ফাগুনত নাখাব এই খাদ্য
আমাৰ অসম বিশেষঃ বছৰৰ প্ৰতিটো মাহত কোনো নহয় কোনো এবিধ খাদ্য গ্ৰহণ কৰিব নালাগে বুলি বিশ্বাস আছে৷ আচলতে ৰহস্যবাদীসকলে বিভিন্ন কাৰণৰ বাবে ভিন ভিন সময়ত ভিন ভিন খাদ্য নিষিদ্ধ কৰা বুলি কোৱা হয়৷ মাঘ মাহত মিচিৰি খোৱা নিষিদ্ধ৷ কিন্তু মাঘী পূৰ্ণিমাৰ লগে লগে শেষ হয় মাঘ মাহ৷ ইয়াৰ পাছতেই আৰম্ভ হোৱা ফাগুন মাহত বুট খোৱা নিষিদ্ধ বুলি কোৱা হয়৷ ধাৰণা আছে বুট খোৱাৰ ফলত ফাগুন মাহত যিকোনো লোক অসুস্থ হৈ পৰিব পাৰে৷ ফাগুন মাহটো পৰিচ্ছন্নতাৰ বাবে পৰিচিত৷ এই সময়ত গছবোৰত নতুনকৈ ফুল ফুলিবলৈ আৰম্ভ কৰে৷ আয়ুৰ্বেদত কেঁচা উপাদানৰ ব্যৱহাৰ বেছিভাগ ক্ষেত্ৰতে নিষিদ্ধ৷ ঘাইকৈ ফাগুন মাহত কেঁচা বুট খোৱাটো নিষিদ্ধ কৰা হৈছে আয়ুৰ্বেদ শাস্ত্ৰত৷ এই সময়ত বতৰৰ পৰিৱৰ্তনৰ বাবেও কেঁচা বুট খাব নালাগে বুলি কোৱা হৈছে৷ অন্ততঃ ফাগুন মাহৰ ফাঁকুৱাৰ পূৰ্ণিমা পৰ্যন্ত কেঁচা বুট খালে যিকোনো ব্যক্তি অসুস্থতাৰ চিকাৰ হ’ব পাৰে বুলি কোৱা হয়৷ ফাঁকুৱাৰ পূৰ্ণিমাৰ দিনা যজ্ঞৰ পৱিত্ৰ অগ্নিত বুট আৰু গম ভজা আৰম্ভ হয়৷ ইয়াৰ পাছৰ পৰাহে বুট খাব লাগে বুলি আয়ুৰ্বেদ শাস্ত্ৰত নিদান আছে৷