Logo
image

বংগত পুনৰ মমতাৰ চৰকাৰ

‘এ বি পি নিউজ-চি ভোটাৰ’ প্ৰাক্‌ নিৰ্বাচনী সমীক্ষাঃ কেৰালাত এল ডি এফ, তামিলনাডুত কংগ্ৰেছ-ডি এম কেৰ চৰকাৰৰ সম্ভৱনা

আমাৰ অসম, ১ মাৰ্চঃ নিৰ্বাচন আয়োগে অসম, পশ্চিম বংগ, কেৰালা, তামিলনাডু আৰু পুডুচেৰীৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছতে এতিয়া প্ৰাক্‌ নিৰ্বাচনী সমীক্ষাসমূহ প্ৰকাশ পাইছে৷ শনিবাৰে প্ৰকাশিত  ‘এ বি পি নিউজ-চি ভোটাৰ’ প্ৰাক্‌ নিৰ্বাচনী সমীক্ষা অনুসৰি পশ্চিম বংগত তৃতীয়বাৰলৈ চৰকাৰ গঠনৰ পূৰ্ণ সম্ভাৱনা আছে মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছৰ৷ আনহাতে, কেৰালাত শাসনাধিষ্ঠিত কমিউনিষ্ট পাৰ্টিয়ে পুনৰ চৰকাৰ গঠন কৰিব পাৰে৷ অসমত বিজেপিয়ে দ্বিতীয়বাৰলৈ চৰকাৰ গঠন কৰাৰ বিপৰীতে তামিলনাডুত বিৰোধী ডি এম কে আৰু কংগ্ৰেছৰ মিত্ৰজোঁটে চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে৷ পুডুচেৰীত বিৰোধী বিজেপি নেতৃত্বাধীন ‘এন ডি এ’ই চৰকাৰ গঠন কৰিব পাৰে৷ উল্লেখ্য, এ বি পি নিউজ-চি ভোটৰৰ নিৰ্বাচনী সমীক্ষা প্ৰায়ে মিলি যায়৷ সমীক্ষা মতে, পশ্চিম বংগত শাসনাধিষ্ঠিত তৃণমূল কংগ্ৰেছে পুনৰ চৰকাৰ গঠনৰ পূৰ্ণ সম্ভাৱনা আছে৷ ফলত একেৰাহে তৃতীয়বাৰলৈ মুখ্যমন্ত্ৰী হ’ব মমতা৷ ২৯৪খন আসনৰ বাবে অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত মমতাৰ দলে ১৪৮-১৬৪খন আসন লাভ কৰাৰ সম্ভাৱনা আছে৷ বংগত অধিক শক্তিশালী ৰূপ ধাৰণ কৰা বিজেপিয়ে ৯২-১০৮খন আসন লাভ কৰিব পাৰে৷ অৰ্থাৎ মমতাক গাদীচ্যুত কৰিবলৈ বিজেপিক আৰু পাঁচ বছৰ সময় লাগিব! বংগত ২৭ মাৰ্চৰ পৰা ৯ এপ্ৰিললৈকে আঠটা পৰ্যায়ত ভোটগ্ৰহণ হ’ব৷ ইপিনে, দক্ষিণৰ ৰাজ্য কেৰালাত ৬ এপ্ৰিলত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত বৰ্তমানৰ শাসনাধিষ্ঠিত কমিউনিষ্ট পাৰ্টিয়ে পুনৰ জয়লাভ কৰাৰ সম্ভাৱনা উজ্বল৷ অৱশ্যে চি পি আই [এম] নেতৃত্বাধীন ‘লেফ্‌ট ডেম’ক্ৰেটিক ফ্ৰণ্ট’ আৰু কংগ্ৰেছ নেতৃত্বাধীন ‘ইউ ডি এফ’ৰ মাজত কঠিন প্ৰতিদ্বন্দ্বিতা হ’ব৷ যদি এল ডি এফ জয়ী হয় তেন্তে বামপন্থী  দলসমূহৰ বাবে এয়া হ’ব ভাল খবৰ৷ যদিহে পৰাস্ত হয়, তেন্তে দেশৰ কোনো এখন ৰাজ্যতে বামপন্থী দলৰ শাসন নাথকিব৷ আনহাতে, তামিলনাডুত শাসনাধিষ্ঠিত এ আই এ ডি এম কে আৰু বিজেপিৰ মিত্ৰজোঁট পুনৰ গাদীলৈ ঘূৰি অহাৰ আশা নাই৷ ২০১৬ চনত জয়াললিতাৰ নেতৃত্বত এ আই এ ডি এম কেই একেৰাহে দ্বিতীয়বাৰলৈ জয়ী হৈছিল৷ কিন্তু জয়াললিতাৰ মৃত্যুৰ পাছত এতিয়া এ আই এ ডি এম কেৰ প্ৰতি জনতাৰ আকৰ্ষণ হ্ৰাস পাইছে৷ সেয়ে বিৰোধী ডি এম কে আৰু কংগ্ৰেছৰ মিত্ৰজোঁটে এইবাৰ জয়ী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ পুডুচেৰীত এইবাৰ বিজেপি নেতৃত্বাধীন এন ডি এই চৰকাৰ গঠন কৰিব বুলি সমীক্ষাত কোৱা হৈছে৷ কংগ্ৰেছ-ডি এম কে মিত্ৰজোঁট এইবাৰ পৰাস্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷