Logo
image

উত্তৰ প্ৰদেশৰ ২৫খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ওৱেইছিৰ দলে

‘আমাৰ অসম’ৰ বিশেষ সেৱা, নতুন দিল্লী, ১ মাৰ্চঃ লোকসভা নিৰ্বাচনত উত্তৰ প্ৰদেশৰ ২৫খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আছাদুদ্দিন ওৱেইছিৰ এআইএমআইএম দলে৷ ওৱেইছিৰ দলৰ এই ঘোষণাই উত্তৰ প্ৰদেশৰ অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছৰ বাবে বিপদ অনাটো নিশ্চিত৷ কাৰণ ওৱেইছিয়ে মুছলমান বহুল ২৫খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিলে সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছৰ মিত্ৰজোঁটৰ ভোট কটাটো নিশ্চিত৷ লোকসভা নিৰ্বাচনৰ আগে আগে জয়ন্ত চৌধুৰীয়ে ‘ইণ্ডিয়া’ মিত্ৰজোঁট এৰি বিজেপিৰ এনডিএত যোগ দিয়ে৷ লগতে অখিলেশ যাদৱৰ পৰা আঁতৰি যায় স্বামী প্ৰসাদ মৌৰ্য আৰু ছেলিম শ্বেৰবানী আৰু মনোজ পাণ্ডেৰ দৰে আগশাৰীৰ নেতা৷ তাৰ পাছত ৰাজ্যসভা নিৰ্বাচনতো সাতজন বিধায়কে ক্ৰছ ভোটিং কৰে৷ গতিকে ইটোৰ পাছত সিটো বিপদৰ সন্মুখীন হোৱাৰ মাজতে এতিয়া ওৱেইছিয়েও ২৫টা মুছলমান বহুল সমষ্টিত প্ৰাৰ্থী দিয়াৰ বাবে আগবঢ়াৰ লগে লগে চিন্তিত হৈ পৰিছে অখিলেশ যাদৱ৷