা বৰগোহাঁয়ে ৭৫ কেজি শাখাত। টকিঅ’ অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী লাভলীনাই ২৮ ছেপ্টেম্বৰত কোৱাৰ্টাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ ছুয়ন ছিয়ঙৰ বিৰুদ্ধে ৰিঙত নামিব। ৭৫ কেজি শাখাত মাত্ৰ আঠগৰাকী বক্সাৰ থকাৰ বাবে লাভলীনাই পোনপটীয়াকৈ কোৱাৰ্টাৰ ফাইনেলৰ পৰাই অভিযান আৰম্ভ কৰিছে।
লাভলীনা আৰু ছুয়ন ছিয়ঙৰ মাজত এয়া অৱশ্যে প্ৰথম সাক্ষাৎ নহয়। ২০২২ৰ এছিয়ান গেমছৰ কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই দক্ষিণ কোৰিয়াৰ বক্সাৰগৰাকীক ৫-০ ব্যৱধানত পৰাস্ত কৰিছিল। এইবাৰো কোৱাৰ্টাৰ ফাইনেলত জয়লাভ কৰিলে লাভলীনাই ৩০ ছেপ্টেম্বৰত ছেমিফাইনেল খেলিব। অৱশ্যে ছেমিফাইনেলত প্ৰৱেশ কৰিলেই এছিয়ান গেমছৰ ব্ৰঞ্জৰ পদক নিশ্চিত কৰিব পাৰিব লাভলীনাই। ছেমিফাইনেলত তেওঁৰ সম্ভাৱ্য প্ৰতিদ্বন্দ্বী হ’ব কাজাখস্তানৰ বিশ্ব চেম্পিয়ন নাটালিয়া ব’গদান’ভা অথবা উজবেকিস্তানৰ আজিজা জকিৰোভা।
ব’গদান’ভাই ২০২৫ৰ বিশ্ব চেম্পিয়নশ্বিপত ৭০ কেজি শাখাত স্বৰ্ণ জয় কৰিছিল আৰু এইবাৰ ৭৫ কেজি শাখাত অংশ লৈছে। আনহাতে, ২০২৬ৰ এছিয়ান বক্সিং এলিট চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত জকিৰোভাই লাভলীনাক ৫-০ ব্যৱধানত পৰাস্ত কৰিছিল। সেয়েহে কোৱাৰ্টাৰ ফাইনেল অতিক্ৰম কৰিলে লাভলীনাৰ সন্মুখত কঠিন ছেমিফাইনেলৰ সম্ভাৱনা আছে। লাভলীনাই ২০২৬ৰ কমনৱেলথ গেমছতো ৭৫ কেজি শাখাত ৰূপৰ পদক লাভ কৰিছিল। গ্লাছগোৰ ফাইনেলত অষ্ট্ৰেলিয়াৰ এমা-ছু গ্ৰীণট্ৰীৰ হাতত ১-৪ ব্যৱধানত পৰাস্ত হৈছিল তেওঁ। এছিয়ান গেমছত তেওঁৰ সৰ্বোচ্চ সাফল্য ২০২২ৰ হাংঝৌত ৰূপৰ পদক। এইবাৰ সেই ৰূপৰ পদক উন্নীত কৰাৰ লক্ষ্যৰে ৰিঙত নামিব অসমৰ তাৰকা বক্সাৰগৰাকী।
এছিয়ান গেমছৰ পূৰ্বে লাভলীনাৰ প্ৰস্তুতিত কিছু উদ্বেগৰ সৃষ্টি হৈছিল। পেশীৰ বিষৰ পাছত সোঁফালে কঁকালত সামান্য আঘাত পোৱাত পাটিয়ালাৰ শিবিৰত প্ৰায় ১০ দিন অনুশীলনৰ পৰা আঁতৰি থাকিবলগীয়া হৈছিল। পাছত পুনৰ্বাসন প্ৰক্ৰিয়াৰ জৰিয়তে সুস্থ হৈ তেওঁ প্ৰতিযোগিতালৈ সাজু হৈছে বুলি বক্সিং ফেডাৰেচনে উল্লেখ কৰিছে। ভাৰতীয় বক্সিঙৰ বাবেও এইবাৰৰ এছিয়ান গেমছ গুৰুত্বপূৰ্ণ। ভাৰতৰ ১১জনীয়া বক্সিং দলত পাঁচগৰাকী মহিলা আৰু ছগৰাকী পুৰুষ বক্সাৰ আছে। এছিয়ান গেমছৰ পদক বিজয়ীসকলক ২০২৭ৰ বিশ্ব চেম্পিয়নশ্বিপলৈ পোনপটীয়া প্ৰৱেশৰ সুযোগ দিয়াৰ ব্যৱস্থা থকাৰ বাবে লাভলীনাৰ অভিযানৰ গুৰুত্ব কেৱল পদকতে সীমাবদ্ধ নহয়।
লাভলীনাৰ সূচী
🥊 ২৮ ছেপ্টেম্বৰ — কোৱাৰ্টাৰ ফাইনেল : ছুয়ন ছিয়ং (দক্ষিণ কোৰিয়া)
🥊 ৩০ ছেপ্টেম্বৰ — ছেমিফাইনেল : নাটালিয়া ব’গদান’ভা (কাজাখস্তান) / আজিজা জকিৰোভা (উজবেকিস্তান)ৰ সম্ভাৱ্য মুখামুখি
🥊 ২ অক্টোবৰ — ফাইনেল, ছেমিফাইনেলত জয়ী হ’লে
কোৱাৰ্টাৰ ফাইনেলখন ভাৰতীয় সময় অনুসৰি পুৱা ৮.৩০ বজাৰ পৰা অনুষ্ঠিত হ'ব।






