Logo
image

দেহত এইকেইটা লক্ষণ দেখা দিলে জানিব আপোনাৰ লিভাৰৰ সমস্যা হৈছে

আমাৰ অসম বিশেষঃ আমাৰ দেহৰ অত্যন্ত গুৰুত্বপূৰ্ণ অংগ হৈছে লিভাৰ বা যকৃৎ৷ পৰিপাক ক্ৰিয়াৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰে লিভাৰে৷ শৰীৰৰ সকলো অপ্ৰয়োজনীয় পদাৰ্থ বাহিৰ কৰি শৰীৰক সুস্থ কৰি ৰখাই হৈছে লিভাৰৰ কাম৷ লিভাৰৰ যদি স্বাভাৱিক কৰ্মক্ষমতা হ্ৰাস পায় তেনেহ’লে মানুহৰ মৃত্যুও হ’ব পাৰে৷ এইখিনিতে প্ৰশ্ন হয়– কেনেকৈ বুজি পাব আপোনাৰ লিভাৰে ঠিকমতে কাম কৰি আছে নে নাই? লিভাৰে যদি সঠিকভাৱে কাম কৰি থকা নাই তেনেহ’লে এইকেইটা লক্ষণ দেখা দিব আপোনাৰ দেহত–

◾যদি হঠাৎ খোৱা-লোৱাৰ প্ৰতি অনিহা আহে, খোৱাৰ পাতত বহি কোনোপধ্যে খাদ্য আপোনাৰ মুখলৈ নিব পৰা নাই তেনেহ’লে বিষয়টো অৱহেলা নকৰিব৷ কাৰণ এয়া লিভাৰৰ সমস্যাৰ কাৰণ হ’ব পাৰে৷

◾কামিহাড়ৰ তলত পেটৰ সোঁফালে যদি বিষ অনুভৱ কৰিছে সাৱধান হওঁক৷

◾কিবা খালেই যদি বমি হয় অথবা বমি বমি ভাব হয়, সেয়াও হ’ব পাৰে লিভাৰৰ সমস্যাৰ কাৰণ৷

◾শৌচ আৰু প্ৰস্ৰাৱৰ বৰণ যদি হঠাৎ সলনি হয় তেতিয়াহ’লে সাৱধান হোৱা উচিত৷ লিভাৰৰ সমস্যা হ’লে শৌচ আৰু প্ৰস্ৰাৱৰ বৰণ সলনি হয়৷

◾খাদ্য ভালদৰে হজম নহ’লে জানিব আপোনাৰ লিভাৰে সঠিকভাৱে কাম কৰা নাই৷

◾যদি আকস্মিকভাৱে চকুৰ বগা অংশৰ ৰং আৰু দেহৰ বৰণ হালধীয়া হ’ব ধৰে তেনেহ’লে সাৱধান হওঁক৷ এয়া জণ্ডিছৰ লক্ষণ৷ জণ্ডিছ হৈছে লিভাৰৰ এবিধ ৰোগ৷

◾যদি আপোনাৰ দেহৰ ছাল কোনো কোনো ঠাইত খুব শুষ্ক হৈ পৰে, ঠায়ে ঠায়ে উখহি চোকা বান্ধে তেনেহ’লে বিষয়টিক অৱহেলা নকৰিব৷ এইটো লিভাৰৰ সমস্যাৰ অন্যতম লক্ষণ৷

◾যদি আপোনাৰ পেটৰ তলৰ অংশ অস্বাভাৱিকভাৱে ফুলি উঠে আৰু কেইবাদিন ধৰি এনেদৰে থাকে সেয়া লিভাৰৰ সমস্যাৰ লক্ষণ হ’ব পাৰে৷ লিভাৰত অধিক পানী জমা হ’লে এনে হ’ব পাৰে, যিটো লিভাৰ চিৰোচিছ বুলি জনা যায়৷

এনেবোৰ সমস্যাই দেখা দিলে সাৱধান হওঁক৷ কিয়নো সম্প্ৰতি বহু লোক লিভাৰৰ সমস্যা ভুগি আছে৷ ইয়াৰ ফলত বহু লোকৰ মৃত্যুও হৈছে৷