Logo
image

কিয় নিতৌ খাব লাগে টেঙা দৈ

আমাৰ অসম বিশেষঃ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ বাবে সকলোতকৈ ডাঙৰ অস্ত্ৰ হৈছে খাদ্য৷ খাদ্যই যেনেকৈ আমাক বিভিন্ন ৰোগৰ দূৰৈত ৰাখিব পাৰে তেনেকৈ খোৱাৰ দোষ-ত্ৰুটিৰ বাবে এশ এবিধ ৰোগ হয় আমাৰ শৰীৰত৷ গতিকে আমি খাদ্যক লৈ অতি সচেতন হোৱা উচিত৷ বিশ্বব্ৰহ্মাণ্ডত এনে বহুত খাদ্য আছে যিবোৰত আছে অকল্পনীয় গুণ৷ তেনে এবিধ খাদ্য হৈছে টেঙা দৈ৷ টেঙা দৈত থাকে ভিটামিন, মিনাৰেল আদি মানৱ দেহৰ বাবে অতি উপকাৰী উপাদান৷ টেঙা দৈত থাকে অসংখ্য বেক্টেৰিয়া যিয়ে মানৱ দেহৰ ভাষণ উপকাৰি৷ ইয়াৰ উপৰি টেঙা দৈত থাকে প্ৰচুৰ ভিটামিন বি, কেলচিয়াম আৰু পটাছ¸ নিয়মিত টেঙা দৈ খোৱা আৰম্ভ কৰিলে তাৰ সুফলো পোৱা যায় লগে লগে৷ 

◾মানৱ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ক্ষেত্ৰত পৰিপাক যন্ত্ৰৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ৷ মানুহৰ দেহৰ ৰোগ প্ৰতিৰোধী কোষৰ শতকৰা ৭০ ভাগ থাকে পৰিপাক যন্ত্ৰত৷ ইয়াৰ পৰাই বেক্টেৰিয়া চিনাক্ত কৰি মাৰি পেলায়৷ 

◾টেঙা দৈত থাকে প্ৰচুৰ পৰিমাণ কেলচিয়াম আৰু ভিটামিন ডি৷ ই হাড় আৰু দাঁত মজবুত কৰাত সহায় কৰে৷ মহিলাসকলে টেঙা দৈ খোৱাটো বেছি দৰকাৰী৷ কিয়নো মহিলাসকলে বেছিকৈ কেলচিয়ামৰ অভাৱত ভোগে৷ 

◾টেঙা দৈৰ বেক্টেৰিয়া অত্যন্ত উপকাৰী৷ শৰীৰৰ ক্ষাতিকাৰক বেক্টেৰিয়াক ধবংস কৰি আৰু উপকাৰী বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি কৰি মানুহৰ হজম শক্তি বৃদ্ধি কৰে৷ 

◾টেঙা দৈত থাকে লেটিক এচিড যি কোষ্ঠকাঠিন্য দূৰ কৰে আৰু ডায়েৰীয়া প্ৰতিৰোধ কৰে৷ ক’লন কেন্সাৰ ৰোগীৰ বাবে টেঙা দৈ অতি উপকাৰী৷ 

◾যিসকলে গাখীৰ খাব নোৱাৰে বা গাখীৰ হজম নহয় সেইসকলে নিচিন্ত মনে টেঙা দৈ খাব পাৰে৷ কাৰণ টেঙা দৈ সাধাৰণ গাখীৰতকৈ সহজে আৰু কম সময়ত হজম হয়৷ 

◾টেঙা দৈয়ে মানুহৰ দেহৰ ওজন হ্ৰাস কৰাত সহায় কৰে৷ একো নোখোৱাকৈ থকা লোকেও টেঙা দৈ খালে পেট পূৰ হৈ থকা যেন অনুভৱ হৈ থাকে৷ 

◾টেঙা দৈ উচ্ছ ৰক্তচাপ নিয়ন্ত্ৰণ কৰি ৰাখে৷ নিতৌ একাপ টেঙা দৈ খালে উচ্ছ ৰক্তচাপ প্ৰায় এক তৃতীয়াংশ হ্ৰাস পায়৷ তদুপৰি টেঙা দৈ নিয়মিতভাৱে খালে দেহত থকা বেড কলেষ্টেৰলৰ মাত্ৰা হ্ৰাস পায়৷ 

◾হাৰ্টৰ অসুখ আৰু মধুমেহ ৰোগীৰ বাবে টেঙা দৈ অতি উপকাৰী৷ 

◾টেঙা দৈয়ে মানৱ দেহত টক্সিন জমা হোৱাত বাধা প্ৰদান কৰে৷ ফলত অন্ত্ৰ নলী পৰিষ্কাৰ হৈ থাকে৷ ইয়াৰ ফলত শৰীৰ সুস্থ হৈ থাকে আৰু বাৰ্ধক্য ৰোধত সহায় কৰে৷