Logo
image

ৰাম সকলোৰে, সংসদত মোদীক গৌৰৱ গগৈৰ প্ৰত্যুত্তৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ ফেব্ৰুৱাৰীঃ ধৰ্মৰ প্ৰমাণ-পত্ৰ বিজেপিয়ে দিব লাগিব নেকি? মন্দিৰলৈ কোন যাব, কেতিয়া যাব তাৰ অনুমতি বিজেপিৰ পৰা ল’ব লাগিব নেকি? অসমৰ মুখ্যমন্ত্ৰীৰ বাবে মন্দিৰ টিআৰপিলৈ পৰিণত হৈছে নেকি? ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কেৱল মাত্ৰ টিআৰপিহে নেকি? এই ভাষ্য কংগ্ৰেছৰ লোকসভাৰ সাংসদ গৌৰৱ গগৈৰ৷ লোকসভাত ৰাম মন্দিৰৰ ওপৰত হোৱা আলোচনাত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি গৌৰৱ গগৈয়ে বিজেপি দলক তীব্ৰ আক্ৰমণ কৰি কয়– আমাৰ দেশত বহুত ধৰ্ম আছে৷ বহুত ধৰ্মগ্ৰন্থ আছে৷ বহুত ধৰ্মগুৰু আছে৷ কিন্তু শাসনৰ গ্ৰন্থ কেৱল এখনহে আছে৷ সেইখন হ’ল সংবিধান৷ হিন্দু ধৰ্মত বহু বেদ-উপনিষদ আছে৷ ৰামৰ কথা কোৱা লোকৰ মুখত ইমান হিংসাৰ কথা কিয়? অন্তৰত ঘৃণা থাকিলে ৰামভক্ত হ’বই নোৱাৰে৷ ঘৃণা বিয়পোৱা লোক ৰামভক্ত হ’বই নোৱাৰে৷ অন্যৰ ওপৰত গুলী চলোৱা লোক ৰামভক্ত হ’বই নোৱাৰে৷ অন্য লোকৰ ধৰ্মীয় অনুষ্ঠানক কলংকিত কৰা লোক ৰামভক্ত হ’বই নোৱাৰে৷ ভগৱান ৰাম সকলোৰে৷ তেওঁ সকলো সময়তে আমাৰ লগত থাকে৷ আমাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰভু ৰাম বিৰাজমান৷ ভাৰত ভক্তি, আস্থা আৰু সদ্ভাৱনাৰ দেশ৷ জ্ঞান আমাৰ সকলোতকৈ ডাঙৰ শক্তি আৰু মানৱীয়তা আমাৰ পৰিচয়৷ ভাৰতবাসী ধাৰ্মিক হয় আৰু ধৰ্মৰ অৰ্থই হৈছে ধাৰণ কৰা৷ সত্য পথত থাকি ন্যায়ৰ ওপৰত বিশ্বাস, কৰুণা লগতে সকলোৰে মাজত ভেদভাৱ নৰখাকৈ জীৱন ধাৰণ কৰাই হৈছে মানৱ ধৰ্ম৷