বেচৰকাৰী হাস্পতালত প্ৰতিষেধকৰ মূল্য হ’ব ২৫০ টকা
কাইলৈৰ পৰা দেশত টিকাকৰণৰ দ্বিতীয় পৰ্যায়ৰ অভিযান
আমাৰ অসম, ২৮ ফেব্ৰুৱাৰীঃ অহা ৰ মাৰ্চৰ পৰা ৬০ বছৰৰ উধবৰ্ আৰু ক’-মৰ্বিডিটী থকা ৪৫ বছৰৰ উধবৰ্ৰ ভাৰতীয় নাগৰিকৰ বাবে টিকাকৰণ অভিযান আৰম্ভ হ’ব৷ এতিয়াৰ পৰা দেশৰ নাগৰিকে চৰকাৰী হাস্পতালৰ উপৰি বেচৰকাৰী হাস্পতালতো ক’ভিডৰ প্ৰতিষেধক ল’ব পাৰিব৷ অৰ্থাৎ দেশৰ টিকাকৰণ অভিযানৰ দ্বিতীয় পৰ্যায় সকলোৰে বাবে বিনামূলীয়া নহ’ব৷ সেই কথা কেন্দ্ৰীয় চৰকাৰে মুকলিকৈ এতিয়াও প্ৰকাশ কৰা নাই৷ পিছে শুকুৰবাৰেই কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে জনাইছে যে, বেচৰকাৰী হাস্পতালত ক’ভিডৰ প্ৰতি পালি প্ৰতিষেধকৰ মূল্য হ’ব ২৫০ টকা৷ অৰ্থাৎ বিনামূলীয়াকৈ প্ৰতিষেধক যিসকল নাগৰিকে নাপাব তেওঁলোকে বেচৰকাৰী হাস্পতালত ২৫০ টকাকৈ খৰচ কৰি ক’ভিডৰ প্ৰতিষেধক ল’ব লাগিব৷ কোনে বিনামূলীয়াকৈ পাব আৰু কোনে মূল্যৰ বিনিময়ত প্ৰতিষেধক গ্ৰহণ কৰিব লাগিব সেয়া আজি পৰ্যন্ত কেন্দ্ৰীয় চৰকাৰে স্পষ্ট কৰি দিয়া নাই৷ মূলতঃ দেশৰ পাঁচখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিততে ভোটাৰৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ আশংকা আৰু বিৰোধী দলে বিনামূলীয়া প্ৰতিষেধক চৰকাৰে প্ৰদান নকৰাৰ বিষয়তো নিৰ্বাচনী ইছ্যু হিচাপে ব্যৱহাৰ কৰাৰ আশংকাতে চৰকাৰে এতিয়াও মুকলিকৈ প্ৰতিষেধকৰ বিষয়টো জনোৱা নাই৷ কেন্দ্ৰীয় চৰকাৰে জনোৱা অনুসৰি ‘ক’উইন’ পৰ্টেল আৰু আৰোগ্য সেতু এপৰ জৰিয়তে দেশৰ নাগৰিকে প্ৰতিষেধক লোৱাৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব৷ নাম পঞ্জীয়নৰ পাছতে প্ৰত্যেকজন পঞ্জীয়নভুক্ত ব্যক্তিয়ে জানিব পাৰিব তেওঁৰ প্ৰতিষেধক বিনামূলীয়া হ’ব নে নহয়৷ উল্লেখ্য যোৱা ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা প্ৰতিষেধক প্ৰদানৰ প্ৰথমটো অভিযান কাইলৈ অৰ্থাৎ ২৮ ফেব্ৰুৱাৰীত শেষ হ’ব৷ এই অভিযানত দেশত মুঠতে ১.১৫ কোটি স্বাস্থ্যকৰ্মী আৰু প্ৰথম শ্ৰেণীৰ ক’ভিড যোদ্ধাক প্ৰতিষেধক প্ৰদান কৰা হ’ল৷