Logo
image

বৈভৱৰ কেৰিয়াৰক লৈ হেতালি খেলিছে কোন?

'আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদনঃ ১৫ বছৰ বয়সতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বিস্ময় সৃষ্টি কৰা বৈভৱ সূৰ্যবংশীৰ কেৰিয়াৰক লৈ এতিয়া এটা ডাঙৰ প্ৰশ্ন—তেওঁৰ প্ৰতিভাৰ সৈতে কোনে হেতালি খেলিছে? জিম্বাব'ৱেৰ বিৰুদ্ধে সদ্যসমাপ্ত টি-২০ ছিৰিজত তিনিখন খেলত ১৫১ ৰান, গড় ৫০.৩৩, ষ্ট্ৰাইক ৰেট ১৯৬.১০। এখন খেলত ১৯ বলত ৫০, আনখনত ৯ বলত ২০ আৰু ছিৰিজৰ অন্তিমখনত ৪৯ বলত ৮১। ফল—ভাৰতৰ ৩-০ ছিৰিজ জয় আৰু বৈভৱ ‘প্লেয়াৰ অৱ দ্য ছিৰিজ’। কিন্তু তাৰ পাছত কি হ’ল? আফগানিস্তানৰ বিৰুদ্ধে টি-২০ ছিৰিজৰ প্ৰথমখন খেলতে বৈভৱ একাদশৰ বাহিৰত। দ্বিতীয়খনতো একেই ছবি। অথচ প্ৰথমখনত অভিষেক শৰ্মাই ৮২ ৰানৰ বিস্ফোৰক ইনিংছ খেলিলেও সঞ্জু ছেমছনে মাত্ৰ ১০ ৰান কৰি উভতিছিল। তাৰ পাছতো দ্বিতীয়খনৰ বাবে সঞ্জু-অভিষেকৰ ওপেনিং যুটিটো অটুট ৰখাৰ সিদ্ধান্ত। বৈভৱৰ বাবে পুনৰ বেঞ্চ।

প্ৰশ্নটো ইয়াতেই। জিম্বাব'ৱেৰ ছিৰিজত যিজন খেলুৱৈ ভাৰতৰ সৰ্বাধিক ৰান সংগ্ৰাহক, যি ১৯৬.১০ ষ্ট্ৰাইক ৰেটত ৰান কৰিছে, যি প্ৰথমখনতে ১৯ বলত অৰ্ধশতক কৰি ইতিহাস সৃষ্টি কৰিছে আৰু শেষখনত ৮১ ৰান কৰি ‘প্লেয়াৰ অৱ দ্য ছিৰিজ’ হৈছে—তেওঁক পৰৱৰ্তী ছিৰিজত মূল একাদশত স্থান দিয়াৰ বাবে আৰু কিমান প্ৰমাণ লাগে? জিম্বাব'ৱেৰ প্ৰথমখন খেলত বৈভৱৰ ৫০ ৰান আহিছিল মাত্ৰ ১৯ বলত। সেই ইনিংছৰ ফলতেই তেওঁ পুৰুষৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত আটাইতকৈ কম বয়সত অৰ্ধশতক কৰা বেটছমেন হৈছিল। অধিনায়ক শ্ৰেয়স আয়াৰেও তেতিয়া তেওঁৰ নিৰ্ভীক বেটিঙৰ প্ৰশংসা কৰিছিল।দ্বিতীয়খনত আকৌ ৯ বলত ২০। আৰু তৃতীয়খনত ৮১। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল, শেষখন খেলৰ পিটচ সহজ নাছিল। তথাপি বৈভৱে ৪৯ বলত ৮১ কৰি ভাৰতক ১৯২ ৰানৰ শক্তিশালী স্ক’ৰলৈ লৈ যায়। সেই ইনিংছৰ বাবেই তেওঁ ‘প্লেয়াৰ অৱ দ্য মেচ’ আৰু সমগ্ৰ ছিৰিজৰ বাবে ‘প্লেয়াৰ অৱ দ্য ছিৰিজ’ হয়। অৰ্থাৎ জিম্বাবোৱে ছিৰিজত বৈভৱৰ প্ৰদৰ্শন কেৱল এটা আকস্মিক বিস্ফোৰণ নাছিল। তিনিখন খেল, তিনিধৰণৰ পৰিস্থিতি, তিনিটা গুৰুত্বপূৰ্ণ অৱদান। প্ৰথমখনত বিধ্বংসী আৰম্ভণি, দ্বিতীয়খনত অতি কম বলত দ্ৰুত ৰান আৰু তৃতীয়খনত ইনিংছ গঢ়ি ৮১। এই ধাৰাবাহিকতাকেই ‘প্লেয়াৰ অৱ দ্য ছিৰিজ’ৰ স্বীকৃতিয়ে সীল-মোহৰ মাৰিছিল।


ইয়াৰ বিপৰীতে ইংলেণ্ডৰ বিৰুদ্ধে আগৰ ছিৰিজত বৈভৱে ১৪, ১৩ আৰু ১৫ ৰান কৰিছিল—মুঠ ৪২। সেই ব্যৰ্থতাৰ পাছতো তেওঁক জিম্বাব'ৱেৰ ছিৰিজত বাদ দিয়া নহ’ল; বৰং সুযোগ পাই তেওঁ নিজকে পুনৰ প্ৰমাণ কৰিলে। ৰাষ্ট্ৰীয় দলৰ সৈতে এগৰাকী ১৫ বছৰীয়া খেলুৱৈক আগুৱাই নিয়াৰ ক্ষেত্ৰত এইটোৱেই হ’ব লাগে নীতি—ব্যৰ্থ হ’লে সুযোগ, সফল হ’লে অধিক আস্থা। তেন্তে এতিয়া সফলতাৰ পাছত বৈভৱৰ ক্ষেত্ৰত কিয় এনে ছবি? প্ৰাক্তন ভাৰতীয় অধিনায়ক তথা প্ৰাক্তন মুখ্য নিৰ্বাচক কৃষ্ণমাচাৰী শ্ৰীকান্তেও এই সিদ্ধান্তক লৈ মুকলিকৈ প্ৰশ্ন তুলিছে। তেওঁৰ বক্তব্য হৈছে—বৈভৱক যদি দলত ৰখা হৈছে, তেন্তে তেওঁক খেলাৰ সুযোগো দিব লাগিব। আনকি বৈভৱক কিয় খেলোৱা হোৱা নাই বুলি তেওঁৰ পত্নীয়েও প্ৰশ্ন কৰা বুলি শ্ৰীকান্তে উল্লেখ কৰিছে।

অৱশ্যে দলীয় মেনেজমেন্টৰ হাতত এটা যুক্তি আছে—অভিষেক শৰ্মাই আফগানিস্তানৰ বিৰুদ্ধে প্ৰথমখনত ৮২ ৰান কৰিছে। তেওঁক বাদ দিয়াটো কঠিন। সঞ্জু ছেমছনকো দললৈ উভতি অহাৰ পাছত পৰ্যাপ্ত সুযোগ দিয়াৰ প্ৰয়োজন আছে। এই যুক্তি সম্পূৰ্ণ অমূলক নহয়। কিন্তু তেন্তে প্ৰশ্ন হয়—দলৰ 'কম্বিনেচন'ৰ সকলো সমস্যাৰ সমাধান বৈভৱক বেঞ্চত বহুৱাইহে কৰিব লাগিব নেকি?সঞ্জু আৰু বৈভৱৰ মাজত মূল পাৰ্থক্যটো ইয়াত—যদি বৈভৱক ভৱিষ্যতৰ বাবে গঢ়ি তুলিব লাগে, তেন্তে  বেঞ্চত বহুৱাই নহয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দায়িত্ব দি গঢ়িব লাগিব। আৰু এই সিদ্ধান্তই বৈভৱৰ ওপৰত মানসিক প্ৰভাৱ পেলাব নেকি—সেই প্ৰশ্নটোও গুৰুত্বপূৰ্ণ। এজন ১৫ বছৰীয়া খেলুৱৈয়ে জিম্বাব'ৱেৰ বিৰুদ্ধে সফল হৈ নিজৰ স্থান শক্তিশালী কৰাৰ পাছত পৰৱৰ্তী ছিৰিজত যদি দুয়োখন খেলতে বাহিৰত বহিবলগীয়া হয়, তেন্তে তেওঁৰ মনত স্বাভাৱিক প্ৰশ্ন আহিব—মই আৰু কিমান ভাল খেলিলে দলত নিয়মীয়াকৈ সুযোগ পাম? ক্ৰিকেটত বেঞ্চত বহা কোনো অপমান নহয়। নিৰ্বাচন মানেই প্ৰতিখন খেলত একেজন খেলুৱৈ খেলিব লাগিব তেনে কথাও নাই। কিন্তু নিৰ্বাচনৰ নীতি যদি ফৰ্ম আৰু প্ৰদৰ্শন হয়, তেন্তে বৈভৱৰ বৰ্তমানৰ প্ৰদৰ্শনক উপেক্ষা কৰাৰ যুক্তি অতি শক্তিশালী হ’ব লাগিব।

বৈভৱৰ সমৰ্থকৰ ভাৰতীয় দলৰ মেনেজমেন্টৰ প্ৰতি  প্ৰশ্ন—জিম্বাবোৱেত ১৫১ ৰান কৰি ‘প্লেয়াৰ অৱ দ্য ছিৰিজ’ হোৱা বৈভৱ যদি আফগানিস্তানৰ বিৰুদ্ধে দুয়োখন খেলতো খেলাৰ যোগ্য নহয়, তেন্তে খেলাৰ যোগ্য হ’বলৈ তেওঁক আৰু কি কৰিব লাগিব? বৈভৱ সূৰ্যবংশীৰ কেৰিয়াৰ এতিয়াও আৰম্ভণিহে। তেওঁক এতিয়াই মহান খেলুৱৈ বুলি ঘোষণা কৰাটোও ভুল, আৰু দুখন খেলত সুযোগ নোপোৱাৰ বাবেই তেওঁৰ কেৰিয়াৰ নষ্ট হৈ গৈছে বুলি কোৱাটোও অতিৰঞ্জন। কিন্তু প্ৰতিভাক ধাৰাবাহিক সুযোগ, স্পষ্ট ভূমিকা আৰু নিৰ্বাচনত সামঞ্জস্য নিদিলে প্ৰতিভাৰ বিকাশত আঘাত পৰিব পাৰে।