Logo
image

১০০ টকাত টাটাৰ কেঞ্চাৰ নিৰাময়ৰ ঔষধ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২ মাৰ্চঃ শীঘ্ৰেই মাত্ৰ এশ টকাতে উপলব্ধ হ’ব কেন্সাৰ নিৰাময়ৰ ঔষধ৷ সুদীৰ্ঘ দহ বছৰ ধৰি চলোৱা গৱেষণাৰ অন্তত ৰতন টাটাৰ নেতৃত্বাধীন মুম্বাইৰ টাটা মেম’ৰিয়েল হাস্পতাল আৰু গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীয়ে দিলে এই গুড নিউজ৷ অলপতে টাটা মেম’ৰিয়েল হাস্পতালৰ বিশেষজ্ঞ চিকিৎসক ডাঃ ৰাজেন্দ্ৰ ৱাদভে এই গৱেষণাৰ সবিশেষ সদৰি কৰি কয়– ‘যোৱা দহ বছৰ ধৰি চলোৱা গৱেষণাৰ অন্তত দ্বিতীয়বাৰ কেন্সাৰৰ সম্ভাৱনাৰ পৰা মুক্তি দিয়াৰ এক ঔষধ (টেবলেট) প্ৰস্তুত কৰাত টাটা মেম’ৰিয়েল প্ৰতিষ্ঠান সফল হৈছে৷ বজাৰত মাত্ৰ এশ টকাতে উপলব্ধ হ’বলগীয়া এই টেবলেটে বিকিৰণ আৰু কেম’থেৰাপিৰ পাশ্বৰ্ক্ৰিয়া ৫০ শতাংশ কমাই দিব৷ ৰোগীয়ে এই ঔষধ সেৱন কৰিলে পাকস্থলীত অক্সিজেন ৰেডিকেল সৃষ্টি কৰিব৷ ৰেছভেৰাট্ৰল আৰু কপাৰ প্ৰো-অক্সিডেণ্ট নামৰ এই টেবলেটৰ যৌগ দ্ৰুত শোষিত হৈ ৰক্ত সঞ্চালনৰ পথত প্ৰৱেশ কৰিব৷ শৰীৰৰ এটা স্থানৰ পৰা এটা স্থানলৈ কেন্সাৰ কোষৰ চলাচলত এই ঔষধে বাধা দিব৷ এই টেবলেটে কেম’থেৰাপি বা ৰেডিয়েশ্বনৰ পাশ্বৰ্ক্ৰিয়া ৫০ শতাংশ হ্ৰাস কৰিব৷ দ্বিতীয়বাৰ কেন্সাৰ প্ৰতিৰোধৰ বাবে এই টেবলেট কাৰ্যকৰী হ’ব৷ বিশেষকৈ এই টেবলেট অগ্নাশয়, মুখৰ কেন্সাৰৰ ক্ষেত্ৰত বিশেষ ফলপ্ৰসু হ’ব৷ ফুড ছেফটি এণ্ড ষ্টেণ্ডাৰ্ডছ অথৰিটি অব ইণ্ডিয়া চমুকৈ এফ এস এস আই এইৰ অনুমোদৰ অপেক্ষাত আছে এই ঔষধ৷ অনুমোদন পালেই চলিত বৰ্ষৰ জুন-জুলাই মাহতে বজাৰত এই ঔষধ উপলব্ধ হ’ব৷ এই ঔষধৰ পাশ্বৰ্ক্ৰিয়া কম কৰিবৰ বাবে মানৱশৰীৰত বিভিন্ন পৰীক্ষা কৰা হৈছে৷ অৱশ্যে কেন্সাৰ আক্ৰান্ত লোকৰ ক্ষেত্ৰত এই ঔষধে কেনেদৰে কাম কৰিব সেয়া প্ৰমাণ কৰিবলৈ প্ৰতিষ্ঠানটোৰ গৱেষক আৰু পাঁচ বছৰ লাগিব৷’ ডাঃ ৰাজেন্দ্ৰ ৱাদভে সদৰি কৰা অনুসৰি কেন্সাৰ ৰোগীৰ মৃত কেন্সাৰ কেমো ‘চেলফ্ৰি ক্ৰমাটিন পাৰ্টিকল’ এৰি দিয়ে৷ ইয়াৰ ফলত সুস্থ কোষো পুনৰ কেন্সাৰ কোষলৈ সলনি হ’ব পাৰে৷ নতুন ঔষধবিধে ৰোগীৰ এনে সম্ভাৱনাও হ্ৰাস কৰিব৷