Logo
image

মঙলৰ মনোমোহা ছবি প্ৰেৰণ পাৰ্ছিভেৰেন্সৰ

আমাৰ অসম, ২৮ ফেব্ৰুৱাৰীঃ ১৯ ফেব্ৰুৱাৰীত সুকলমে অৱতৰণ কৰাৰ  এসপ্তাহৰ পাছতে নাছাৰ মঙলযান পাৰ্ছিভেৰেন্সে পৃথিৱীলৈ ৰঙা গ্ৰহটোৰ অতি আকৰ্ষণীয় ফটো প্ৰেৰণ কৰিছে৷ ৪০০ কোটি বছৰ আগতে এটা গ্ৰহাণুৰ আঘাতত মঙল গ্ৰহৰ যি নদীৰ পানী শুকাই যোৱা বুলি বিজ্ঞানীয়ে অনুমান কৰে সেই নদীখনৰ ব-দ্বীপৰ ফটো তুলি পঠিয়াইছে নাছাৰ ৰবটযান পাৰ্ছিভেৰেন্সে৷ এই ৰবটযানখনে কেৱল পানী শুকাই যোৱা মঙলগ্ৰহৰ ব-দ্বীপৰে নহয়, শিলভৰ্তি ওখৰা-মোখোৰা মাটি, বোকা মিহলি হৈ এতিয়া শুকাই যোৱা মটিয়া ৰঙৰ অঞ্চল, আকাশ, মৰুভূমিৰ দৰে বিস্তীৰ্ণ অঞ্চল আৰু দূৰৰ পৰা পাহাৰৰ ফটো পঠিয়াইছে৷ পাৰ্ছিভেৰেন্সৰ কেমেৰাত ধৰা পৰা আৰু পৃথিৱীলৈ প্ৰেৰণ কৰা এই ফটোৱে বিজ্ঞানীসকলক ৰঙা গ্ৰহটোৰ বিষয়ে গৱেষণা কৰাৰ বাবে অভূতপূৰ্ব সমল যোগান ধৰিছে৷ কিয়নো ইয়াৰ পূৰ্বে কোনো মহাকাশযানে পাৰ্ছিভেৰেন্সৰ দৰে ৩৬০ ডিগ্ৰী এংগলত মঙলগ্ৰহৰ ফটো তুলিবও পৰা নাছিল, পঠিয়াবও পৰা নাছিল৷ অৱতৰণৰ পূৰ্বেই ১৯ ফেব্ৰুৱাৰীত এখন ফটো প্ৰেৰণ কৰিছিল পাৰ্ছিভেৰেন্সে৷ এতিয়া প্ৰেৰণ কৰা ফটোৰ সৈতে সেই ফটোৰ ৰঙৰ সাদৃশ্য থাকিলেও গৱেষণাৰ সমল হিচাপে এই ফটোৰ সৈতে প্ৰথমখন ফটোৰ আকাশ-পাতাল প্ৰভেদ৷ যোৱা ২১ ফেব্ৰুৱাৰীত হাই ৰিজ’লিউশ্বন কেমেৰাৰে ৩৬০ ডিগ্ৰী ঘূৰি শতাধিক দৃশ্য বন্দী কৰিছিল পাৰ্ছিভেৰেন্সে৷ তাৰে ১৪২ খন ফটো গোটাই লৈ নিজৰ আশে-পাশে থকা অঞ্চলৰ এটা পেনোৰমিক ভিউ অৰ্থাৎ পৰিদৃশ্য তৈয়াৰ কৰিছে পাৰ্ছিভেৰেন্সে৷ সেই পেনোৰমিক ভিউ পাই অতিশয় সন্তুষ্ট নাছা৷ সম্প্ৰতি পাৰ্ছিভেৰেন্সে অৱস্থান গ্ৰহণ কৰিছে জেজেৰো নামৰ এটা গহ্বৰত৷ তাৰ পৰাই এই যানখনে  ১৩৫-১৪০ মিলিমিটাৰ মাষ্টকান-জেড ডুয়েল কেমেৰাৰে ফটো তুলিছে, যি ফটো ৩০ হাজাৰ পিক্সেল পৰ্যন্ত জুম কৰি চাব পাৰি৷ এই ফটোত ৩-৫ মিলিমিটাৰ আকাৰৰ বস্তু স্পষ্টভাৱে দেখা যায়৷ এই হাই ৰিজ’লিউশ্বন কেমেৰাই থ্ৰি-ডি ফটো তোলাৰ লগতে ভিডিঅ’ ৰেকৰ্ডিঙো কৰিব পাৰে৷ ইয়াৰ পূৰ্বে নাছাই প্ৰেৰণ কৰা কিউৰিঅ’চিটি নামৰ মহাকাশ যানখনৰ একেধৰণৰ ৩৬০ ডিগ্ৰী এংগলত ফটো তুলিব পৰা কেমেৰা পঠিয়াই দিছিল যদিও অৱতৰণৰ সময়ত এখন পাখি ভাঙি যোৱাত তেনে ফটো তোলা কিউৰিঅ’চিটিৰ বাবে সম্ভৱ নহ’ল৷ পিছে এইবাৰ কেমেৰা থকা দুয়োখন পাখি ফল্ডিং ব্যৱস্থাৰে অৱতৰণ কৰোৱা হৈছিল৷ সেয়ে অৱতৰণৰ সময়ত অক্ষতে থাকে ৩৬০ ডিগ্ৰী কেমেৰা৷ পৰৱৰ্তী সময়ত এই দুয়োখন পাখি খোল খাই যায় আৰু তাৰ পাছতে ২১ ফেব্ৰুৱাৰীৰ পৰা পাৰ্ছিভেৰেন্সে ফটো তুলিবলৈ আৰম্ভ কৰে৷ প্ৰসংগতঃ উল্লেখযোগ্য, পাৰ্ছিভেৰেন্সৰ মূল উদ্দেশ্য হৈছে মঙলগ্ৰহত মানৱ জাতিৰ বসবাস সম্ভৱ হয় নে নহয় সেয়া পৰীক্ষা কৰা৷ তাৰ বাবে এই যানখনে ৰঙা গ্ৰহটোৰ পৰা শিল, জীৱাশ্ম, মাটিৰ নমুনা ইত্যাদি লৈ ২০৩০ চনত পৃথিৱীলৈ প্ৰেৰণ কৰিব৷ নাছাই অহা ১০-১৫ বছৰৰ ভিতৰত মঙল গ্ৰহ মানুহৰ বাসোপযোগী হয় নে নহয় সেয়া পাৰ্ছিভেৰেন্সৰ গৱেষণাৰ জৰিয়তেই নিশ্চিত হ’ব আৰু তাৰ পাছতে স্থাপন কৰিব পৃথিৱীৰ বাহিৰৰ আন গ্ৰহত মানৱ জাতিৰ  প্ৰথম উপনিৱেশ৷