চুলি সৰা সমস্যাৰ সহজ সমাধান
আমাৰ অসম বিশেষঃ আপুনি চুলি সৰাৰ সমস্যাত ভুগি আছে নেকি, চকুৰ দৃষ্টিশক্তি হ্ৰাস পাইছে নেকি, দেহত বেড কলেষ্ট’ৰেলৰ মাত্ৰা বৃদ্ধি পাইছে নেকি নতুবা ৰক্তচাপজনিত ৰোগ বা উদ্বিগ্নতাত ভুগিছে নেকি? চিন্তা নকৰিব৷ এই সকলো সমস্যাৰ সমাধান আছে৷ ত্ৰিফলাই আপোনাক সেই সমূহ বেমাৰৰ পৰা মুক্তি দিব পাৰে৷
আপুনি যদি চুলি সৰাৰ সমস্যাত ভুগিছে তেনেহ’লে নাৰিকল তেলৰ সৈতে ত্ৰিফলাৰ গুৰি মিহলাই গোটেই নিশা মূৰত লগাই ৰাখক৷ পুৱা উঠি চেম্পু কৰক৷ চাৰি-পাঁচদিন এনেদৰে কৰিলেই আপুনি চুলি সৰা সমস্যাৰ পৰা মুক্তি পাব৷ গ্যেৰাণ্টি৷
প্ৰত্যেকদিনে পুৱা এক চামুচ ত্ৰিফলাৰ গুৰি আৰু এগিলাচ গৰম পানী মিহলাই খালে এমাহৰ ভিতৰত আপোনাৰ ওজন হ্ৰাস পাব৷ ত্ৰিফলাত মিহলোৱা পানীৰ সৈতে মৌ মিহলাই খালে ঔষধৰ দৰে কাম কৰে৷
উল্লেখ্য যে শিলিখা, আমলখি আৰু ভোমোৰা এই তিনিফলৰ মিশ্ৰণ হৈছে ত্ৰিফলা৷ ত্ৰিফলাত আছে অনেক ঔষধি গুণ৷ আয়ুৰ্বেদিক চিকিৎসাত ত্ৰিফলাৰ অনেক গুৰুত্ব আছে৷ শৰীৰক ৰোগমুক্ত কৰি ৰাখিবলৈ ত্ৰিফলাৰ কোনো বিকল্প নাই৷ ত্ৰিফলাৰ আন কেতবোৰ ঔষধি গুণ হ’ল–
◾শৰীৰৰ অতিৰিক্ত মেদ কমায় ত্ৰিফলাই৷
◾দৃষ্টি শক্তি উন্নত কৰে ত্ৰিফলাই৷
◾দেহত বেড কলেষ্ট’ৰেলৰ মাত্ৰা হ্ৰাস কৰে ত্ৰিফলাই৷
◾ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখে ত্ৰিফলাই৷
◾ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াই ত্ৰিফলাই৷
◾উদ্বিগ্নতা হ্ৰাস কৰে ত্ৰিফলাই৷
◾অনিদ্ৰা দূৰ কৰে ত্ৰিফলাই৷