Logo
image

তেলীক আঁতৰাই সৰ্বানন্দক গতাই দিয়া হ’ল ডিব্ৰুগড়

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ আৰু ডিব্ৰুগড়ৰ প্ৰতিবেদক, ১মাৰ্চঃ ৰামেশ্বৰ তেলীক আঁতৰাই কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক এৰি দিয়া হ’ল ডিব্ৰুগড় লোকসভা সমষ্টি৷ যিকোনো প্ৰকাৰে সমষ্টিটো নিজৰ দখলত ৰখাৰ বাবে ডিব্ৰুগড়ত প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিব বিচৰা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালক৷ ইয়াৰ বিপৰীতে ৰামেশ্বৰ তেলীক হয়তো পঠিওৱা হ’ব ৰাজ্যসভালৈ৷ অৱশ্যে ৰামেশ্বৰ তেলীয়ে এইমুহূৰ্ততো টিকট পাব বুলি আশাবাদী৷ উল্লেখ্য, কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠকত অংশগ্ৰহণ কৰি ডিব্ৰুগড়ত উপস্থিত হোৱা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে ডিব্ৰুগড়ত তেওঁক প্ৰাৰ্থিত্ব দিয়াৰ ইংগিত দিয়ে৷ দেশৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰিবলৈ নতুন দিল্লীত অনুষ্ঠিত হৈ আছে বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক৷ কিন্তু এতিয়াও কোনো এখন ৰাজ্যৰ প্ৰাৰ্থিত্বৰ তালিকা চূড়ান্ত হোৱা নাই বুলি জনায় কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে৷ মোহনবাৰী বিমানবন্দৰত উপস্থিত হোৱা সোণোৱালে এই সন্দৰ্ভত কয়– প্ৰাৰ্থী তালিকাক লৈ আলোচনা এতিয়াও চলি আছে৷ পৰ্যায়ক্ৰমে ৰাজ্যসমূহৰ প্ৰাৰ্থিত্ব বাছনি প্ৰক্ৰিয়া চলি আছে৷ সম্পূৰ্ণ হোৱাৰ লগে লগে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব৷ দলৰ প্ৰট’কল অনুসৰি ৰাষ্ট্ৰীয় সভাপতিয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰিব প্ৰাৰ্থিত্বৰ তালিকা৷ ইফালে, ডিব্ৰুগড় সংসদীয় সমষ্টিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নাম চৰ্চা চলি থকাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নত কয়– হয়, ডিব্ৰুগড় সমষ্টিৰ বাবে মোৰ নামটো চৰ্চা চলিছে৷ বিশেষকৈ সংবাদ মাধ্যমত বেছিকৈ চৰ্চা চলিছে৷ লোকসভা নিৰ্বাচন সন্দৰ্ভতো তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে৷ এই প্ৰসংগত সোণোৱালে কয়– ৰাইজক আস্থাত লৈ কাম কৰা হৈছে৷ নিৰ্বাচনত ৰাইজে মূল ভূমিকা পালন কৰে৷ প্ৰাৰ্থীসকল নিমিত্ত মাথোঁ৷ ৰাইজৰ সহযোগতহে শৃংখলাবদ্ধভাৱে নিৰ্বাচন আয়োগে নিৰ্বাচন সুকলমে সম্পন্ন কৰে৷ উল্লেখ্য,  বিশেষ কাৰ্যসূচী লৈ ডিব্ৰুগড়ত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কাইলৈ পুৱাই যোৰহাটত উপস্থিত হ’ব৷ যোৰহাটৰ পৰা পোনে পোনে নতুন দিল্লীলৈ উভতিব সোণোৱালে৷ সোণোৱালক ডিব্ৰুগড়ৰ প্ৰাৰ্থী হ’লে সমষ্টিটোৰ নিৰ্বাচনী যুঁজ যে আকৰ্ষণীয় হৈ পৰিব৷ কিয়নো ডিব্ৰুগড়ৰ ১৬ দলীয় বিৰোধী ঐক্যমঞ্চই প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰাৰ চিন্তা-চৰ্চা কৰিছে লুৰীণজ্যোতি গগৈক৷ যদি এয়েই হয় ডিব্ৰুগড় লোকসভা সমষ্টিৰ এইবাৰৰ নিৰ্বাচনী যুঁজ হ’ব আছুৰ একালৰ সভাপতি আৰু একালৰ সাধাৰণ সম্পাদকৰ মাজত৷ তাকে লৈ সমষ্টিটোত ইতিমধ্যে গুণাগঁথা আৰম্ভ হৈছে৷ কোনো কোনোৱে ডিব্ৰুগড়ৰ সৰ্বানন্দ-লুৰীণৰ আসন্ন যুঁজক ‘হৰি হৰৰ যুদ্ধ’ বুলিও মন্তব্য কৰিছে৷